বিপদ

পথটো একেবাৰেই ঠেক
তাতে আকৌ বৰষুনৰ বতৰ
বোকাত পৰি লেটিপেটি হোৱাত
লগৰীয়াই হাঁহিত থাকিব নোৱাৰা হ
এনেতে বিপদ আৰু বাঢ়ে
লাজতেই নে কি কাৰনে
নাকত খজুৱতিটো জানো কৰ পৰা আহে
বিহুৰ বতৰত সাঁজিকাচি আহি এনে অবস্থা
কোনোবাই পিচল খায় প্ৰেমত আৰু মই
ভাৱটো মনলৈ অহাত
লাজটো যেন শতগুণে বাঢ়ি গ
একে লৰে ঘৰ পালোহি
লাজটোয়ে কিন্তু তেতিয়াওঁ মোক
লগ এৰা দিয়া নাছিল

কি অভিলাষ মনৰ

নিজকে হেৰুয়াই  কিহৰ ৰাগিত
দৌৰি ফুৰিছ ঢৌৰ উৰ্মিমালা খেদি

যন্ত্ৰনাত দহি দহি
ছাটি ফুটি কৰি ওৰে নিশা জাগি থাক

চকুৰ টোপালবোৰ বুকুত জোৱাৰ তুলি
বৈ যায় মৰা নিজৰাৰ সুতি হৈ

তথাপিও আজীৱন খেদি ফুৰিছ
মিছা সপোনৰ ৰাগিত বলিয়া হৈ

বুজিও নুবুজিলো
কি অভিলাষ মনৰ

আজি থমকি ৰ’লো হঠাতে

মোৰ চোতাল ৰ’দালি কৰি
আহিছিল এটা হালধীয়া সপোন
আকাশৰ নীলা বকুৰ তলত

মই অনুভৱ কৰিছিলো এক শিহৰণ
দেও দি ফুৰিছিল মনে চাৰিওকাষে

সেয়া আছিল অতীতৰ কথা
ভৰ যৌৱনৰ ডেকা বয়স
নাচিল কৃত্ৰিমতাৰ কোনো আকবাক

তাৰ পাছত জীৱনে বাট সলালে
ৰ’দালিক আতৰাই এন্ধাৰে ঠাই ল'লে
নিঃসংগতা হ’ল জীৱন সংগী

আজি থমকি ৰ’লো হঠাতে
দূৰৰ পৰা ভাহি আহিছিল এটা সুৰ
সৰাপাতত গুনগুননি তুলি

শুকান ডালত দেখিলো কুমলীয়া পাতৰ হাঁহি
নামি আহিছিল এজাক অবতৰীয়া বৰষুণ
অনুভৱ কৰিলো চিনাকি গোন্ধ এটাই মনত টুকুৰিয়াই আছে

ভাৱ হ’ল এজাক বতাহে যেন
ধেমালিৰে আঁচল কঁপাই
আৱেগেৰে জুকিয়াইছে কথাবোৰ

জীৱন

জীৱনলৈ বিপত্তি আহে
আহে প্ৰাপ্তিৰ আনন্দ আৰু অপ্ৰাপ্তিৰ বেদনা

জটিল মুহূৰ্তবোৰত
অতীতৰ স্মৰণ আৰু ভৱিষ্যতৰ শংকাই
মন প্ৰভাৱিত কৰে

ভাগ্যক দূষি বহি নাথাকে মন
দুৰ্যোগৰ চাকনৈয়াত পথৰ বাধা নেওচি
তমসাচ্ছন্ন জীৱনত
বাধা অতিক্ৰম কৰি পোহৰৰ সন্ধানত
মনে কৰে  নতুন দুৱাৰৰ সন্ধান

