কুৱলীৰ আৰে আৰে










নয়ন ভুলোৱা পুৱতী নিশা
কুৱলীৰ আৰে আৰে
বাট হেৰাই সপোনৰ আলসুৱা বুকুত
সুগন্ধি শেৱালীৰ সুৰভিত 
হিয়া ভৰে তোমাৰেই কথা ভাবি
নিজানত হেৰাই মন
নিয়ৰৰ মৰমী পৰশত
নিজকেই হেৰুয়াই তোমাৰ মোহত
হেৰুৱা মন মোৰ 
তোমাকেই দিলো যাচি
তোমাৰ মৰমৰ আৱেগ ভৰা হৃদয়ত
উমি উমি জ্বলে 
মিঠা মিঠা এটি অনুভৱ
অচিনাকি এটি ঢৌৱে 
নিৰৱে আহি সৰ্পিল গতিৰে
এটি শিহৰন তুলে
শৰীৰৰ আহে আহে 

ৰিমঝিম এটি আবেগ









বতাহৰ গাত ভেজা দি
তাই চিয়ঁৰিছে মনৰ আনন্দত
বীজবোৰ ফুটিছে পথাৰত

অতদিনে চন পৰি থকা মাটিডৰাত
প্ৰথমজাক বৰষুণ পাই
বীজবোৰ ফুটিছে কুঁহিপাত হৈ

বৰ যত্নেৰে নিজ হাতে
সৃষ্টি কৰা সপোনৰ পথাৰ
তাৰেই প্ৰতিফলনৰ প্ৰকাশ
এই সুকুমল কুঁহিপাত

পূৱাৰ চেঁচা বতাহজাকত
এধানমানি পাতবোৰে 
কোমল ৰ’দজাক পাই
থুনুক থানাকৈ তুলিছে ঢৌ

ৰিমঝিম এটি আবেগে
ধুই নিলেহি দেহ মন
প্ৰথম প্ৰেমৰ মৰম সনা আবেশত
ওঠত বিৰিঙিল এটি হাঁহি

পাতৰ আৰৰ কাহিনী












জোপোহা খিনিৰ সিপাৰেই থাকো মই
পাতৰ তলত তাতে সাজো মোৰ ঘৰ
বৰষুণ পৰিলে নিতিতাকৈ থাকো
ধূলি আৰু গৰমত পাতৰ  আৰ লও

পাতৰ পৰা এটি এটিকৈ সৰি পৰা 
পানীৰ টোপালেৰে পিয়াহ গুচাও ময়
বৰষুন দিলে পাতৰ আৰত
নিতিতাকৈ থাকো ময় 

জোপোহাৰ সিফালে থকা পথেৰে
অহা যোৱা কৰা বিলাকে নেদেখে মোক
চুপি চাপি বহি থাকো মনে মনে
ভয়তে কোনোবাই দেখে বুলি

চহৰৰ সীমাত এনে জোপোহা আৰু নাই
সেয়ে ভয় লাগে মাজে মাজে
এই জোপোহা কোনোবাই কাটি চিঙি গলে
কতেবা থাকিম ঘৰ বনাই ময়

এটি সৰু বাটৰ শেষত জোপোহাটো
চহৰৰ পৰা যাব লাগে কিছু বাট
নিৰৱে উশাহ লও কাষেৰে কোনোবা গলে
মাজে মাজে ভয়ত বুকু ধপধপ কৰে
  
জোপোহা খিনিতেই থাকো মই ঘৰ সাজি
ভয় লাগে মাজে মাজে ভাৱি ভাৱি
এই জোপোহা কোনোবাই কাটি চিঙি গলে
কতেবা থাকিম ঘৰ বনাই ময়





অলপ জিৰণি লাগে









লুইত আজি ভাগৰি গ’ল
দেখিলে দুখ লাগে
চকুৰে নেদেখা দূৰলৈ
বিয়পি থকা ৰূপালী বালিচৰ

যুগে যুগে পানী কঢ়িয়াই
খেতি পথাৰ সাৰুৱা কৰি
বিল খালৰ বুকু ভৰাই
লুইতৰ সুঁতি আজি আতৰি গ’ল


