হেৰাই যোৱা বহুতো আশা

কেতিয়াবা থমকি ৰৈছানে
জীৱন পথতত নিৰাশাৰ আন্ধাৰত
স্মৃতিৰ আন্ধাৰত হেৰাই যোৱা অতীতৰ
গহ্বৰবোৰ এবাৰ খান্দি চোৱা
কিমান প্রতিশ্রুতি আৰু কত পৰিকল্পনা
পোত গ’ল প্রতিযোগিতাৰ তীব্র গতিত
আশাৰ ৰেঙনী হৈ জী উঠিব
হেৰাই যোৱা বহুতো আশা
তাতেই বিছাৰি পাবা
জীয়াই থকাৰ বহুতো উদ্দেশ্য
দিব এটি নতুন দিশৰ সন্ধান

হিয়াত ৰঙৰ উছৱ

বতাহত পাহি মেলি নাচিছে 
এটি সপোনৰ মায়া
হৃদয়ত এটি কবিতাৰ 
বাধাহীন উৰ্ম্মিমালা 
লক্ষ ঢৌ মন সাগৰত
হিয়াত ৰঙৰ উছৱ
কোমল সুবাস 
অন্তৰ উপচি পৰে গানৰ ভাষাৰে
মুগ্ধ কবিয়ে ছন্দৰ তুলিকাৰে চটিয়াই 
জীৱনৰ সোনোৱালী ৰং
হৃদয়ত খেলি যায়
এটি  বিজুলী  চিকমিকনি

স্মৃতিৰ জুৰিটিৰ নিৰৱতা ভাঙে

স্মৃতিৰ অজ্ঞাতে উৰি  আহে
সন্ধিয়া নিঃসাৰে
অনুভৱৰ গুণগুণনি
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
উপঙি  ভাঁহি হি থিতাপি লৈ
বগাই ফুৰে
সমগ্র শৰীৰত
মোৰ আবেগৰ উমান পাই
নিঃশব্দে ঢৌ খেলাই
স্মৃতিৰ জুৰিটিৰ নিৰৱতা ভাঙে
অনুভৱবোৰ কোবাল ঢৌৰ
সিঁচৰিত ক্ষণবোৰত
নামি আহে এটি
সান্নিধ্যৰ হেঁপাহ
এটি সৰল হাঁহিৰ উপস্থিতিত
নাটকীয় মুহূৰ্তত
অনুভূতিৰ প্ৰিয়  ৰঙত
বাজি উঠে বাঁহীৰ সুৰ
নিমিষতে উজ্জ্বল হয়
শক্তিৰ ৰঙীন বসন্ত
এক জাগ্রত শক্তি
ভৰি পৰে বুকুত
এটি মুক্ত নিজান সুৰ
অজান সানিধ্য
স্ফীত হৃদয়
মোৰ নিঃসংগতা
বতাহৰ ডেউকা কোবাই
উৰি যায় অজান  দিশ

সৰি পৰা পাতৰ নিৰৱ বিষাদ

পাতবোৰৰ সেউজীয়া বৰণ
নিঃশব্দে হালধীয়া হৈ
সৰি পৰিছে এটি দুটিকৈ
সৰি পৰা পাতৰ নিৰৱ বিষাদ
সকলোৰে দৃষ্টিৰ অগোচৰ
পাতবোৰৰ বিষাদত
আৱদ্ধ হৈ ৰলো  
মনত ঢৌ খেলে
এক সন্মোহনি মায়াৰ
ৰিঙা ৰিঙা ভাব এটিয়ে
মনত খেলিমেলি কৰে
মোৰ দৃষ্টিত বিষাদ সৰা পাতৰ
ফাগুনৰ বতাহত উৰা মাৰে
পখিলীৰ দৰে সৰি পৰা পাতবোৰ
নিঠৰ মনতো উলাহত নাচি উঠে
চিনাকি এক অপূৰ্ব মায়াই
মোক আবৰি ধৰে
মনৰ খেলি মেলি ভাৱবোৰ
আতৰি ভৰি পৰে মন
নুবুজা ভাষাৰ সুৰত

