স্মৃতিৰ অজ্ঞাতে উৰি আহে
সন্ধিয়া নিঃসাৰে
অনুভৱৰ গুণগুণনি
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
উপঙি ভাঁহি আহি থিতাপি লৈ
বগাই ফুৰে
সমগ্র শৰীৰত
মোৰ আবেগৰ উমান পাই
নিঃশব্দে ঢৌ খেলাই
স্মৃতিৰ জুৰিটিৰ নিৰৱতা ভাঙে
অনুভৱবোৰৰ কোবাল ঢৌৰ
সিঁচৰিত ক্ষণবোৰত
নামি আহে এটি
সান্নিধ্যৰ হেঁপাহ
এটি সৰল হাঁহিৰ উপস্থিতিত
নাটকীয় মুহূৰ্তত
অনুভূতিৰ প্ৰিয় ৰঙত
বাজি উঠে বাঁহীৰ সুৰ
নিমিষতে উজ্জ্বল হয়
শক্তিৰ ৰঙীন বসন্ত
এক জাগ্রত শক্তি
ভৰি পৰে বুকুত
এটি মুক্ত নিজান সুৰত
অজান সানিধ্যৰ
স্ফীত হৃদয়
মোৰ নিঃসংগতা
বতাহৰ ডেউকা কোবাই
উৰি যায় অজান দিশত