লক্ষ্য মাটিৰ সন্ধান

ছয়াঁময়া পোহৰত দেখিলো
ভাগি অহা উৰণীয়া ডাৱৰৰ
এটি টুকুৰা

বিৰিঙি আছে তাত
আশাৰ এক সোনালী আভা

খোপনি পুটিব পৰা নাই
ভাহি ফুৰিছে বতাহত

মনত জাগিল দোমোজা
শূন্যতাৰ মাজত
কিয় কৰো বাটৰ অন্বেষণ

ডাৱৰৰ পৰা ওলোমা শিপা বিলাকে
আকুল তৃষ্ণাৰে চাই আছে তললৈ

দৃষ্টিত আশাৰ ঢল
লক্ষ্য মাটিৰ সন্ধান

গঢ়িছো মনৰ সপোন

সেউজীয়া ধাননিত স্ফুৰিত হয়
শীতল জোনাক

সেই জোনাকৰ আবেশত
গঢ়িছো মনৰ সপোন
তাঁতৰ শালত বহি

ভাগি অহা কেতেকীৰ কণ্ঠই
উদগণি দিছে
সোঁৱৰণিৰ পদুলি মুখত আহি

ৰৈ ৰৈ যোৱা মাকো
প্ৰাণ পাই উঠে
বাঢ়ি যায় গতি

সেই আন্ধাৰ বাটত

মই থাকোঁ চাই আন্ধাৰৰ শূন্যতাত
চাই থাকোঁ সিহঁতৰ হাহাকাৰবোৰ
সিহঁতে হাঁহে বিকৃত চিঞৰ মাৰি

অশৃঙ্খল এজাক মানুহৰ দল
সিহঁতৰ কায়াই বিদ্ৰোহ কৰে
আন্ধাৰৰ আৰত গছৰ ছায়াত

খকা-খুন্দা লাগি সিহঁত ভাগৰি পৰে
নাকত লাগেহি সিহঁতৰ বিকৃত গোন্ধ

মোৰ তপত নিশ্বাসত কঁপনি উঠে
সেই অন্ধকাৰ বাটত খোজ কাঢ়ি

মই উকি মাৰি মাৰি যাওঁ
সেই আন্ধাৰ বাটত

অনুভৱ কৰো পূব আকাশত
এটা চাঞ্চল্যৰ মৃদু স্পন্দন
দেখো পোহৰে চুমিচে নীল আকাশ

সিহঁতৰ আৰ্ত্তনাদবোৰ শেষ হয়
ৰাতিৰ শেষত পোহৰৰ আৰত

লগালা জুই কি ভাবি

ভাষাহীন কন্ঠত ঢালি দিলা সুৰ
চুচুক চামাককৈ ওৰণিৰে মুখ ঢাকি

হঠাতে বোৱা এজাক বতাহে
মন উৰোৱাই নিলে
কঁহুৱা বনত কঁপনি তুলি

কঁপিছিল হৃদয় শিমলুৰ ৰঙা হাঁহিত
দেহৰ প্ৰতিটো বিন্দুত শিহৰণ তুলি

যৌৱনৰে এই  বনৰীয়া মনত
লগালা জুই কি ভাবি

লুইতপৰীয়া হৃদয়ত মোৰ
বলিছে ধুমুহা  বাৰিষাৰ ঢল হৈ

আনন্দ আৰু মিলনৰ গান

কুলিৰ মাতত  ভাহি যায়  বতাহত বিহুৰ আনন্দ
চিকিমিকি বালিডৰা যেন সপোনৰ ৰিহাৰে বোৱা
উল্লাসত উপচি পৰে লুইতৰ পাৰ
আকাশ যদিও ডাৱৰে ঢকা প্ৰাণত কমা নাই ভাবৰ উন্মাদনা
আৱেগৰ ধল বৈ যায় বতাহত
বসন্তৰ সন্ধিয়া পুষ্পিতা ধৰণীৰ বননিত   শুনো কল্লোলৰ ধ্বনি
হিয়াত বাজি উঠে  শতমুখী তান
আনন্দ আৰু মিলনৰ গান
হৃদয় আতুৰ চাওঁ একেথিৰে
জোনাক নামে এটি আৱেগৰ চুম্বন হৈ
হৃদয় উতলা বুকুত সঘনে কঁপে
বিচিত্ৰ মধুৰ গানৰ নীৰৱ ৰাগিণী
এইযে ৰচিছে মায়া জীৱন সঙ্গীতৰ
অন্তৰত বাজিছে সুৰ নিজৰাৰ দৰে
হৃদয় আবৰি ফুলিছে এখনি বিতোপন ফুলনি