সন্ধ্যা যেতিয়া নামে

সন্ধ্যা যেতিয়া নামে
জোনাকৰ মৃদু সুবাসত
অতীতলৈ মনত পৰে
তুমিটো নাজানা
মোৰ অকথিত বহু ভাৱৰ কথা
বতাহত ভাহি অহা
মাটিৰ সুবাসত
মন উৰি গুছি যায়
পথাৰৰ সজীৱ স্পন্দন বিছাৰি
পূৱতী নিশাৰ শেৱালীৰ সুৰভি
বতাহত আহি মোক আমনি কৰে
তেতিয়া বৰকৈ
তোমালৈ মনত পৰে
তোমাক আকোৱালি লবলৈ
মনে বিছাৰে
তোমাৰ মৰমৰ পৰশ
এতিয়াওঁ হৃদয়ত নাচে
 নজনাকৈয়ে আজিও 
অন্তৰাত্মাত বিয়পি পৰে
সন্ধ্যা যেতিয়া নামে
তোমালৈ বৰকৈ মনত পৰে

জীৱন বাটৰ চক্রবেহু


তুমি ,মই আৰু সিহঁতবোৰ মিলিয়েইটো সমাজ
তুমি বিচৰাটো মোক লাগে
মই বিচৰাটো তোমাক লাগে
নিজেই সৃষ্টি কৰা চক্রবেহুৰ মেৰপাকত নিজেই বন্দি
জীয়াই থকাৰ উদ্দেশ্য কি
প্রতিপদে সৃষ্টি কৰু মায়াজাল
ইজনে সিজনৰ বাবে সৃষ্টি কৰো ৰহস্য
নিজেই সৃষ্টি কৰা ৰহস্যৰ পমখেদি আহুকালত পৰো বাটে পথে
কেতিয়াবা শেষ হবনে এই বিদ্দেষ ভাৱ

জীৱন্ত প্ৰাণৰ প্ৰতিধ্বনি আকাশত


প্ৰাণৰ হিল্লোলঅপূৰ্ব জেউতি
সপোন শব্দৰ জাগ্ৰত বত্তৰ্মান
প্ৰতিধ্বনিত আকাশৰ জেউতি
পুৱতি তৰাৰ ৰূপৰ চমক
অন্তৰ উপচি পৰা জীৱন ছন্দ
বতাহত ভাহে
শেৱালিৰ কোমল সুবাস
এটি সুসম্পূৰ্ণ সমাহাৰ
স্বৰ্গ আৰু পৃথিৱীৰ
এটি প্ৰীতিৰ সুৰ
দুবৰিত  ফুটি উঠে
জীৱন্ত প্ৰাণৰ প্ৰতিধ্বনি আকাশত
বতাহত ভাহি যায় 

প্ৰাণৰ হিল্লোল এটি সপোণৰ ।।

তোমাৰ সানিধ্যৰ সন্ধানত

কল্লোলিত স্ফীত জীৱনে
সান্নিধ্যৰ এটি ৰঙীন সপোনৰ
উপস্থিতিৰ ৰঙীন হাঁহিত
প্ৰেমৰ  সুবাসৰ প্ৰিয়  ৰং
সপোনৰ গুণগুণনি বুকুত আৱৰি
তোমাৰ সানিধ্যৰ সন্ধানত
নিমিষতে ডেউকা কোবাই
শাখা-প্ৰশাখা মেলিলে মনে
সৰি পৰা নিঃসংগতা এৰি
যাদুকৰী বসন্তৰ বতাহত
নিজান বাঁহীৰ সুৰত
গোলাপৰ পাপৰি যেন
কল্লোলিত আত্মহাৰা বুকু লৈ
হেঁপাহৰ জীৱন্ত অনুভূতিৰ সন্ধানত
গতি কৰিছে সপোনৰ গুণগুণনিত
আৰম্ভনি এটি মৃদু সংগীতৰ

