মুক্ত বতাহৰ মুকলি মায়াই
ৰাতিৰ আন্ধাৰবোৰত
মায়াবি পৰিবেশৰ সৃষ্টি কৰি
কৰি তোলে নিশাবোৰ অন্তহীন
অহৰহ বৈ থকা মলয়াৰ পৰশত
ঝিৰ ঝিৰ পাতৰ শব্দ
আৰু ঝিলিৰ ঝি ঝি মাতত
উৰুঙা উৰুঙা লাগে মন
খেলি মেলি কৰি উৰি থকা
জোনাকিৰ ঢিমিক ঢামাক পোহৰত
জয়াল জয়াল লগা ৰাতিবোৰ
হৈ পৰে অন্তহীন সংমিশ্ৰিত সাগৰৰ ঢৌ
মনত উঠা নমা কৰা ঢৌবোৰত
দোলি দোলি ভাৱবোৰে
স্থিৰতা বিছাৰি হাহাকাৰ কৰি
খেদি খেদি যাব খোজে পাৰ বিছাৰি
ক্ষণস্থায়ি এই ভাবোৰৰ ঢৌবোৰে
মনৰ ভিতৰত ঠেকেছা খাই
তোলপাৰ কৰি অস্থিৰ কৰি তোলে
শান্তশীতল মনৰ পৰিবেশ
ঘন ক’লা আকাশৰ ডাৱৰবোৰে
চাই থাকে নিৰ্বিকাৰ হৈ
ভাৱৰ এই ঢৌৰ উদুলি মুদুলিত
আবৃত মই এটি যেন শিলামূৰ্তি