জীৱন

অলস মন্থৰ দেহত
পৰেহি এচেৰেঙা পলৰীয়া ৰ’দ
আমি নাঙলৰ শিৰলুত ধৰি সপোন খেদো
চকুত জিলিকে নতুন পামৰ ভৱিষ্যত
তাতো আছে  অসংখ্য বাধা
কলঙ কপিলীৰ পাৰত গঢ়া সপোন
বাঢ়নীপানীয়ে কেতিয়াবা উটোৱাই নিয়ে
তেতিয়া আলিৰ কাণত বহি  হুমুনিয়া কাঢ়ো
সন্মুখত পৰি ৰয় এখনি মৃত পথাৰ
অশান্ত হয় উদ্বাউল প্ৰাণ
প্ৰতি উশাহত বুকুৰ ৰঙীন ঢৌবোৰে খেলা কৰে
দিনৰ শেষত নিশাৰ আন্ধাৰত
জেকা দুচকুৰে আকাশলৈ চাই চাই
গণনা কৰো ভাগ্যৰ লিখন

বুকুৰ আৰৰ কবিতা

নল-খাগৰিৰ বিস্তৃত ৰেখাত
বতাহত সৃষ্টি হোৱা পোহৰ আৰু ঢৌৰ আলোড়নে
ধুই নিয়ে নিঃস্ব হদয়ৰ তিক্ততা
অস্ত যায় বুকুত থুপ খাই থকা দুখবোৰ
পূর্ণিমাৰ  জোনাকত সতেজ প্ৰতিশ্ৰুতিবোৰ
ভৰি পৰে নিঃশব্দে হদয়ৰ গভীৰতাত
স্ফুৰিত এক সোণোৱালী স্বপ্নৰ
ৰূপালী বৰষুণে বঢ়ায় আত্মাৰ সুৰভি
বুকুৰ আৰৰ এই কবিতাই যি গীত গায়
তাত বাজি উঠে স্বচ্ছতাৰ সুৰ

বৈ যায় লুইত

জিলমিলিয়া কোমল বালিৰ
পাৰ ভাঙি বৈ যায় লুইত ফেনেফুটুকাৰে
বুকুত সহস্ৰ ঢৌৰ খলকনি তুলি

মাজে মাজে থমকি থমকি ৰৈ
ঢৌৰ চেৱে চেৱে হালি জালি
গীত গায়  নাৱৰিয়াই

বৈ যায় লুইত ফেনেফুটুকাৰে
ৰূপালী ৰিহাৰ আচল পাৰি
জুৰি বিশাল দুয়োপাৰ

খহি পৰা এটি স্তবক

মূক হৈ ৰ’ল
বুকুৰ মাজেদি
খহি পৰা এটি স্তবক

তাৰেই সুঁতি বিচাৰি
হৃদয়ত চলে ভঙা-গঢ়াৰ তাল
তলে তলে,  ক্ষণে ক্ষণে

সেই তালে তালে
চুচুক-চামাক কৰি
এটি নিঃস্ব বতাহৰ ৰং
আকাশৰ কোলাত ডোলে

সত্যক বিচাৰি আমি আন্দোলন কৰো

বোকালগা পোছাকযোৰৰ মাজত
চিপজৰীত ওলমি থকা এটা জীৱন
আমিবোৰে আদৰ্শৰ বিপ্লৱ কৰোঁ

ধোঁৱাৰ আৰত চাৰিওপিনে
মুখা পিন্ধা মানহৰ দল
সত্যক বিচাৰি আমি আন্দোলন কৰো

চকুত কাপোৰ বন্ধা মানুহজাকে
আৰে আৰে চক্ৰবেহু ৰচে
শান্তিৰ সংজ্ঞা নিৰ্ধাৰণ কৰি
সৰাপাতৰ মেৰমেৰনিৰ  মাজৰ পৰা
ৰাতিৰ এন্ধাৰত দুৱাৰত টুকুৰিয়াই
সপোন সিঁচাৰ ভাওনা কৰে

