নিজানত উক দিয়ে











আকাশ বেঢ়ি ধৰা গুঞ্জনহীন ধ্বনিত
বিস্তৃত গহীন মোহিনী সংগীত

স্বৰ্গমুখি হেঁপাহ বাসনা 
ব্যস্ত সিন্ধু মন্থনত


শূন্যৰ নিস্তব্ধতাত জীৱন তন্দ্রাতুৰ

অনন্তৰ অন্তিম বুকুত
জ্যোতি কণাৰ শীতল জোনাক

মহাসাগৰত উপচি পৰা ধল
সন্ধিয়াৰ ঢলি পৰা বেলিত 

বিৰহৰ দ্ৰৱীভূত ৰূপ 

লুইতৰ বুকুৰ ঢৌ
সৃষ্টিৰ এটি আদিম ৰূপ

শেষ পোহৰৰ ধল
জাগিব কাল ৰাত্ৰিৰ বল

সহস্র চকুৰ ফুটাব নোৱাৰা ভাৱ
বুকুয়েদি বৈ যোৱা দুখ
চকুত বিৰিঙে অশ্ৰুৰ সুঁত

থিৰ হৈ ৰওঁ চেতনা নাই
আত্মাটি উৰি যায়
প্রতিধ্বনি হৈ উভতি আহে
বেদনাৰ অব্যক্ত সুৰ

নিজানত উক দিয়ে 
শূন্যতাৰ হাত সাৰি   

এটি চঞ্চল জ্যোতিৰ কণা