অশান্ত উৰ্মীমালা

মনৰ অশান্ত ঢৌৰ  উৰ্মীমালাই
কিয় জানো আকাশ চুব খোজে

আস্ফালিত মনৰ আকাশচুম্বি আকাংক্ষাত
কম্পিত হৃদয়ত চলিছে সংঘাত

উচ্চাভিলাষি মনৰ দূৰাকাংক্ষাত
মন হৈ পৰিছে অশান্ত

দুৰন্ত গতিৰে ধাবমান হৈ
অশান্ত মন হোৱা নাই  ক্লান্ত

তই কিয় ভাবিছ

আকাশত উৰি উৰি
তই কিয় ভাবিছ
নীল আকাশখন তোৰেই বুলি

তইতো নাজান এই বিশালতাৰ সীমা কত
উৰি উৰি ভাবিছ  নেকি
জীৱনভৰ উৰিয়ে থাকিবি বুলি

তই জানো দেখা নাই
ডাৱৰৰ আৰে আৰে
উৰি থকা চিলনীৰ জাক

তোক দেখি যেতিয়া
চিলনীয়ে খেদা মাৰি আহিব
চিঞৰি গগন ফালিলেও একো লাভ নাই

আকাশত উৰি উৰি
তই কিয় ভাবিছ
আকাশত আৰু কোনো নাই বুলি

পশ্চিমৰ পচোৱাত মেলি দিলো নাও

লুইতৰ সোঁতত উটি ভাহি
নাওখনি মোৰ কেনি যায় আগুৱাই
ঢৌৰ চেৱে চেৱে নাচি বাগি
বালিত ঠেকেচা খাই
মাজে মাজে পাক-ঘূৰনি খায়
পাল তৰি দিলো নাওখনিত মোৰ
পশ্চিমৰ পচোৱাত যাওক উটি
অচিন দেশৰ পাৰ বিচাৰি
মই বলীয়া নাৱৰ টিঙত বহি
শুকোলা পাল তৰি দেহামন এৰি দি
পশ্চিমৰ পচোৱাত মেলি দিলো নাও

উৰি ফুৰিছে মন

আজি এই পোৱা বেলাতে
সাৰ পাই উঠি শুনিলো
পক্ষীটিৰ গীতত মন ভোলোৱা তান
সেই সুৰৰ মায়াত জানো কি জাদু আছিল
টলমল কৰিছে আজি দেহামন
বতাহৰ আচলত ধৰি
উৰি ফুৰিছে মন
আজি এই পোৱা বেলাতে
পক্ষীটিয়ে জানো কিনো গীত গালে
ৰুণজুণ খোজত ধাপলী মেলিছে মন

কি মায়াত পৰি

অন্তহীন এই জীৱন পথাৰত
মায়াৰ ফান্দত পৰি তই
খেদি ফুৰিছ কি বিচাৰি

দুৰৰ পাহাৰ দেখি
কি মায়াত পৰি
লুংলুঙীয়া বাটেৰে খোজ দিলি

ভাবিচ কিয় তই
পাহাৰ শিখৰত উঠি
আকাশৰ জোনটি লবি সাৱতি

বিস্ময়ৰ এটি ৰিমঝিম মাধুৰী

গঢ়িছো তাঁতৰ শালত বহি
মনৰ সপোন

সেউজীয়া ধাননিত স্ফুৰিত
শীতল জোনাকত
সোঁৱৰণিৰ মাদকতা
শেৱালী ফুলৰ দৰে

মনৰ পৰিধি বাঢ়ি যায়
নীল আকাশ ভেদি
ডাৱৰৰ দৰে উটি ফুৰে মন
পাহাৰী জুৰিটিৰ নৃত্য দেখি