বুকুত শিপাই থকা
অচিনাকি গোন্ধ এটাই  আকাশে বতাহে
ৰঙা নিচান উৰাই

মাৰ যায় ভঙা কলিজাৰ বিননিৰবোৰ
অভিমান এৰি আমিবোৰে
সকলো পাহৰি জী উঠোঁ আকৌ

জীৱনৰ ৰং বিচাৰো সুৰীয়া আঁচল পাতি
পাহৰি যাওঁ সকলো দুখ-বেদনা

যুগ যুগান্তৰ ধৰি চলি আছে এই প্ৰথা
সৰা পাতৰ মেৰমেৰনি নোহোৱা হ'লে
আকৌ আমিবোৰে আদৰ্শৰ বিপ্লৱ কৰোঁ
সত্যক বিচাৰি আমি আন্দোলন কৰো

এটি গীতৰ নীৰৱ ৰাগিণী

সৰি পৰি শেষ  হ’ল সময়
অৰুণে মিচিকি হাঁহি
অসীমত বুৰ গ’ল

প্ৰকৃতিৰ  আঁচলত
ফুতি উঠা ৰূপৰ ছায়াছবি
আন্ধাৰৰ প্লাবিত ঢৌত উটিভাহি গ'ল

চিনচাব্ নোহোৱা হ'ল
ধেমালিৰে সজা বালি ঘৰৰ ৰূপৰেখা

পখীজাকৰ  মাৰ যোৱা কল্লোলিত ধ্বন্নিত
নিশাৰ ওৰণি ঠেলি
নীৰৱে দেখা দিলে জোনাকে

অনন্ত কালজোৰা গছে-পাতে বৈ থকা
আপোন সুৰত বজা সন্ধিয়াৰ নিৰৱতা
হৈ পৰিল তৰাৰ মিলন-সঙ্গীত

এটি গীতৰ নীৰৱ ৰাগিণী
প্ৰকৃতিৰ এই শান্তিময় পৰিবেশত
হৃদয় জুৰি বৈ গ`ল  উৰণীয়া পখী হৈ

জীৱনৰ বাটে বাটে

জীৱনৰ বাটে বাটে
কেতিয়াবা নিঃসংগতাই একান্তমনে
মোৰ অসহায় মনৰ সুৰুঙাৰে
চাদৰৰ আচঁলত লিৰিকি-বিদাৰি গুছি যায়
মোৰ অনুভূতিৰ সাঁকোখনত কঁপনি তোলি

এই কম্পনত নিমিষতে খহি পৰে
মোৰ বুকুত গঢ়া স্মৃতিৰ বালিঘৰ

এনেকৈয়ে আহে দুখ বিচিত্ৰ বীনাৰ সুৰ হৈ
মই মাথোঁ বহি থাকোঁ বিবেকী যুদ্ধত মৰ্ম্মাহত হৈ
নিৰ্বাসিত কয়েদীৰ দৰে কোনোবা অচিন দেশত

দিগন্তৰ সীমা বিচাৰি

দূৰ দূৰণিত দিগন্তৰ সিপাৰে
সূৰুযে চলাইছে প্ৰস্তুতি
শূন্যত বিলীন হোৱাৰ
হাত-বাউল দি যেন মাতিছে মোক
একেটি সুৰতে মিলি যোৱাৰ
এটা মৃদু যন্ত্ৰণা
চেঁচা পৰশ হৈ বুকুৰ মাজত
চলাফিৰা কৰে
মন সাগৰৰ পাৰে পাৰে
এটি সপোনৰ শঙ্কাই দেখা দিয়ে
বুজিও নুবুজা মায়াৰ বান্ধোনত পৰি
অকলশৰীয়া মই
বুকুত হেঙুলীয়া বোল সানি
পোৱা নোপোৱাৰ বেদনাত
আগবাঢ়ি যাওঁ
দিগন্তৰ সীমা বিচাৰি