চিৰস্থায়ী অভিলাস প্ৰতিখন হৃদয়ৰ


চিৰস্থায়ী অভিলাস
প্ৰতিখন হৃদয়ৰ
বিস্তৃত এটি স্থিতি
প্ৰবাহমান এটি নৈশব্দ আবেদন
হৃদয়ত উৰি ফুৰে
উন্মুক্ত বাঁহীৰ সুৰত
অনুভৱ হয়
অবিৰত সুৰৰ ধ্বনি
বৈ আহে অন্তৰত বৈ থকা
এটা জুৰিৰ শব্দৰ প্ৰতিফলন
অনুৰনিত হয় পাহাৰে ভৈয়ামে
ইপ্সিত আশা এটি ভাস্কৰ্য্য নিৰ্মাণ
প্ৰাচীন শীতলতাৰ দূৱাৰ ভাঙি
মুক্ত কণ্ঠেৰে অবিৰত
গতিৰ এটি যাত্রা
উদ্দেশ্য হৃদয়ত উৰি ফুৰা
 বিস্তৃত এটি স্থিতি নিৰ্মান

হেঁপাহৰ ৰঙীন পাহাৰটি বুকুত সাৱটি

শব্দবোৰৰ ঘনিষ্ঠ উত্তাপত সৃষ্টিৰ তেজঃদীপ্ত জীৱনধাৰাৰ সুষমা
শব্দবোৰৰ স্বপ্নৰ উদ্যানত সময়ৰ নিজস্ব আবিস্কাৰ
অভিজ্ঞতা বুৰঞ্জীৰ আচোঁৰ
মোৰ দুখ, মোৰ আনন্দ, প্ৰেমৰ গুণগুণ আৰু অনুভৱ
এই শব্দবোৰৰ প্ৰগলভ প্ৰেম বুকুৰ ভিতৰে-বাহিৰে জ্বলে
সীমিত মোৰ সামৰ্থ্যত মোৰ কবিতাৰ বিপৰ্যস্ত অৰ্থ
ঢলি পৰে অন্তৰীক্ষৰ অন্ধকাৰত
কালপুৰুষৰ কৃতঘ্ন সুহুৰিৰ শব্দত
ঢলি পৰা সূৰ্যৰ দোমোজাৰ অজুহাত পাই
ত্ৰস্ত ৰাত্রিৰ যাদুকৰী সান্নিধ্যৰ উপস্থিতি নিৰ্জন ছায়াৰ
হাতত সাৰে ভৰিত সাৰে গুচি যায় মন
জোনাকৰ জালিকটা সুৰুঙাৰ কুঁৱলী আঁতৰাই
উদং বুকুৰ দুখৰ দূৱাৰ খুলি
হেঁপাহৰ ৰঙীন  পাহাৰটি বুকুত সাৱটি ।।

এটি ঘনিষ্ঠ উত্তাপৰ অনুপস্থিতত

বসন্তৰ গান পাহাৰতলিত
এটি চৰায়ে গান গাই
পাহাৰৰ শিখৰে শিখৰে
আকাশখনক কন্দুৱাইছিল
গছে বনে তাৰ লাহী ডেউকা
কোবাই কুঁৱলী আঁতৰায়
হতাশ প্ৰেমিক এবুকু দুখ
পাতবোৰৰ পৰা সৰি পৰিছিল
নিজান সুৰত
গছে গছে হেঁপাহৰ তেজঃদীপ্ত
এটি ঘনিষ্ঠ উত্তাপৰ অনুপস্থিতত
স্বপ্ন উদ্যানৰ জীৱনধাৰাৰ
বুকুত জ্বলে দুখ
অনুভৱে অনুভৱে
প্ৰেমৰ গুণগুণৰ অন্ধকাৰ
ভৰি পৰে
স্বপ্ন উদ্যানৰ জীৱনধাৰাৰ
বুকুৰ ভিতৰে-বাহিৰে

নতুনকৈ জী উঠাৰ আশাৰে 2

এটি নতুন উচ্চাসৰ প্রেৰণাৰে
আকৌ এবাৰ জীৱনক
নতুনকৈ চোৱাৰ হেপাঁহ এটিয়ে
মনটো ফৰকাল কৰি তুলিলে