হঠাতে জিলিকি উঠা
বিজুলীৰ চিকমিকনিত
দেখো এটি  ৰূপৰ জেউতি

বৰষুনৰ সতে ধৰিত্ৰীৰ বুকুত বাজে
ৰুণু জুনু নূপুৰৰ ধ্বনি

বসন্তৰ কম্পিত এই সুৰভিত
বৈ যায় হৃদয়ৰ স্তৰে স্তৰে
বিস্ময়ৰ এটি  ৰিমঝিম মাধুৰী

নোজোকাবা মোক

আজি এই দেহৰ ভৰসাতে
অকলেই আহিছো আগুৱাই

সময় থাকোতেই
পাৰ হব লাগিব বহুবাট

মনে বিচৰা ঠাইখনি
চকুত নপৰে
আহিলো যদিও
বহুদুৰ বাট-কুৰি বাই

কেতিয়া জ্বলিব
আশাৰ চাকি-গচি
তাৰ যে একো উমঘাম নাই

নোজোকাবা মোক
ব্যংগৰ হাঁহি মাৰি
চকুলো টুকিবলৈও
গাত যে শকতি নাই

কাৰ বাবে

কাৰ বাবে জানো বাট চাই চাই
প্ৰতিটো নিশা টোপনি নাহে

শেৱালী ফুলৰ  সুবাসে
আগুচি থাকে মন প্ৰতিপল

কাৰ বাবেনো মন আজি উগুল থুগুল
প্ৰতি উশাহত থমকি থমকি বুকু কঁপে

শৈশৱৰে সোনালী দিনবোৰ

বেজাৰ বেজাৰ লগা মনটোত
কোনে জানো মৰমতে হাত বুলাই

জিলমিলিয়া টোপনিতে দেখো সপোন
কোনে জানো আলফুলে গুনগুনাই

আজিযে বৰকৈ মনত পৰিছে
আইৰে হাতৰ পৰশৰ কথা

শৈশৱৰে সোনালী দিনবোৰ
বৰকৈ মনত পৰিছে আজি

চকুত বিৰিঙি উঠিছে চকুপানী
আইয়ে গোঁসাই ঘৰত
চাকি জ্বলোৱা দৃশ্য মনত পৰি

মনে উভতি যাব খোজে

মই এইযে ওলালো আজি
উভতি আহিম বুলি ভবা নাই কেতিয়াও

ঘুৰি অহাৰ কোনো প্ৰতিশ্ৰুতি দিয়া নাই কাকো
দিয়া নাই উভতি অহাৰ আশা

তথাপিও কিয় জানো বাৰে বাৰে
মনে উভতি যাব খোজে

নাহো বুলিয়েই ওলালো আজি
তথাপিও কিয় জানো
স্মৃতিবোৰে বাৰে বাৰে আমনি কৰে

নসূৰুযৰ আশাৰে আহিছো আজি
নতুন দিনৰ পোহৰ বিচাৰি

তথাপিও কিয় জানো
মনে উভতি যাব খোজে

মই এইযে ওলালো আজি
উভতি আহিম বুলি ভবা নাই কেতিয়াও

এই বহাগে কি যাদু কৰি যায়

এই বহাগে কি যাদু কৰি যায়
মনৰ মাজত দেখোন উগুল থুগুল লাগে
লগৰী বিচাৰি মনে ইচাত বিচাত কৰে

ঢোলত চাপৰ পৰে ঘনে ঘনে
নাচিবলৈ মন যায় প্ৰাণ-ঢালি
পেঁপাৰ মাতত মন ভাহি যায় সুৰৰ লগত

নদীৰ মোহনাত কাৰ সপোনত
দুচকু টলমল কৰে

উদং ৰাতি স্বপ্নবোৰে
আকাশী লতাৰ দৰে মেৰিয়াই ধৰে
হেচা মাৰি সকলো শুহিম বুলি

মাজ নিশা সাৰ পাই শুনো

মাজ নিশা সাৰ পাই শুনো
কাৰোবাৰ খোজৰ প্ৰতিধ্বনি

আন্ধাৰৰ মাজে কোনে জানো
মোৰ মনটোক লৈ চলনা কৰে

বাৰে বাৰে সাৰ পাই শুনো
সেই একেই খোজৰ প্ৰতিধ্বনি

আন্ধাৰৰ মাজে কোনে জানো
মোৰ মনটোক লৈ চলনা কৰে

অস্থিৰ মনত মোৰ কি জানো মায়া জাগে
মাজ নিশা শুনো বাৰে বাৰে
কাৰোবাৰ খোজৰ প্ৰতিধ্বনি

মন বৰকৈ ৰাইজাই কৰে

আজি বহাগৰ মৌ সনা বতৰত
মন বৰকৈ ৰাইজাই কৰে

নীলা ৰং সনা আকাশলৈ চাই চাই
ঢোলৰ চাপৰ চেৱে চেৱে
বুকু উঠা নমা কৰে

হৃদয়ৰ বীনখনিত  ক্ষণে ক্ষণে
নুবুজা ৰাগ এটি বাজি উঠে

আজি বহাগৰ মৌ সনা বতৰত
মন বৰকৈ ৰাইজাই কৰে

বাৰে বাৰে কঁপি উঠে মন


আজি মোৰ  মনে কৰে হাহাকাৰ
বান্ধিব খুজিও নোৱাৰো বান্ধিব মন
ডলাৰ বগৰী মই 

বাৰিষাৰ ধুমুহাই কৰিলে মোক অঘৰী
লুইতৰ বুকুত উটি যোৱা গাঁওখনি
বাৰে বাৰে সপোনত দেখো

বিজুলী ধেৰেকনীত শুনো
হেৰাই যোৱা জীৱন লগৰীৰ
আৰ্তনাদৰ  কৰুণ প্ৰতিধ্বনি

চকু মুদিও নোৱাৰো পাহৰিব
বাৰে বাৰে কঁপি উঠে মন
সেই আৰ্তনাদৰ প্ৰতিধ্বনিত সাৰ পাই উঠো