মু্ক্ত বায়ুৰ সন্ধানত

বিশাল মন সমুদ্রত
ক্ষণিকৰ বাবে ফুটি উঠে
অন্য এখন ছবি

ইতিহাসৰ পাতবোৰ লুটিয়াই
টুকৰা টুকৰ হৈ পৰি থকা ভঙা দেৱালয়ৰ খণ্ডবোৰ
ধ্যানমগ্ন বুদ্ধৰ দৰে বুটলি ল'লো হাতত

বিচলিত মনত জিলিকি উঠিল
জীৱনৰ হেৰাই যোৱা কিছুমান পৃষ্ঠা

এক নিস্তব্ধতাৰ তৰঙ্গ বৈ গ'ল বুকত
এই উপস্থিতিৰ সন্ধিক্ষণত
মনৰ মাজত চলিল বিদ্ৰোহ

ৰুদ্ধ উশাহৰ সকাহ বিছাৰি
মন ঢাপলি মেলিলে
মু্ক্ত বায়ুৰ সন্ধানত

এটি উজ্জ্বল পোহৰৰ উষ্ণতা

অনুভৱ কৰিছিলো মনৰ মাজত
এটি আকবাক চেতনাৰ
মৃদু খেলিমেলিৰ আলোড়ন

পুৰণি দিনবোৰৰ হেৰাই যোৱা সময়বোৰ
কোন মুহূর্তত আহি এইখিনি পালেহি
আলফুলে হাতত তুলি লৈ
উপভোগ কৰিছিলো প্ৰতিটো মুহূৰ্ত

এটি উজ্জ্বল  পোহৰৰ উষ্ণতা
বিয়পি পৰে সমগ্র সত্বাত
আলোকিত চৌপাশৰ সুবাসত
হেৰাই যায় ভোকাতুৰ মনৰ জড়তা

হৃদয়ত আবদ্ধ কিছু স্মৃতি

হৃদয়ত আবদ্ধ কিছু স্মৃতি
এটি শিখা হৈ জ্বলি থাকে নিৰৱে
অস্ত যোৱা সূর্যৰ ৰক্তিম আভাত
জিলিকি উঠে কেতিয়াবা

এনে ক্ষণবোৰত
দুগালেদি বাগৰি যোৱা চকুলোত
আশা নিৰাশাৰ নাওখনি
ভটিয়াই যাব খোজে

মন সাগৰত তোলপাৰ কৰা ঢৌবোৰে
দুবাহু মেলি আলিঙ্গন কৰি
জনাব খোজে  শেষ  বিদায়

জীৱন জানো এনেকুৱাই
যি সুখ দুখৰ  সোঁৱৰণীত
থমকি ৰয় মাজে মাজে

নিজকে নিজে উভতি চোৱাৰ বাবেই
হয়তো হৃদয়ত আবদ্ধ হৈ বৈ থাকে
স্মৃতিৰ এই  নিজৰা

ক’ত আছে শেষ ঘাট

বুকুত সপোনৰ উছাহ লৈ
আশাৰ ডিঙৰা বাই
কঢ়িয়াই ফুৰো জীৱনৰ ভাৰ

দুখৰ গানে মন সেমেকাই তোলিলে
উচপিচাই উঠা মনক
সমগ্ৰ সত্তাৰে উদগনি দিওঁ
আগুৱাই যোৱাৰ