ফাগুনৰ বতাহে
সেই দুখ কঢ়িয়াই
লুইতৰ বালি আকাশত উৰুৱাই
এই বাতৰি সকলোকে জনাই

লুইত আজি ভাগৰি গ’ল
অলপ জিৰণি লাগে
বুজি পাই আকাশৰ মেঘ
দূৰণিলৈ আঁতৰি গ’ল

ৰৈ আছো তুমি অহা ঘাটলৈ চায়















মেঘ আৰু বৰষুণ মিলি
ধুমুহা বতাহৰ লগ লাগি
আজি এই ভয়াল ৰাতি
কৰিছে সৃষ্টি তাণ্ডৱৰ

নৈৰ পাৰত বহি
ৰৈ আছো ময় নিৰলে
তুমি অহা ঘাটলৈ চায়
আশাৰে অকলে নিৰৱে

ভাবি ভয় লাগে 
নৈৰ কোবাল ঢৌ দেখি
ফেনে-ফোটোকাৰে ভৰা
নৈৰ মাজত তুমি থাকা অকলে

লুইতৰ বুকুয়েদি বৈছে বান
ক্ৰুদ্ধ মূৰ্তি ধৰি ফেনে-ফোটোকাৰে
থাকা তুমি অকলে অকলে 
এন্ধাৰৰ মাজে মাজে বঠা বাই

জাক জাক কহুৱা বিৰিণা
খহি পৰে পাৰ ভাঙি
লুইতৰ ঢৌৱে আহি
যেতিয়া পাৰ ভাঙে খুন্দিয়াই

হিয়া ভাঙি নিগৰি আহে
দুখৰ চকুলো নিৰৱে
কহুৱা বিৰিণাৰ হিয়া ভঙা
কাতৰ বিননি শুনি

প্ৰতিদিনে পূৱাবেলা যোৱা তুমি
বঠা বাই লুইতৰ বুকুয়েদি
থাকো ময় কলিজাটো বুকুত সাৱতি
তুমি অহা ঘাটলৈ চায় চায়

মলয়াৰ এটি ঢৌ















মিঠা মিঠা পলবোৰৰ 
তুমিয়েই জানো মোৰ
অশৰীৰী লগৰী

তোমাক কাষত বিচাৰি
মোৰ মন ব্যাকুল
তোমাৰ সান্নিধ্যতৰ আশাৰে

চকুৰ পলক নপৰাকৈ
পাৰ কৰো প্ৰতিপল
তোমাৰ সুৱাসৰ আশাৰে

তোমাৰ অনুপস্থিতিত
পাৰ কৰো সময়
নিৰাশে নিৰৱ হৈ

তোমাৰ সান্নিধ্যত
এটি মিঠা সুবাসৰ ধল 
বৈ থাকে আকাশে বতাহে
উৰি ফুৰে মন
মলয়াৰ এটি ঢৌ হৈ
পখিলা উৰাদি

এই মিঠা মিঠা পলবোৰত
থাকা তুমি আশে পাশে মোৰ
জীয়াই থকাৰ সাৰথি হৈ

ৰঙবিহীন চিকুণ পথ











তৰপা তৰপকৈ চেঁচা হৈ জমি যোৱা
সময়ৰ সাঁচটিয়া প্ৰতীক্ষাৰ ক্ষণবোৰত

জীৱন লক্ষৰ আচনিৰ গতি বিধি
ওখোৰা মুখোৰা পথত উজুতি খাই
লক্ষভ্ৰস্ত হৈ থমকি ৰৈ যায়

তিতা মিঠাৰ সংমিশ্ৰণত 
এই যাত্ৰাৰ আহৰিত অভিজ্ঞতা
হৈ পৰে বুকুভৰা অনুভূতিৰ ফচল

সুখ দুখৰ লগৰীয়া নিজম পৰত
ধ্বনিহীন এই প্ৰতিচ্ছবিবোৰে 
জাগ্ৰত পোহৰৰ সহচৰ ৰশ্মিৰ দৰে
সান্ত্বনা দিবলৈ উঠি পৰি লাগে

