বৈ আহে গুজৰি গুমৰি













বতাহজাকৰ চাকনৈয়াত 
কঁপি উঠে খেৰ কুটাৰে সজা
উৰুখা চালৰ ঘৰ

এছাটি বতাহত দুপৰ ৰাতি
জৰজৰকৈ খহি পৰে পানী

হৃদয়ৰ চোতালত 
উবুৰি খাই পৰেহি 
বোকা পানীৰ ধল

দিহিং পাৰৰ কহুৱাৰ মাজত
বতাহেও গীত জোৰে
ঝিলিৰ মাতত

উখল মাখল বুকুখন গচকি
ৰাতিয়েও সানি যায় 
এন্ধাৰ ক’লা ছাঁয়া

সন্মুখত থিয় দি 
বিচিত্ৰ শব্দবোৰে
ক্ৰমাত ঘেৰি ধৰে কাণ গৰ্ভ

এই চিঞৰত মোৰ চৌকাষে
ওপঙি ফুৰে বিচ্ছুৰিত শব্দস্বৰ

মই দুহাত মেলি দি
আপ্ৰাণ চেষ্টা কৰো 
এই শব্দবোৰ চুবলৈ

অলেখ সপোনৰ দুৰ্বাৰ প্লাবন
বৈ আহে গুজৰি গুমৰি
সোঁৱৰণিৰ ভেটা ভাঙি