আৱেগেৰে ঢলি পৰা
ছাটোলৈ চাই
ভাবো কেতিয়াবা

এইযে আহিছো ওলাই
বঠা বাই বাই
জীৱন লক্ষ্যৰ সন্ধান কৰি
ক’ত আছে শেষ ঘাট

এটা শব্দ স্বাধীনতা

মোৰ মন আকাশত
হিল-দ'ল ভাঙি চমকি উঠিছে
নিৰ্জ্জনতাৰ অজ্ঞাত ভয়

সময় আসন্ন তথাপি
দিক্হাৰা হৃদয়ত
শেষ মুক্তিৰ সন্ধান

শিকলিৰে বন্ধা দুহাতত
সমস্ত শক্তিৰে নিশব্দে তুলি লওঁ
এটা শব্দ স্বাধীনতা

স্বাধীনতাৰ ভাব
বসন্তৰ বতাহৰ দৰে
এটি যেন তেজি ঘোঁৰা

বিচিত্ৰ নদীৰ কোনোবা তীৰত বহি
কেতিয়াবা ভাবোঁ
ছিঙি পেলাওঁ হাতৰ শিকলি

মোৰ অন্ধকাৰ হৃদয়
উদ্ভাসিত হয়
চেতনাৰ এই বিদ্যুৎ চমকত

উম দিছে এই সপোনে

ঐক্যৰ আদৰ্শই মোক লৈ যায়
বিৰোধৰ মাজত জীয়াই থাকিবলৈ প্ৰেৰণা দি
এই  আহ্বান  শুনিছোঁ মই দেশৰ বাবে
জীয়াই আছোঁ সংহতিৰ সম্ভাৱনা হৈ
সকলোৰে মাজত ঐক্য, ভালপোৱা আৰু আনন্দ
প্ৰতিটো পুৱা, প্ৰতিটো সন্ধিয়া
মোৰ বুকুত উম দিছে এই সপোনে
এতিয়াও জ্বলিছে
মনৰ স্তৰে স্তৰে বুৰঞ্জীৰ আচোঁৰ
অন্ধকাৰৰ নিদাৰুণ অভিজ্ঞতা
জীৱনৰ বাটে বাটে ব্যাধিগ্ৰস্ত  ভগ্ন-হৃদয়ত অজ্ঞাত ভয়
নিৰুত্তাপ  যদিও এই জীৱন, তথাপি আশাত অন্ধ

নিয়তিৰ হাতত মোৰ আকাংক্ষাৰ বীজ

বতাহত দোঁ খাই আছিল পকা  ঠোকবোৰ
ৰ'দত জিলিকি আছিল সোনালী ধানবোৰ
ধাননিৰ মাজত ৰিঙিয়াই থকা চৰাইৰ মাতত
মনটো নাচি আছিল ঘনে ঘনে
এটি নৈসৰ্গিক আনন্দবোধে
মনটো পুলকিত কৰি তুলিছিল

হঠাৎ দেখিলো মেঘ আৰু বিজুলীৰ দুৰ্বাৰ গতি
দুঃস্বপ্নৰ মায়াজাল ৰচিছে আকাশত
বুকুত ৰামধেনুলৈ গুজৰি আছে

ধাননিৰ চৰাইৰ জাক
আকাশত কিছু ধেমালি কৰি
হঠাৎ কৰবাত নোহোৱা হ'ল
পৰিত্যক্ত প্ৰেমিকাৰ দৰে
পৰি ৰ'ল সোনালী পথাৰ

মোৰ চকুত ভাহি উঠিল
স্বপ্ন ভঙাৰ প্ৰহেলিকা
সোনালী পাতত দেখিলো
অনন্ত নিৰৱতা

হাতেৰে গঢ়ি তোলা এখন সোনালী ছবি
হঠাৎ অহা ধুমহাই চিঙি ভাঙি নিঃশেষ কৰিব
চকুত জিলিকি উঠিল
নিয়তিৰ ৰহস্যময় খেলা

মোৰ শৰীৰত ফুটি উঠে কাতৰতা
আৰু বাঢ়ি যায় উশাহৰ গতি
মৃত্যুৰ সতে যেন চলিছে যোজ-বাগৰ

মোৰ নিশ্চিত ভবিষ্যত
গতি কৰিছে সংকতৰ মুখলৈ
গৰ্জি উঠে মন তথাপি নিৰুপায়
নিয়তিৰ হাতত মোৰ আকাংক্ষাৰ বীজ