যাত্ৰাৰ চিকুণ পথবোৰত
আহৰিত অভিজ্ঞতা, অনুভৱত
সময়বোৰ হৈ পৰে স্বাদহীন নিৰস

মনত বয় কৌতূহলৰ 
খৰস্ৰতা পাহাৰীয়া নিজৰাৰ
ৰহস্যময় অনিশ্চিত ধাৰা

ৰঙবিহীন চিকুণ পথৰ 
এই অনুভূতিয়ে লৈ আহে
যাত্ৰাৰ আনন্দৰ গতিত ইতি

ৰৈ আছো দিগন্তলৈ চাই











সূৰুযৰ সোনোৱালী কিৰণে
লৈ আনিব কিজানি 
প্ৰভাতৰ নতুন বতৰা
ৰৈ আছো সেই আশাৰে
দূৰ দিগন্তলৈ চাই

নিতাল নিস্তব্দ মৰু প্ৰান্তৰত 
ৰৈ আছো অকলে
নাই গছ লতা নাই বননি 
অকল বালিৰে ভৰা চাৰিও দিশ

নুশুনি পক্ষীৰ কল্লোলৰ ধ্বনি
নেদেখি উৰণীয়া চৰাইৰ জাক
নাই জাক জাক ৰঙীন পখিলীৰ
মন প্ৰাণ ভুলোৱা উৰণীয়া খেল

ধূলিৰ ধুমুহা আৰু তপত বালি
বাঢ়ি যায় তাপ দিন আগুৱালে
সহি আছো তুমি অহাৰ আশাৰে
দিগন্তলৈ চাই নিঠৰ হৈ

ৰৈ আছো সেই আশাৰে
সূৰুযৰ সোনোৱালী কিৰণে
লৈ আনিব কিজানি 
প্ৰভাতৰ নতুন বাতৰি

ভাৱ শিখাৰ ঢৌ











ভালপোৱা আৰু আবেগৰ
মমতা বিগলিত হৃদয়ত  

ত্বৰিৎ গতিত জ্বলি উঠে
খলকনি তোলা ভাৱ শিখাৰ ঢৌ 

অস্থিৰ মনৰ ভাজে ভাজে
অনুভৱ কৰো হয় এই স্পৰ্শৰ

উম সনা সুৱাসৰ পৰশত
অনুভৱ অশান্ত অবুজ মায়া

এটি অচিনাকি গুণগুণনিৰ
খলকনিত মন হৈ পৰে অস্থিৰ 

অজান বিচ্ছুৰিত উপলব্ধিবোৰ
দৌৰি ফুৰে সিৰা উপসিৰা বগাই

সংবেদনশীল চেতনাৰ সংকেত ধ্বনিত
ইন্দ্ৰিয়ত প্ৰতিফলন সুৰ তৰঙ্গৰ

প্ৰকাশৰ বাট বিছাৰি বিছাৰি
আস্ফালিত হয় অভিব্যক্তিত

শিলামূৰ্তি


মুক্ত বতাহৰ মুকলি মায়াই
ৰাতিৰ আন্ধাৰবোৰত
মায়াবি পৰিবেশৰ সৃষ্টি কৰি
কৰি তোলে নিশাবোৰ অন্তহীন

অহৰহ বৈ থকা মলয়াৰ পৰশত
ঝিৰ ঝিৰ পাতৰ শব্দ
আৰু ঝিলিৰ ঝি ঝি মাতত
উৰুঙা উৰুঙা লাগে মন

খেলি মেলি কৰি উৰি থকা
জোনাকিৰ ঢিমিক ঢামাক পোহৰত
জয়াল জয়াল লগা ৰাতিবোৰ
হৈ পৰে অন্তহীন সংমিশ্ৰিত সাগৰৰ ঢৌ

মনত উঠা নমা কৰা ঢৌবোৰত
দোলি দোলি ভাৱবোৰে 
স্থিৰতা বিছাৰি হাহাকাৰ কৰি
খেদি খেদি যাব খোজে পাৰ বিছাৰি