আবদ্ধ হৈ থকা
কিবা এটা অজান আশংকা
মনৰ দিহিঙে-দিপাঙে ওপঙি ফুৰিছিল
সেমেকা ৰঙা গোলাপৰ পাঁহীত
নিয়ৰৰ টোপালবোৰৰ
নতুন সৌন্দৰ্য্যৰ উপলব্ধিয়ে
মনত সাহস দিলে


হেৰুৱা দিনবোৰৰ

হেঁচা মাৰি ধৰা দুখবোৰ
আৰু
বাঁহীৰ সুৰত ফুটি উঠা
পূৰণি ভাৱ এটাই মোক আৱৰি ধৰিলে

এটি শিহঁৰণ বুকুয়েদি পাৰ হৈ গ’ল
এক অশৰীৰি আত্মাই যেন
ওচৰে পাজৰে ঘূৰি ফূৰি
ধৈৰ্য্যৰ হিচাব নিকাচ কৰিছিল


আত্মাক স্মৰন কৰি
বুদ্ধি আৰু ইন্দ্ৰিয়ক নিয়ন্ত্ৰন কৰি
থিৰ হৈ ৰলো

এক অকৃতিম অনুভূতিৰ
স্বাদ এটি বৈ গ’ল হৃদয়ৰ মাজে মাজে

বৈ যায়

সফলতাৰ আনন্দত
অনুভবৰ এক নৈসৰ্গিক উপস্থিতি
দৃশ্যমান উজ্জ্বল জ্যোতিৰ
বিকশিত সুৰভি
সৃষ্টিৰ জ্ঞ্যান
শৰীৰৰ প্ৰতিটো বিন্দুত
উপলব্ধিৰ প্ৰেমময় অনুভূতিত
বৈ যায়
শৰীৰৰ প্ৰতিটো বিন্দুত
এক উত্তাল তৰংগৰ ঢৌ

মায়াত আৱদ্ধ

মায়াত আৱদ্ধ
নিজম ৰাতি
কণ্ঠস্বৰ কঁপিছিল আবেগত
এক নিঃশব্দ আবেদন
নুবুজা ভাষাৰ
নিথৰ মূহুৰ্ত

তেজৰ স্পন্দণত বৈছে 
বিষাদৰ নৈ
শুনিছো প্রতিধ্বনি
দীঘল উকিৰ
উদভ্রান্ত কল্পনাৰ
নুবুজা ভাষাৰ ঢৌ

ক্ষণ গনি থাকোতে
দিগন্তৰ আকাশত 
বিৰিঙি উঠিল 
ৰাঙলী আভা

বুকুত জ্বলে মোৰ অনুভৱ
সৰি পৰে স্বপ্নৰ পাপৰি
খণ্ড-খণ্ড কৰি তুলে
আবেগৰ তন্ময়

শুনো তেজৰ সোঁতত
বিপৰ্যস্ত জীৱনৰ
শোভাযাত্ৰাৰ ধ্বনি

অচিন ভাৱ

ওপঙি ফুৰিছে মন
দিহিঙে-দিপাঙে
দুখবোৰে হেঁচা মাৰি ধৰে
গুছি গল বসন্ত
হেৰুৱা দিনবোৰৰ সতে

অচিন ভাৱ এটাই 
মোক আবৰি ধৰে
মনত জগাই তুলে
অতীতৰ সোঁৱৰণী

থিৰ হৈ ৰওঁ
উক দিয়ে হৃদয়ত
নিঃশব্দে বিৱপি পৰে
নিশ্বাহৰ সতে

অনামী সুৰ

উন্মনা সূৰ এটি
ৰৈ ৰৈ বাজি থাকে
জোনাকী সন্ধিয়া


সুদুৰৰ সুৰটি
বুকুত বাজে
প্রেম সঙ্গীত হৈ

নীৰৱ আকোলতাৰ
অনামী সুৰ
নিৰিবিলি গধূলীৰ

অনুভৱ হয়
অন্তৰ পৰশি যোৱা,
অব্যক্ত এটি নিঃসংগতা 

বিশ্বাসৰ আকাশখনি

বুকুত সাৱতি লৈ ফুৰা
চঞ্চল চেতনাক শান্ত কৰি
বিসৰ্জন দিব খুজিছো
হেঁপাহ অপেক্ষ্যাৰ ক্ষণবোৰ