শেষ অস্তিত্বৰ উপলব্ধিবোৰ

শব্দবোৰ ৰৈ যায় নিশব্দে
নিদিয়ে একো প্ৰতিশ্ৰুতিৰ প্ৰস্তাৱ
বুজাব নোৱাৰাকৈ জমা হৈ যায় বুকুত
খেলিমেলি হৈ যায় মনৰ ভাৱবোৰ
বাধা দিয়াৰ কোনো উপায় নাই
আজীৱন কুঁৱলীৰ চাদৰৰ আৰে আৰে থাকি
বাজি উঠিছে মনত এক অজান, অস্হিৰ ভাৱ
ফাগুনেই হওঁক বা বহাগ
গছ বননি শুকাই মৰহি শেষ হৈ
মন আকাশ হৈ পৰিছে এখনি ৰিক্ত পথাৰ
বতাহো নাই দেও দি নাচিবলৈ
ক্ৰমাৎ নিঃশেষ হৈ অহা শৰীৰৰ সেউজীয়াবোৰ
নিশব্দে ৰৈ থাকে মৃত্যুৰ ক্ষণ গণি-গণি
ৰিক্ত হৃদয়ৰ চুকে-কোণে লুকাই থকা
শেষ অস্তিত্বৰ উপলব্ধিবোৰ
দুবাহু মেলি ৰৈ থাকে
জীয়াই থকাৰ আকুল আগ্ৰহত

পথে পথে বাধাগ্ৰস্থ

জীৱনধাৰাৰ সুষমা আৰু সৃষ্টিৰ মহত্ত
আজি দেখো পথে পথে বাধাগ্ৰস্থ
জীৱন  প্ৰাচুৰ্য  পাহাৰতলিত আবদ্ধ

আদৰ্শৰ  উত্তাল তৰংগ
ভৱিষ্যতৰ সোনোৱালী  সপোন
নিৰুত্তাপ  আৰু ব্যাধিগ্ৰস্ত

তৰোৱালৰ চিকমিকনিত
উজলি উঠিছে
বাটে পথে বিস্ময়

ক'লা ধোঁৱাৰ জীৱন
নিৰ্লজ্জ আশাত অন্ধ

দুহাতত ছিটিকি  পৰা ৰঙা ৰংবোৰ
ছিৰাল ফটা মাটিৰ বুকুৱেদি
বৈ আহিছিল উঁই হাফলুৰ পাহাৰৰ মাজ হৈ
তাকে দেখি কুছিমুছি দিছিল পোনাকনবোৰ

বীণৰ ঝংকাৰত

বীণৰ ঝংকাৰত
কোনেও নজনাকৈ তুমি আহিছিলা
সাগৰৰ পাৰেৰে
সঁচা এমুঠী অনুভৱ লৈ

কঁপি কঁপি বুকুৰ ৰাগিণী
তৰপা-তৰপে খহিছিল
বুকুত জ্বলিছিল মৃদু স্পন্দিত শিখা

ঢৌৰ গৰ্জনত নিৰৱে
আতৰি গৈছিল শূন্যতাৰ তৃষা

হৃদয়ত গঢ়া তোমাৰ প্ৰচ্ছায়া
সাগৰৰ উত্তাল তৰংগৰ ভাঁজে ভাঁজে
নাচিছিল লয়লাস ভংগিমাত

জোনাকে সিঁচিছিল জীৱন স্পন্দনত
উথলি উঠা নৃত্যৰ মাদকতা

তন্ময়তা ভাঙি নিঃশব্দে ক্ষণে ক্ষণে
বুকুত নামিছিল মায়াবী সপোনৰ শিহৰণ

বীণৰ ৰিমঝিম ঝংকাৰত
তুমি অহাৰ উমান পাই
হৃদয়ত বৈছিল সুৰীয়া শব্দৰ সমদল

অন্তৰ খহাই বৈ যায় 2

নিশাৰ উন্মুক্ত বতাহত
বাঁহীৰ শব্দত
ভাঙি যায় প্ৰাচীন-শীতলতা
হিয়াত বাগৰি যায়
এন্ধাৰৰ আঁৰৰ দূৰৰ সপোন