ক্ষণস্থায়ি এই ভাবোৰৰ ঢৌবোৰে
মনৰ ভিতৰত ঠেকেছা খাই
তোলপাৰ কৰি অস্থিৰ কৰি তোলে
শান্তশীতল মনৰ পৰিবেশ

ঘন ক’লা আকাশৰ ডাৱৰবোৰে
চাই থাকে নিৰ্বিকাৰ হৈ
ভাৱৰ এই ঢৌৰ উদুলি মুদুলিত
আবৃত মই এটি যেন শিলামূৰ্তি

বৈ যায় সুৰ তুলি













মৃদু মলয়াৰ পৰশত
মনে মনে মিঠা মিঠা ভাৱ এটি
বৈ যায় সুৰ তুলি
লুইত পৰীয়া মই 
মন মোৰ পানী যুৱলিত গাঁথা
বিৰিণাৰ পাতত ঢৌ খেলোৱা
মিঠা বতাহ চাটিয়ে
মোৰো মনত তুলে ঢৌ
গীতৰ লহৰ তুলি
হিয়াৰ কোনে কোনে 
মিঠা মিঠা বোল সানি
মিঠা বতাহ চাটিয়ে
কাণে কাণে কৈ যায়
আহা তুমি শৰীৰৰ মায়া এৰি
পাহাৰ ভৈয়াম গছ লতা
ফুল ভূমোৰা মিঠা মৌ
পখিলাৰ লগে লগে
আকাশ বতাহ বিয়পি মিলি যাওঁ
নীলিম আকাশৰ গভিৰতাত
শুকুলা ডাৱৰৰ টুকুৰা হৈ

