হেঁপাহৰ ৰঙীন পাহাৰটি বুকুত সাৱটি

শব্দবোৰৰ ঘনিষ্ঠ উত্তাপত সৃষ্টিৰ তেজঃদীপ্ত জীৱনধাৰাৰ সুষমা
শব্দবোৰৰ স্বপ্নৰ উদ্যানত সময়ৰ নিজস্ব আবিস্কাৰ
অভিজ্ঞতা বুৰঞ্জীৰ আচোঁৰ
মোৰ দুখ, মোৰ আনন্দ, প্ৰেমৰ গুণগুণ আৰু অনুভৱ
এই শব্দবোৰৰ প্ৰগলভ প্ৰেম বুকুৰ ভিতৰে-বাহিৰে জ্বলে
সীমিত মোৰ সামৰ্থ্যত মোৰ কবিতাৰ বিপৰ্যস্ত অৰ্থ
ঢলি পৰে অন্তৰীক্ষৰ অন্ধকাৰত
কালপুৰুষৰ কৃতঘ্ন সুহুৰিৰ শব্দত
ঢলি পৰা সূৰ্যৰ দোমোজাৰ অজুহাত পাই
ত্ৰস্ত ৰাত্রিৰ যাদুকৰী সান্নিধ্যৰ উপস্থিতি নিৰ্জন ছায়াৰ
হাতত সাৰে ভৰিত সাৰে গুচি যায় মন
জোনাকৰ জালিকটা সুৰুঙাৰ কুঁৱলী আঁতৰাই
উদং বুকুৰ দুখৰ দূৱাৰ খুলি
হেঁপাহৰ ৰঙীন  পাহাৰটি বুকুত সাৱটি ।।