চকুৱেদি সিঁচৰতি চঞ্চলতাৰ চমকত
চিটিকি পৰে আলোক পুৰৰ বিজুলী

শৰ-বিদ্ধ হৰিণীৰ দৰে
মন  লুইতত বুৰিল

পমোৱা তুলাৰ দৰে
ভগা ডালত ওলমি
আতৰালো ভাগৰ

হৃদয়ত জলি থকা জুই
অন্তৰ খহাই বৈ যায়
তপত লাভা হৈ

যেতিয়া জীৱনে কান্দে চকুলো টুকি

যেতিয়া জীৱনে কান্দে চকুলো টুকি
সিন্ধু গঙ্গাই
হিমালয়ৰ উচ্চ শিখৰত
শিলৰ বুকুৰপৰা সপোন খান্দি
মানুহৰ বুকুত যাচে

সভ্যতাৰ উৰ্ব্বৰ ভূমিত
এফেৰি পোহৰত জোৱাৰ উঠে

বৈ যায় কোমল হিয়া জেকা কৰি
নিজৰাৰ শীতল ধাৰা

দি যায়  আশাৰ ৰেঙনি
বৈ যায় বুকুত নতুন সপোন

সাদৰৰ আৱাহন

গোলাপৰ ধুনীয়া কলিটিয়ে
মলয়াত হালিজালি
নিজৰ জেউতিত নিজেই বিভোৰ

এজাক ৰাজহাঁহ উভতিল দিহা-দিহি
নাৱৰীয়াই বান্ধিলেহি নাও
সন্ধিয়াৰ উমান পাই

ধীৰে ধীৰে শেৱালিৰ সুৱাস
বিয়পিল বতাহত
চাকিটি জ্বলি উঠি
দিলে নিশাৰ আভাস

ডাৱৰৰ ক’লা টুকুৰাবোৰ
ধীৰে ধীৰে পৰ্ব্বত পাহাৰ এৰি
উৰি ফুৰে যেনি তেনি

এখুজি দুখুজি কৰি
আন্ধাৰৰ মাজে মাজে
সুখ দুখৰ গান
মাৰ গ’ল বতাহত

আশা নিৰাশাৰ জিলিকনি
আকাশৰ সৰু তৰাটি
প্ৰকৃতিৰ কোমল কোলাত
এটি যেন সাদৰৰ আৱাহন      

মগজুত প্ৰতিবাদ আৰু সত্তাত বিপ্লৱ

শব্দই দিছে মোক শৃংখলা
সেয়ে প্ৰতিষ্ঠা কৰিব খুজিছো
ছায়াৰ আৰৰ শব্দবোৰৰ নিৰ্বাসিত অৰ্থ

মোৰ সত্তাত এই শব্দবোৰে খলকনি তুলে
বিবেকী যুদ্ধত শব্দ মোৰ চিৰ লগৰীয়া
নিৰ্ভুল হোৱাৰ ইচ্ছা সেয়ে শব্দৰ উত্থাপনত

শব্দই মোৰ আয়ত্তাধীন তৰোৱাল
শব্দৰ স্পৰ্শত মোৰ মনৰ স্তৰে স্তৰে
সৃষ্টিৰ তেজঃদীপ্ত প্ৰবাহ বলে

মোৰ হতাশাৰ গানত মূৰ্ত এই শব্দ
জাগি উঠে মগজুত প্ৰতিবাদ
আৰু সত্তাত বিপ্লৱ

বুৰঞ্জীৰ ভয়ংকৰ দিন
পাৰ হৈ আহিছেঁ এই শব্দবোৰে
নিৰ্ভুল হোৱাৰ ইচ্ছা প্ৰতিটো পদক্ষেপত

তথাপি বুকুত ৰচিছো

জীৱনৰ ভাজে ভাজে অনেক কেঁকুৰি
এনে ভাজত বহুত ভাৱে বুকুত উক দিয়ে
তথাপি বুকুত ৰচিছো
সোনোৱালী ভৱিষ্যতৰ সপোন
যৌৱনৰ প্ৰাচুৰ্যই প্ৰতিটো পুৱাই
লৈ আনে জীৱনৰ নতুন অৰ্থ
আনে স্নিগ্ধ ফুলৰ সুবাস
কল্লোলিত সপোনৰ উত্তাল তৰংগই
লৈ যায় স্বপ্নৰ উদ্যানলৈ
সৃষ্টিৰ তেজঃদীপ্ত প্ৰবাহ বুকুত বলে
বতাহত বৈ অহা সুৰীয়া শব্দবোৰত
দিক্হাৰা হয় মনৰ গতি
পোহৰৰ স্বৰ্ণ-স্পৰ্শই উজ্জ্বল কৰে
জীৱনৰ বাট
জাগি উঠে মনৰ স্তৰে স্তৰে
চেতনাৰ বিদ্যুৎ