বৰষাক ভাল পাওঁ মই

বৰষাক ভাল পাওঁ মই
কঢ়িয়াই আনে আশা ধৰণীলৈ
শইচ পথাৰ সেউজীয়া কৰি

সেউজী ৰহন সনা বৰষাৰ ঋতুত
গছে পাতে জিলিকি উঠা উজ্জ্বলতাত
দেখা পাওঁ জীৱনৰ প্ৰতিশ্ৰুতি 

শুকান ডালত বিৰিঙী উঠা হাঁহিত
বিছাৰি পাঁও জীয়াই থকাৰ অৰ্থ

ধুমুহাই দি থৈ যায় অফুৰন্ত সাহস
বিজুলী ধেৰেকনীয়ে যদিও কঁপাই অন্তৰ আকাশ
মৃদু শিহৰণ জাগে মনত

হেৰুৱা মনৰ সন্ধানত

ভাৱত বিভূৰ এই জোনাক ৰাতি
হেৰুৱা মনৰ সন্ধানত
পৰুৱাই পোৱা মনে খায় হাবাথুৰি

মলয়া চাটিৰ পৰশত মনটো
কেনি জানো উটি ভাহি যায়

পানীত জিলিকা জোনৰ চিকমিকনিত
মনে জানো কি বিচাৰি পাই
চাই থাকে থৰ লাগি

নিঃশব্দ নিজান এই জোনাক ৰাতি
নাই কোনো শব্দৰ কোলাহল

আকাশৰ গভীৰতালৈ চাই
ধুমকেতুৰ দৰে দেখা দি
মনটো জানো কত হেৰাল

ভাৱত বিভূৰ এই জোনাক ৰাতি
হেৰুৱা মনৰ সন্ধানত
পৰুৱাই পোৱা মনে খাই হাবাথুৰি

সুহুৰি এটা বুকুত বাজে

দুচকু উজাই অনা বিষাদবোৰ
সৰি পৰে এটোপ এটোপকৈ
আৱেগৰ চকু পানী  হৈ

আউল লগা বাটত
ভঙা-চিঙা শব্দৰ টুকুৰাৰে
সুহুৰি এটা বুকুত বাজে

খৰাং নৈৰ দৰে
অনুভৱৰবোৰ পাৰ হৈ যায়
নিঃশব্দে নীৰৱে

বুকুত ফুলা কহুৱাৰ উখল মাখল ভাৱ

বিহুগীত –বনগীত আৰু
পেঁপা গগনাৰ সুৱদি মাতত
ডাৱৰৰ ওৰণি ফালি হাঁহে জোনটিয়ে

এই সুৰৰ ৰাগিত মতলীয়া হৈ
মনৰ মাজত উঠে অজুব বুৰবুৰণি

বুকুত ফুলা কহুৱাৰ
নৈশব্দ মৃদু কম্পনত অনুভৱ হয়
জুৰিটিৰ উখল মাখল ভাৱ

আলফুলকৈ বাঢ়ি অহা
আৱেগৰ ঢৌবোৰ খামুচি ধৰি
চঞ্চল মন আগুৱাই স্মৃতিৰ সফুঁৰা খুলি

সোনালী স্মৃতিবোৰে আহি
মন মগজু তুলপাৰ কৰি
লুকা-ভাকু খেলে

বতাহৰ সুহুৰিয়ে তন্ময়তা ভাঙি
নিঃশব্দে বগাই ফুৰে
মোৰ আত্মাত মোৰ আবেগত

অনুভৱৰ গুণগুণনিবোৰ ঢৌ খেলি
উপঙি আহি থিতাপি লয়হি হদয়ত
বাৰিষাৰ কোবাল নদীৰ দৰে

মন পখিটি উৰা মাৰে

ধৰণীৰ বুকুত মৌচুমীৰ নতুন বৰষুণ
সৰু জুৰিটিত শুনো আনন্দৰ খিলখিল হাঁহি

এছাটি মলয়া বৈ যায়
জুৰিটিৰসতে ধেমালী কৰি

মন পখিটি উৰা মাৰে
উমি উমি জ্বলে হেৰোৱা দিনৰ সপোন

নতুন ভাৱ এটি নৈৰ সোঁতত
ঢৌ খেলি নীৰৱে অকলে আগুয়াই

জিলমিলিয়া কোমল বালিত ঠেকা খাই
