নিস্তব্ধতাই সিঁচি দিছিল
এক আৱেগিক অনুভূতি
নৈৰ যুঁৱলিত মৌনতাৰ নিস্তব্ধতাত
সোঁৱৰণিৰ জখলাৰে নামি দেখিলো
অন্তৰৰ আঁহে আঁহে নিগৰি বৈ অহা
অন্তৰৰ আঁহে আঁহে নিগৰি বৈ অহা
স্মৃতিবোৰৰ আন্দোলিত ঢৌ
ৰঙৰ তুলিকাৰে সঁজা
ক্ষণস্থায়ী এই আৱেগৰ সুৰ
ভাহি উঠিছিল বতাহৰ স্নিগ্ধ সুবাসত
অন্তৰৰ আঁহে আঁহে
সৃষ্টি কৰিছিল খলিমেলি
উত্তাল তৰংগৰ ঢৌ
বাৰে বাৰে উকি মাৰি
নিৰৱতাৰ গানবোৰ
তেজত বিয়পি পৰিছিল
সুৰৰ ঝংকাৰ হৈ