কোনে দেখুৱাব

মোৰ নিঠৰুৱা মনত
এতিয়া প্ৰবল ধুমুহা গাজনি
জ্বলিছে এগছি চাকি ঢিমিক ঢামাককৈ
বিষাদৰ  দিন
মৌনতাবোৰ বুকুত সাঁচি থলো
আশাত দেখিছো পৰিছে ছায়া
ভাবি হাবাথুৰি খাইছো
কোনে দেখুৱাব
আশাৰ হেৰাই যোৱা ৰেঙণি

সপোন যেন লাগে

আহচোন আহ গাৱৰ ঘৰলৈ যাওঁ
জীৱনৰ সোণোৱালী সপোনেৰে বোৱা
প্ৰাণৰ কোমল জোনাকে ঢকা
সোঁৱৰণিৰ চোতালখনত আকৌ এবাৰ খেলি চাওঁ
মনত পৰেনে পথাৰত মৈ দিওঁতে
মৰা কিৰিলি পৰা হাঁহিৰ কথা
উজানৰ দিনত পথাৰত মাছ বিচাৰি
পোৱা আনন্দৰ কথা মনত পৰেনে

নির্জন ৰাতি ঘৰৰ চালৰ পৰা
বৰষুনৰ টোপালবোৰ টপটপকৈ পৰিছিল
আলিটোৰ সিপাৰেই আছিল হাবিখন
এজাক শিয়ালে হুৱা দিবলৈ ধৰিলে
শিয়ালৰ মাতত হাঁহ কেইটা অস্থিৰ হৈ পৰিছিল

ৰাতি গহীন হৈ আহিল কিন্তু টোপনি নাহিল
কাপোৰৰ মাজত মুৰটো গুজি থাকিলো
চিলমিলকৈ টোপনি অলপ আহিছিল

চক খাই সাৰ পালো, তেতিয়া পুৱতি নিশা
তপত তেজবোৰে কলিজাত খুন্দা মাৰিছিল
অতীতৰ এই ঘটনাবোৰ আজি সপোন যেন লাগে
তেতিয়া বাৰিষাৰ কুৱঁলীৰে চোতাল খন আবৰি আছিল
খিৰিকিৰ জলঙাইদি অলপ পোহৰ কোঠাত সোমাইছিল

আজি কিয় ভাগিল ৰাগি

থমকি থমকি দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বয় যি ধাৰা
আজি কিয় হঠাতে লৈছে অবাৰিত গতি
তাৰ পৰশত উতনুৱা মনত মোৰ
বৈছে এজাক ধুমুহা
যাযাবৰী অঘৰি নাৱৰীয়া মই
কোবাল বতাহত, চাকনৈয়াত পৰি
পাক ঘূৰণি খাই কঁপিছে বুকু
ওন্দোলা আকাশৰ ক’লা মেঘ দেখি
মনত কিয় জানো বিৰহ জাগিছে
কিহৰ ৰাগিত আছিলো মই আপোনভোলা হৈ
আজি কিয় ভাগিল ৰাগি
নৈৰ ধলত পৰি হ’লো বলিয়া
মাটিৰ মোহত পৰি পাৰ বিছাৰি
ধুমুহা বতাহৰ মাজত খাইছো হাবাথুৰি

অগ্নিশিখা


বীণত সুৰ বাজি উঠা নাই

যদিও বাজে ৰিণি-ৰিণি
বীণত সুৰ বাজি উঠা নাই
ভাৱৰ বন্ধনত পুৱঁতী নিশা
আনন্দ-বিষাদৰ চলিছে মায়া-মৰীচিকা
বুকুত  অতীতৰ সোঁৱৰণি
সমুখত জীৱন-তৰঙ্গ ক'ত তাৰ সীমা