বুকুত এটি মিঠা সুৰ বৈ যায়

আজি দেখোঁ হাঁহি হাঁহি
মনে উভতি নাচাই

সময়-বালিত খোজ ৰাখি
যতেততে হেঁপাহৰ বালিঘৰ সাজি বহে

ৰং বিৰঙৰ পখিলা

সুগন্ধি শেৱালিৰ দৰে
ৰাতিপুৱাৰ ভাৱবোৰ
মসৃণ নিভাজ হৈ থাকে
সম্প্ৰীতিৰ ভাৱ এটাই
কুঁৱলীৰ আৰ লৈ
মনৰ কাষত ৰৈ খেলা কৰে

শেৱালিলৈ চাই থাকোতে
কেতিয়া মন সাগৰত হেৰাই গ’লো নাজানো
দেখিলো আকাশত সূৰুজে হাঁহি মাৰি দেখা দিছে

এটি সুকীয়া দিনৰ আৰম্ভণি
মনৰ মাজৰ মসৃন ভাৱবোৰ
ৰং বিৰঙৰ পখিলা হৈ
হঠাতে আতৰি নোহোৱা হল

ৰাজপথত জিলিকি উঠিল
জীয়াই থকাৰ আশা নিৰাশাৰ খেলবোৰ
দুচকুত ভাহি উঠিল দিঠকৰ প্ৰহেলিকাবোৰ

হঠাতেই জহি খহি গ’ল

আঁৰে আঁৰে লুকাভাকু খেলি
অবাধে আহিল আৰু গ’ল
কাঢ়ি লৈ গ’ল সকলো অস্তিত্ব

কোনে খতিয়ান ৰাখে
বহাগৰ ধুমুহাৰসতে
কিমান সপোন সৰি গ’ল

কলঙ কপিলীৰ পাৰত
হঠাতেই জহি খহি গ’ল
বহুতো বুকুৰ সেউজীয়া সপোন

প্ৰভাতী চেতনা

নীল আকাশৰ পূৱালী কোণৰ
নিজান লুইতৰ সহস্ৰ সোঁতত
জিলিকি উঠিল  সোণালী আভা

বালিৰ কাষৰ সূৰ্য্যস্নাত বননিত
শুনো উখল-মাখল প্ৰাণময়
জীৱনৰ কল্লোল

পাৰ ভাঙি অহা তৰঙ্গ ৰাজি
সোঁতৰ চেৱে চেৱে বাঢ়ে
ফেনিল উত্তাল হৈ

হৃদয় কাঢ়ি লৈ যায় অবাধে
বিচিত্ৰ সন্মিলিত  কন্ঠস্বৰত
অদ্ভূদয় প্ৰভাতী চেতনাৰ

প্ৰীতিৰ বতাহত কঁপে হৃদয়

শব্দৰ সপোন সাঁজি বিচাৰি চাওঁ
অন্তৰত ভৰি থকা অনুভূতিবোৰ

অপৰূপ জেউতিৰ সম্ভেদ দিয়ে
অনুভৱৰ এই সুবাসে

সখিয়তী পখীটিৰ কৰুণ বিননিয়ে
মোক কৰেহি উন্মনা

নাহৰৰ সৰি পৰা ফুলবোৰ
হাতত বুটলি লৈ বিচাৰোঁ তুলনা

মন আকাশত প্ৰতিধ্বনি তুলি
উপচি পৰে গানৰ ভাষা

ছন্দৰ গতিৰে এফাঁকি কৱিতাৰে
আঁকো জীৱনৰ সোনোৱালী ছবি

প্ৰীতিৰ বতাহত কঁপে হৃদয়
এটি হাঁহিৰ বিজুলী খেলি যায় মনত
বৈ যায় দুটুপি চকুলো আনন্দৰ

কিছু আনন্দ আৰু কিছু বিষাদ

কিয় জানো গধূলিবেলা
প্রাণে বিচাৰে এক শিহৰণ
হয়তো এনে অনুভুতিয়ে
মনলৈ লৈ আহে মধুৰ মুহূৰ্তবোৰ
সেই বিশেষ স্মৃতিবোৰত থাকে
হৃদয়ৰ সজীৱতা

সুর্য্য অস্ত যায় গধূলি
আৰু কঢ়িয়াই আনে
মলয়াৰ সোঁতত কিছু গীত
জীৱন আগুৱাই
এৰি থৈ যায়
কিছু আনন্দ আৰু কিছু বিষাদ

