সুখ আৰু হেঁপাহৰ সীমা

এইমাত্ৰ শেষ হৈ গ’ল
শেষজাক বৰষুণ

হাঁহি হাঁহি চিটিকি পৰিল
সেউজীয়া বননিত
এচেৰেঙা ৰ’দৰ
টলমল উজ্জ্বলতা

বিস্তীৰ্ণ সন্মুখ জুৰি ভৰি গ’ল
অশান্ত প্ৰাণৰ চঞ্চলতা

জুৰিটিৰ জিৰজিৰণিত
ওৰণি ঠেলি উভতি আহিল
অৰুণৰ মিচিকি হাঁহি

মুদ খোৱা চকুযোৰৰ
জড়তা থেলি
মোৰ হৃদয়  আৱেগত কঁপে

সেউজীয়া পৃথিৱীৰ  কোমল কোলাত
উঠলিছে এটি অপূৰ্ব আৱেগ

এই সীমাহীন তৰঙ্গ ৰাশিত
প্ৰাণে বিচাৰি নেপায়
সুখ আৰু হেঁপাহৰ সীমা