আতৰি পলাব ক্লান্তি









এছাটি পচোৱাই
ৰ’দৰ ছাঁয়াত 
কৃষ্ণচূড়াৰ প্ৰাণে প্ৰাণে
ৰঙ সানিলে

এটি সুৰ হৈ
অবুজ ভাষাত
বনে বনে পলাশ ফুলালে 

শিহৰণ জাগে প্ৰাণে প্ৰাণে
দূৰণিৰ পুৱতী তৰাই 
আনিব প্ৰভাত 

শেৱালিৰ নিগৰি পৰা চকুলো
নিয়ৰ কণিকাবোৰত 
উপচি পৰিব
মুকুতাৰ জিলিকা হাঁহি

মচি পেলাব 
নিশাৰ অৱসাদ
আতৰি পলাব ক্লান্তি

উপচি পৰিব জীৱন
নীল আকাশত
এন্ধাৰৰ মায়া এৰি 

নিজানত উক দিয়ে











আকাশ বেঢ়ি ধৰা গুঞ্জনহীন ধ্বনিত
বিস্তৃত গহীন মোহিনী সংগীত

স্বৰ্গমুখি হেঁপাহ বাসনা 
ব্যস্ত সিন্ধু মন্থনত


শূন্যৰ নিস্তব্ধতাত জীৱন তন্দ্রাতুৰ

অনন্তৰ অন্তিম বুকুত
জ্যোতি কণাৰ শীতল জোনাক

মহাসাগৰত উপচি পৰা ধল
সন্ধিয়াৰ ঢলি পৰা বেলিত 

বিৰহৰ দ্ৰৱীভূত ৰূপ 

লুইতৰ বুকুৰ ঢৌ
সৃষ্টিৰ এটি আদিম ৰূপ

শেষ পোহৰৰ ধল
জাগিব কাল ৰাত্ৰিৰ বল

সহস্র চকুৰ ফুটাব নোৱাৰা ভাৱ
বুকুয়েদি বৈ যোৱা দুখ
চকুত বিৰিঙে অশ্ৰুৰ সুঁত

থিৰ হৈ ৰওঁ চেতনা নাই
আত্মাটি উৰি যায়
প্রতিধ্বনি হৈ উভতি আহে
বেদনাৰ অব্যক্ত সুৰ

নিজানত উক দিয়ে 
শূন্যতাৰ হাত সাৰি   

এটি চঞ্চল জ্যোতিৰ কণা

জগালে হেঁপাহৰ সপোন









তৰুণ হিয়াত সিঁচিলে 
সুৰীয়া কুলিৰ মাতে
জগালে হেঁপাহৰ সপোন

বননিত কেতেকীৰ গানে 
বাতৰি বিলালে 
সমাগত জোন পূণিৰ্মাৰ 

বতাহে নিশাহ এৰিলে 
মতলীয়া ফুল পখিলাৰ হৃদয়
মৌ মতলীয়া ফুল পদুমত

ডালে ডালে মদাৰে সানিলে ফাঁকু 
জাগ্ৰত কল্পনাৰ সৃষ্টি
অপৰূপ আল্পনাৰ

প্ৰীতিৰ বতাহ ভাহি যায়
উৰণীয়া বা লাগি

এটি ঘনিষ্ঠ উত্তাপ


















শব্দৰ তন্ময়তা ভাঙি 
সৰি পৰে স্বপ্নৰ পাপৰি

ৰ'দালিৰ ভাঁজে ভাঁজে
ছায়াৰ দৰে কিয় জাগে
সপোনৰ কৌতূহল

মোৰ অনুভৱত কিয় জ্বলে
প্ৰেমৰ গুণগুণ

উখল মাখল আকাশত
মেঘৰ আৰে আৰে
চলিছে লুকা-ভাকু খেলা 

কঁহুৱা কোমল 
এক অপাৰ বিস্ময়
মোৰ বুকুৰ ভিতৰে-বাহিৰে

দেখিছো মই 
তোমাৰ মুখৰ সোণালী হাঁহি

এটি ঘনিষ্ঠ উত্তাপ
বৈ আহে এই অনুভৱত

চলিছে উত্সৱ 
মোৰ দুখ, মোৰ আনন্দৰ
উখল মাখল আকাশত 

বৈ  যোৱা অপাৰ বিস্ময়ত
গলি উৰি যায়
মোৰ দুখ, মোৰ আনন্দ

বৈ আহে গুজৰি গুমৰি













বতাহজাকৰ চাকনৈয়াত 
কঁপি উঠে খেৰ কুটাৰে সজা
উৰুখা চালৰ ঘৰ

এছাটি বতাহত দুপৰ ৰাতি
জৰজৰকৈ খহি পৰে পানী

হৃদয়ৰ চোতালত 
উবুৰি খাই পৰেহি 
বোকা পানীৰ ধল

দিহিং পাৰৰ কহুৱাৰ মাজত
বতাহেও গীত জোৰে
ঝিলিৰ মাতত

উখল মাখল বুকুখন গচকি
ৰাতিয়েও সানি যায় 
এন্ধাৰ ক’লা ছাঁয়া

সন্মুখত থিয় দি 
বিচিত্ৰ শব্দবোৰে
ক্ৰমাত ঘেৰি ধৰে কাণ গৰ্ভ

এই চিঞৰত মোৰ চৌকাষে
ওপঙি ফুৰে বিচ্ছুৰিত শব্দস্বৰ

মই দুহাত মেলি দি
আপ্ৰাণ চেষ্টা কৰো 
এই শব্দবোৰ চুবলৈ

অলেখ সপোনৰ দুৰ্বাৰ প্লাবন
বৈ আহে গুজৰি গুমৰি
সোঁৱৰণিৰ ভেটা ভাঙি

পাহৰণিৰ হাবিয়াস











হেঁপাহেৰে খেপিয়াইছো আজি
পাহৰণিৰ হাবিয়াস
সেয়া বহুদিন সযতনেৰে সামৰি থোৱা

মাজে মাজে ওভতনিৰ নৈখনিৰে
ওভতনি মাৰোতে
পখিলা উৰাদি উৰিছিল 
এই চিনাকী সুৱাস

ফুলিছিল কহুৱা 
নাচিছিল জাক পখিলা
থানথিত নোহোৱা এই হেঁপাহ

নিশাৰ এন্ধাৰত উচুপি উঠা মনত
এটি ন-উচ্ছাসৰ অনুভূতি
বৈছিল শৰীৰৰ কোণে কোণে

ক্ষণ গণি গণি পাৰ নোহোৱা নিশাবোৰ
নিমিষতে কেনি জানো
পাৰ হৈছিল মনৰ অজানিতে