কবিতাৰ জন্ম

অন্তৰৰ পৰা বৈ অহা শব্দৰ ৰূপ
এক স্বতঃস্ফূৰ্ত অনুভূতি
মন আৰু আত্মাৰ উপলব্ধিৰ প্ৰকাশ
এটি যেন খেল কল্পনা আৰু দিঠকৰ
এই অনুভৱবোৰে মনত
লুকাই থকা  ভাৱবোৰত খলকনি তুলে
স্বতঃস্ফূৰ্তভাৱেই জন্ম হয় মনত কবিতাৰ
ভাৱৰ এই বুৰবুৰণিৰবোৰ আৱেগৰ তাগিদাত
অটল গহ্বৰৰ পৰা উলাই আহে
এটি পাহাৰীয়া নিজৰাৰ দৰে

হেঁপাহ আত্মাৰ চিৰশান্তি

নিশাৰ অকলশৰীয়া জোনটিত
বিচাৰিছিলো নিজ সত্তা
বিচাৰিছিলো অনন্ত কালজোৰা
প্ৰকৃতিৰ ৰূপত লেখা স্বপ্নভূমি

ঘূৰি ঘূৰি উভতি আহিছো
জুৰিটিৰ জিৰজিৰণিত
সংগীতৰ সুৰ শুনি
উষাৰ  হেঙুলী আঁচলত মুখ ঢাকি

দিগন্তত মিলি যোৱা
পখীজাকৰ কল্লোলৰ প্ৰতিধ্বনিত
মিলি যাব খোজে অন্তৰ
অসীমৰ অচিন বাটত

জোনাকী সন্ধিয়া
উঠলি উঠে বুকুত
আৱেগভৰা গীতৰ সুৱলা মাতত
হৃদয়ৰ তৰঙ্গ ৰাশি

অপূৰ্ব এই কল্পনাৰ মায়াজালত পৰি
গাঁথিছো অন্তৰত অভিলাষি মালা
হেঁপাহ আত্মাৰ চিৰশান্তি
বাসনা শান্তিময় সুখৰ নিজৰা

কিছু উপলব্ধি

নিজানৰ শূন্যতাত বিচৰণ কৰে
অবাধে খহি পৰা এচমকা পোহৰ

এনে লাগিছিল যেন
এটা বিন্দুত সংগোপনে বাস কৰিছিল
উৎসাহিত কিছু উপলব্ধি

কুঁৱলী ফালি চিনাকী চিনাকী লগা
সুৰ কিছুমান উৰি ফুৰিছিল আসেপাশে

এই সুৰৰ ছন্দত বন্দী হৈ
মেলি দিলো জীৱন নাও
আশাৰ পাল তৰি
অনন্ত আকাশৰ গভীৰতাত

অভিজ্ঞতাৰ অনুভৱ

তমসাচ্ছন্ন জীৱনৰ
জটিল মুহূৰ্তত
পোহৰৰ সন্ধানত
হেজাৰ বাধা নেওচি
দুৰ্যোগৰ চাকনৈয়াৰ পৰা
মুক্তি পোৱাৰ আনন্দৰ অনুভৱে
অশান্ত মনক  শান্ত কৰি
পোহৰ প্ৰাপ্তিৰ মাদকতাৰ
অনুভৱ দিয়ে

ৰাতি আন্ধাৰত ভ্ৰমা মনে
পোহৰৰ স্পৰ্শত
জীৱনৰ বিশ্বাসৰ
বন্ধ দুৱাৰ মুকলি কৰি
আবেগ, অনুভূতিৰ ক্ষণবোৰত
লক্ষ্যপ্ৰাপ্তিৰ বাটত
জীৱনক নতুন গতি দিয়ে

বান্ধোন খুলি যাই বাৰে বাৰে

সংগ্ৰাম এটি নাম জীৱনৰ
জীৱনৰ-পথৰ লগৰীয়া

বেদনাই যদি পথে ঘাটে
সমদল গঢ়ে
চিঞৰি পৃথিৱী কঁপাই
হৃদয়ে নোপোৱাৰ দুখত

অসীমত মিছা কল্পনাৰ
ৰামধেনুখনি বিচাৰি
আশাৰে লুইতত নাও মেলি
মৰমৰ ঢৌত সাঁতোৰাৰ হেপাহ জাগে

