আশা

এৰি থৈ গুচি যোৱা
ধাননিত গজিল
কাঁইটীয়া বন

যুগ যুগ ধৰি
এইদৰে শেষ হ’ল
ক’ত সেউজীয়া ধাননি

বালিৰ বতাহে জানো পাহাৰ গঢ়ে
তেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰে

সপোনত সাৰ পাই
হিল-দ’ল ভাঙি
চকুত চমকি উঠিছে
আন্ধাৰৰ হাহাকাৰ

শীতৰ শেষত পূব প্ৰান্তত
নীলিম আকাশৰ
চাঞ্চল্যৰ মৃদু স্পন্দন

জীৱন-সৃষ্টিৰ নতুন উল্লাস
তাৰ মাজে মাজে
ইপিনে সিপিনে
জলে ৰূপালী জ্যোতিৰ শিখা

নৈ জান, জুৰিত
জিল জিল কৰে
বাস্তৱৰ প্ৰতিকৃতি

মাটিৰ মানুহ
অন্তৰৰ আঁহে আঁহে
নতুন সৃষ্টিৰ ভাব

তপত নিশ্বাসত
নতুন জগত গঢ়াৰ উল্লাস
তল পৰি যায়
বাস্তৱৰ মৰীচিকাময় আন্ধাৰ

এই ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি
চাই থাকোঁ  আশা লৈ