বুকুত ঢৌ খেলাই যোৱা
মাদকতাৰ শিহৰণ উপচি পৰিল

অৰ্থহীন আত্মাৰ বিননিবোৰে
জী উঠাৰ আশাত ঢপলিয়াই ফুৰিছিল

নচুৱাইছিল বিশ্বাসৰ আকাশখনি
জী উঠাৰ আশাৰে

পোৱাবেলাৰ অনুভৱ

অনুভৱ কৰো
শৰীৰৰ অংগে অংগে
এটি গীতৰ সুৰ

শেৱালীৰে আবৰা
পোৱাবেলাৰ অনুভৱে
গাত এটি শিহৰণ তুলে

বুকুত ঢৌ খেলাই
সপোনৰ ৰূপ লয়
জীয়াই থকাৰ আশা

সূৰ্য্যাস্ত


শূন্যতাৰ পৰা নিঃশব্দে সৰি পৰিল সূৰ্য্য
বিৰিঙি উঠিল ৰক্তিম আভা
উজ্জ্বলতাৰ সহস্র চকু
ফুটাব নোৱাৰা ভাব
বুৰ গল লুইতৰ বুকুত
নীল আকাশৰ আগ্নেয় কুসুম
সূৰুযক বুকুত লৈ জ্বলে লুইত
অৰ্থভৰা হাঁহি আৰু মনত প্রেম ভাৱ
সন্ধিয়াৰ ৰঙা বেলি এটি বিচ্ছেদ
হৰিছিল কবি প্রাণ
হাঁহিছিল জোনাকে নিৰবে
জোনাক, জোনাক, শীতল জোনাক
অন্তৰ উগুল থুগুল
মনত পৰে পুৰণি বিৰহৰ ব্যথা
গোপন মিলনৰ কথা
সোঁৱৰণী অতীতৰ
মধুৰ ৰূপালী জোনাক
উৰুঙা উৰুঙা লাগে মন ।।

ইতিহাস

সৃষ্টিৰ চেতনা  আদিম মানৱৰ
স্তৰে স্তৰে গঢ়ি উঠা সভ্যতা,
জাগৰণ আহে আদিম বন্যতাত
গঢ়ি উঠে সমাজ ।

সেউজীয়া সপোনৰ উত্তাল তৰঙ্গ
শ্ৰমজীৱী মানবৰ তেজ ৰঙা ইতিহাস
সেউজীয়া পথাৰত
সোনালী সোণগুটি লাগে ।

আৰ্ত্তনাদ আজি মানৱৰ
বৈ যায় শীতল পৰশ বতাহৰ
কৰুণ আৰ্ত্তনাদ পৃথিৱীৰ
বাজি উঠে সংগীত কৰুণ মৃত্যুৰ ।

নীলিম আকাশ আৰু দূৰ দিগন্ত
শূন্যৰ কোলাত উঠা নমা কৰে ।

পৃথিৱীৰ মানুহৰ বিকৃত বাস্তৱৰ
বিদ্ৰোহ, নিৰ্দ্দয়তা, আৰু তীব্ৰ ক্ষুধাত
ভৱিষ্যতৰ সমাজ উপঙি ফুৰে
অন্ধকাৰৰ ছায়াত