মনে হেতালি খেলে জোনাকত পাতৰ আঁৰ লৈ
সন্ধ্যাৰ আৰতি  এটি যেন জ্যোতিৰ নিজৰা
বাজি আছে অনন্ত কাল
ৰচিছে অবুজ মায়া
সেয়ে নেকি মোৰ জীৱন আনন্দৰ ৰহঘৰা

একোণত সংগ্ৰামৰ ৰহস্য
উৰণীয়া পখী যেন বিস্ময়েৰে ভৰা
কেন্দ্ৰ কৰি ঘূৰিছে
বাসনাৰ সপোন মীমাংসা

হাতে গঢ়া  জীৱন
হৃদয় বাসনাৰ আৱেগত বন্দী
সৃষ্টিৰ শিখা হৃদয়ত জ্বলে
কোনে বুজিব পাতৰ আঁৰৰ মহিমা
কোন সীমান্তত জানো শেষ হব
জীৱন ৰহস্যৰ এই মোহ মায়া

উপায়হীন হৈ

লিখিবলৈ বহি অনুভৱ কৰিলো
মনৰ ভাৱবোৰ গৈ
এটা এন্ধাৰ চুকত বহি আছে
হাতেৰে খেপিয়াইও সিঁহতক একগোট কৰিব পৰা নাই
নিলিখা মুহূৰ্ত বিলাকত
সিঁহতে আহি মনত যি তোলপাৰ লগাই
এতিয়া সিহঁতৰ পলায়নবাদী মনোভাৱত
উপায়হীন হৈ কলমটোকে দাতেৰে কামুৰি আছো
কেনেকৈ সিঁহতক একগোট কৰা যায় তাকে ভাবি ভাবি

বাস্তৱ জীৱনৰ জটিলতা

ৰাতিপুৱা শুই উঠি শুনা
চৰাইৰ মাতত মনটো থমকি ৰ’ল
বুজিব নোৱাৰিলো মনৰ ভাৱ
চকুৰ আগত ভাহি উঠিল
যান্ত্ৰিক জীৱনৰ খলা-বমাবোৰ
চৰাইৰ কলকলনিত এনে মুহূৰ্তত
মন আনন্দেৰে ভৰি যাব লাগিছিল
কিন্তু তেনে একো অনুভৱ মনলৈ নাহিল
বাস্তৱ জীৱনৰ জটিলতাই হয়তো ইয়াৰ কাৰন
জটিল খলা-বমাবোৰ পাৰ হওঁতে জন্মা বিৰাগ
প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ স্পৃহা হেৰাই গ’ল
সেয়ে চাগৈ মন  এনেকুৱা মায়া মোহৰ বান্ধোনৰ পৰা মুক্ত

লক্ষ্য ন-সূৰুযৰ সোনালী আভা

নিশাৰ আন্ধাৰ ফালি
হঠাৎ অহা ধুমুহাই
কোনো চিনচাব নোহোৱা কৰি
উৰুৱাই নিয়ে শেষ আশা

নোহোৱা হ’ল সকলো
মিলি গ'ল আন্ধাৰত
অকলে আছো মই স্তব্ধ নিশা
লগৰীয়া এডোঙা পানী আৰু কিছু বোকা

আকৌ আৰম্ভনি আদিমৰ পৰা
খেলিমেলি ভাৱবোৰে মনটো আগুৰি ধৰে
ধ্বংসৰ মাজেদি আহে সৃষ্টি
এই মুহূৰ্তত কথাটো এটি উপহাস যেন লাগে

ধুমুহাই এৰি থৈ যোৱা
ধ্বংসস্তূপৰ মাজত বহি
কথাবোৰ জুকিয়াই চালো
এয়েনেকি জীৱন সংঘাত

এন্ধাৰত ধ্বংসস্তূপৰ মাজেদি আগুয়াই গ’লো
যাত্ৰাৰ দিশ পূবমুখি
লক্ষ্য  ন-সূৰুযৰ সোনালী আভা