শূন্যতাৰ পৰা নিঃশব্দে সৰি পৰিল সূৰ্য্য
বিৰিঙি উঠিল ৰক্তিম আভা
উজ্জ্বলতাৰ সহস্র চকু
ফুটাব নোৱাৰা ভাব
বুৰ গ’ল লুইতৰ বুকুত
নীল আকাশৰ আগ্নেয় কুসুম
সূৰুযক বুকুত লৈ জ্বলে লুইত
অৰ্থভৰা হাঁহি আৰু মনত প্রেম ভাৱ
সন্ধিয়াৰ ৰঙা বেলি এটি বিচ্ছেদ
হৰিছিল কবি প্রাণ
হাঁহিছিল জোনাকে নিৰবে
জোনাক,
জোনাক, শীতল জোনাক
অন্তৰ উগুল থুগুল
মনত পৰে পুৰণি বিৰহৰ ব্যথা
গোপন মিলনৰ কথা
সোঁৱৰণী অতীতৰ
মধুৰ ৰূপালী জোনাক
উৰুঙা উৰুঙা লাগে মন ।।