মই অপেক্ষা কৰিছিলো

যত্নতে সাঁছি ৰাখিছো
মোৰ সোঁৱৰণীত
এটি সপোনৰ প্ৰতিবিম্ব 

বিষাদৰ হিমচেচা শীতলতা
এটি মাথো আশ্ৰয় 
নিঃসংগ সময়ৰ

মই অপেক্ষা কৰিছিলো
ভাবলেশহীন আবেগত
ভাৱনাৰ মায়াজাল

এটি অনুভৱ

মোৰ মনত
উষ্ণ আৱেগৰ
সোণালী বিস্ময়
এটি উজ্জ্বল স্বপ্নৰ
সুন্দৰ ৰাতি
অনুভৱ হয়
বিপুল আনন্দ
সৌন্দৰ্য্যৰ সমাহাৰ হৃদয়ত






এই যে যান্ত্ৰিকতা

এই যে যান্ত্ৰিকতা
বৈ আহিছে সহস্ৰ ধাৰাত
শুনো হাহাকাৰ
সকলোৰে প্ৰানত
আজি যেন মূল্যহীন
আবেগৰ আবেদন
হৃদয়ে হৃদয়ে শুনো হাহাকাৰ
অনুভৱ কৰো প্ৰানত
অশান্ত হয় হৃদয়
অনুভৱ কৰো এটি দূৰ্বলতা
কুঁৱলীৰ আৰত লুকাল
হেঁপাহৰ নিঃশব্দ হুমুনিয়াহ
কলিয়া ডাৱৰে চানি ধৰা মন
এক অজান যাত্ৰা
কঁপি উঠিছে হৃদয়
অজান আশংকাত
ইয়েই সত্য আৰূ ইয়েই সঁচা

নিৰুপায় হৃদয়

হৃদয় অস্থিৰ
দুলি ফুৰে মন
উপলব্দ্ধি প্ৰাণময় সম্পৰ্কৰ
এটি স্পন্দন, এটি অনুভৱ
এটি আকৰ্ষণ প্ৰিয়জনৰ
অনামি মোহত
আলোকিত দীপ্তিৰ
উমাল উত্তাপত
ভৰি পৰে বুকু
ভৰি পৰে জোনাকৰ কোমলতা
ক্লান্তিৰ ছায়া আতৰি পলাই
বুকুয়েদি বৈ যায
ভাল লগা
ঠিকনা বিহীন মায়া
নিৰুপায় হৃদয় 

মায়াত আৱদ্ধ 2

স্মৃতিৰ কোঠাত অন্তহীন শূণ্যতা
কঁপিছিল কণ্ঠস্বৰ

মোৰ অনুভৱে অনুভৱে
অশ্রুভৰা তোমাৰ ছবি

সযতনে সাঁচি ৰখা
স্মৃতিৰ সমস্ত ভাৱনা
উপঙি আহে বতাহত

নুবুজা ভাষাৰ ঢৌবোৰত
জ্বলে মোৰ অনুভৱ

জীৱন মৃত্যুৰ সন্ধিক্ষণত
ক্ষণ গনি আছো

মায়াত আৱদ্ধ হৈ

অন্তিম প্ৰতিধ্বনি

মোৰ অনুভৱে অনুভৱে
বাজি উঠে প্ৰতিবাদ
মই উজাগৰে থাকো
অকলসৰীয়া এই নিজান ৰাতি
বতাহৰ শীতল পৰশত
কঁপি উঠিছে শৰীৰ
মোৰ দুখ, মোৰ আনন্দ
আৱৰি আছে মনৰ দূৰ্বলতাক 
অবিশ্বাসী মন
এটি যেন প্রেতাত্মা
চিঞঁৰি উঠিল প্রাণ
মোৰ বিবেকত জ্বলে
মোৰ অস্তিত্বৰ
অন্তিম প্ৰতিধ্বনি
চিঞঁৰি উঠিল প্রাণ
সঞ্চিত শেষ শক্তিৰে