মিলনৰ বাসনাত
কোনোবা ৰূপহীৰ মৰমী চাৱনিত
মনে লগৰী বিচাৰি ফুৰে

হৃদয় নিৰুপায়
বʼহাগত কুলিৰ মাতত
উজুটি খাওঁ বাৰে বাৰে

শিকলিৰে বান্ধিব খোজিও
নোৱাৰো বান্ধিব মন
বান্ধোন খুলি যাই বাৰে বাৰে

কাজলসনা চকুৰ চাৱনিত
মনত কি কৰোঁ, কি কৰোঁ লাগে

অস্থিৰ মনৰ ধুমুহা

যৌৱনৰ গান হেজাৰ সূৰুযৰ জ্যোতি
চঞ্চল মনে জানো মোৰ
কিনো বিচাৰি হাবাথুৰি খায়

দেহাৰ ভাঁজে ভাঁজে লুকাই আছে
সেউজ সপোন মোৰ
ৰৈ ৰৈ বুকুত গুমৰি উঠে

গগনাৰ মাতত উচপ খাই
বাউলী হৈ পৰা মনত
বাৰিষাৰ ধল নামে

অস্থিৰ মনৰ ধুমুহাত
তাঁতশালত শিপিনী থৰ লাগে
মাকো চলাওঁতে জোটপোট লাগে

পদুলিমুখতে হাঁহিৰ খলকনিত
উৰি যাই এজাক শৰালি হাঁহ
লুইতৰ সীমাচেৰাই

খহনীযা নৈৰ সোঁতত

প্ৰহৰী হিমালয়
শুনিছিলোঁ তাহানি 
কামেং সীমান্তৰ সিপাৰে হেনো
আছে শান্তিৰ অনন্ত সিন্ধু

ঢোল পেঁপা আৰু
গগনাৰ মাতত আশাবোৰ
আকাশৰ ৰামধেনু খেদি খেদি
ৰিঙা ৰিঙা হৈ উৰে

লুইতৰ বুকুত মেলি দিলো নাও
সপোনৰ ফুলনি বিচাৰি
ছন্দত বন্দী অনন্ত আকাশৰ
প্ৰতিধ্বনি শুনি

খহনীযা নৈ
লুইতপৰীয়া চাকৈ-চকোৱা হালে
নিশাটি বিনাই
সেই আৱেশত স্পন্দিত হৈ

মোৰ মনত
কোনে জানো তুলিকা বোলায়
নাচিয়ে ফুৰিছোঁ সপোন দেখি দেখি
আশাৰ বালিচৰত ঘৰ সাজি

পুৱতি নিশা
হঠাৎ ভাগি গল সপোন
ঢৌত উটি কেনি জানো আগুৱালো
কুঁৱলীৰ আৰৰ নূপুৰ শুনি

বন্দি হলো মই
জীৱন-যুঁজত জিকিম বুলি
ৰামধেনুক সংগী কৰি
এন্ধাৰ বাটেৰে আগুৱাই

কিহৰ মোহত পৰি
মৰিচিকা খেদি খেদি
এন্ধাৰলৈ গʼলো
দুহাতেৰে চকু ঢাকি

কিছু আশা কিছু নিৰাশা
জীৱনৰ-পথৰ বেদনাই
আমনি কৰিছে মোক
আজি প্ৰকাশ বিহীন হৈ

যৌৱনৰ তেজি ঘোঁৰাৰ চমক

বসন্তৰ বতাহত হিল-দ’ল ভাঙি আহে
যৌৱনৰ তেজি ঘোঁৰাৰ চমক
খহি পৰে মৌনতা

জীৱনৰ গাঁথনিৰ ফাকে ফাকে
বিজুলীৰ ৰেখা যেন
অৱচেতন মনত ওপজা ফিৰিঙতিবোৰ

আৰু

সোঁৱৰণিৰ পদুলিত ধেমালি কৰা
স্মৃতিৰ জোনাকীবোৰে
সিঁচি যায় ৰিমজিম মাদকতা

আকাশৰ হেঙুলীয়া ৰশ্মিৰ আবেশত
ৰিণি ৰিণি  শুনো
বননিত কঁপি উঠা প্ৰাণৰ মৃদু হিল্লোল

বসন্তৰ এই মোহিনী ৰূপত
হৃদয়ৰ স্তৰে স্তৰে  বাজি উঠে
নতুনকৈ জী উঠাৰ আশা

বসন্তৰ আবেশত

বসন্তৰ আবেশত পুষ্পিতা ধৰণীত
আপোন সুৰত বাজে
জীