যাত্ৰাৰ অন্তিম বিন্দু

উৰণীয়া ডাৱৰৰ দৰে
এনি তেনি বগাই ফুৰিছে
সৃষ্টিশীল  মোৰ মন

যাত্ৰাৰ জ্যামিতিক বিন্দুত
জীৱনৰ সূচনা কৰি
পালো মই এটা দিশ

আকাশৰ বিজুলীৰ ৰেখা চাই
পাতনি মেলিলো বুৰঞ্জীৰ

অনুৰ্ব্বৰা জীৱনত
হঠাতে জিলিকি উঠিল
জীয়াই থকাৰ আৰু জীয়াই ৰখাৰ
নিখুঁত অভিনয়

কল্পনাৰ অগ্ৰদূত
সময়ৰ বিবৰ্ণ বতাহ

শুনিলো মাথোন
দুৰন্ত কামনাৰ
জোঁট লগা বাঁহীৰ তান

যদিও নিজান
তাত জিলিকে ছঁয়াময়া
সৌন্দৰ্য্যৰ মাধুৰী

হেঁপাহেৰে মেলি দিলো নাওখনি
বতাহত কাণ পাতি

কোনে বাধা দিব
যাওক উটি যেনি তেনি সোঁতৰ লগত
যাত্ৰাৰ অন্তিম বিন্দু বিচাৰি