আশাৰ উন্মুক্ত আবেদন

মোৰ হৃদয়ৰ কোণে কোণে
এটি গানে সুৰ লয়

এক অপূৰ্ব্ব সঙ্গীত
উপচি পৰে
আকাশে বতাহে

এটি উছৱৰ মধু আলোড়ন
উটি ভাহি যায় দূৰ দূৰণিলৈ

কল্লোলিত হৃদয়ত 
বাৰিষাৰ ঢল

এটি নতুন আশাৰ
উন্মুক্ত আবেদন
উবূৰি খাই পৰিছিল বুকুত

বসন্তৰ কোলাহল

হৃদয়ৰ গভীৰতাত
বসন্তৰ কোলাহল
বাজি উঠে প্রাণত
পবিত্র সংগীত

চঞ্চল মনৰ বিস্তৃত সপোন
স্পন্দিত বুকুৰ উদ্ভাসিত ৰূপ

বুকুত অযুত সপোন
জুইৰ শিখাৰ দৰে
মনৰ খেলি মেলি গতি 

স্মৃতিৰ জোনাকত
নিৰ্মল নদীৰ শুভ্র ঢৌ

সাগৰৰ ঢৌ দৰে
সক্রিয় কণ্ঠৰ সংলাপ

মোৰ নিৰৱতা

সন্ধিয়াৰ নিৱিৰ ক্ষণবোৰত
নিঃসাৰে বগাই ফুৰে
অনুভৱৰ গুণগুণনি

কল্পনাৰ ছবিবোৰ বৈ আহে
ঢৌৰ দৰে
আত্মাৰ ভ’ৰালৰ পৰা

স্মৃতিবোৰে আহি স্থান লয়
মনৰ মাজত নিশব্দে

হেৰাই গ’ল অনুভৱ

বিষাদৰ মাদকতা
মোৰ জীৱন সংগী

নিসংগতাৰ
স্বকীয় আৱেদন

স্মৃতিৰ চুকে কোণে
বিছাৰি নেপাওঁ ঠিকনা

বতাহৰ  সংগীতত
নিসংগতাৰ পৰিচয়

ঠিকনা
জগাই তোলে উপলব্ধি
সুখ সপোনৰ

বহূ কথা
ৰিনিকি ৰিনিকিওঁ
মনত নপৰে

সজল চকু
হেৰাই গ’ল অনুভৱ

সংগী
নিসংগ ৰাতিৰ ‎বেদনা

এটি অজান অনুভৱ

হেজাৰ সপোনৰ
এটি গুন গুননি
মনৰ মাজত

অনুভৱ কৰিব বিচাৰিছো
 প্ৰাণৰ গভীৰ ভালপোৱা

তৃষ্ণাতুৰ মনত জগাই তুলিছিল
প্ৰতিশ্ৰুতিৰ সতেজ অনুভৱ

জ্বলি উঠিছিল দুচকুত
আশাৰ জুই
বিয়পি পৰিছিল বুকুৰ মাজত
সেমেকা সুগন্ধ
এটি নিজৰাৰ সুঁতি হৈ

এটি অজান অনুভৱ
প্ৰেমৰ আকুলতা
জিলিকি উঠা ৰদৰ ৰশ্মিত

অপূৰ্ব সৃষ্টি

সৃষ্টিৰ অনিমেষ ভাষা
এক অপূৰ্ব্ব সঙ্গীত
সোণবৰণীয়া
আকাশে বতাহে
হৃদয়ৰ কোণে কোণে
ৰিণি ৰিণি সুৰ লয়
মোৰ পোহৰৰ গান
অপূৰ্ব সৃষ্টি
নৱতম  দৃষ্টিৰে চাওঁ
এটি নবীন সূৰ্য্য
লুইতৰ ফেনিল শুভ্ৰ জলত
উপচি পৰে ধল
সুৰীয়া কুলিয়ে
বকুত সিঁচিলে মদাৰৰ ফাঁকু
হৃদয়ত বাঁহী বাজি উঠে গীত

পিপাসা

মোৰ সমগ্র শৰীৰত
পিপাসাৰ নিৰ্লজ্জ শিখাৰ
আকবাক

আকাশৰ  চুকে কুণে
শংখ নিনাদ
পূৰ্বাচলৰ আকাশত
উপচি পৰে ধল

আদিম বন্যতাৰ
অহৰহ ধ্বন্নী প্ৰতিধ্বন্নি
উটি ভাঁহি গুচি যায়

হৃদয়ৰ অবুজ আনন্দ

আন্ধাৰৰ আলিংগন

শীতলতাৰে ভৰা আকাশ
মলয়া সংগীতৰ সুৰ
বিভূৰ শূন্য আকাশ
আন্ধাৰৰ আলিংগন
হেজাৰ তৰা মিচিকি হাঁহি

ফেঁচাই কুৰুলিয়াই
সময় কেনি যায়
তাতে জোনাকৰ মিচিকি হাঁহি
আন্ধাৰ এতিয়া অতি আপোন।


ৰূদ্ধ উশাহ

একুৰা জুয়ে বুকু পুৰে
বিষ উঠে
কিন্তু কান্দিব নোৱাৰো

ভেটা ভাঙো ভাঙো কৰে
এটি কান্দোনৰ হুমুনিয়া

কোমল হিয়া মোৰ
শৰীৰৰ আঘাটত
হৃদয়ে আঁজুৰি আঁজুৰি কান্দে

ওখোৰা মোখোৰা বাট
খোজে পতি উজুটি খাওঁ
অকলশৰীয়া, তাতে দীঘলীয়া বাট

কেচা মাটিৰ সুগন্ধ

তুমি মোৰ সপোনৰ অংকুৰন
হেপাহ অপেক্ষ্যাৰ সপোন তুমিয়েই
তোমাৰ বোকাপানীৰ পৰশত
অনুভৱ কৰো মৰমী মাতৃৰ হাতৰ পৰশ
স্মৃতিত ভৰি থকা সোনালী সপোন
কেচা মাটিৰ সুগন্ধ
আৰূ শেৱালীৰে আবৰা
পোৱাবেলাৰ অনুভৱে
গাত তুলে এটি শিহৰণ
শৰীৰৰ অংগে অংগে বৈ যায়
এটি গীতৰ সুৰ
তোমাৰ বুকুত গজি উঠা
সেউজী সপোনবোৰে
মোক মতলীয়া কৰি
জীয়াই থকাৰ নতুন আশা দিয়ে
তোমাৰ সেউজীয়া  ৰূপে
সোনালী সপোনৰ ৰূপ লৈ
উপচি পৰিলে
মোৰ মন মাদকতাৰে ভৰি পৰে
তোমাৰ বুকুত ঢৌ খেলাই যোৱা
বতাহ চাতিয়েও
যেন কাণে কাণে কৈ যায়
আশাভৰা প্রাণৰ কথা

মিলিত সংগীত

কম্পিত কন্ঠেৰে গোৱা
অগনন জনতাৰ সমস্বৰৰ মিলিত সংগীত

গছ পাত পাহাৰে শিখৰে প্রতিধ্বনিত হৈ
বৈ আহে নিজৰাৰ বুকুয়েদি

সাগৰত ঢৌ উঠে
নীল আকাশৰ বুকুভেদি

উৰ্মীমালাৰ সৃষ্টি কৰি
প্লাবিত কৰে জন পথ

ধুমুহা বতাহৰ সৃষ্টি কৰি
জোৱাৰত উটি ভাঁহি যায় বেদনাগ্রস্থ প্রহৰবোৰ

নাৱৰ উদ্দেশ্য বিহীন গতি

ৰিঙা ৰিঙা লাগে মন
মনত অচিনাকি ভাৱ
খেলি মেলি মনৰ
চাকনৈয়াত পৰি
মনত জাগে অচিনাকি ভাৱ
আচহোৱা বতাহত
তুলুঙা নাও কঁপে ঘনে ঘনে
সোনালী ৰ'দৰ মিঠা ভাজত
যাওঁ মই উটি ভাঁহি
নাওখনে লয় নিজচ্ছ গতি
কোনো ভৰসা নাই
কেনি যাম
মনে যে নামানে একো
ৰ'দৰ মিঠা ভাজত
ৰিঙা ৰিঙা লাগে মন
উটি যাওঁ
নাৱৰ উদ্দেশ্য বিহীন গতিত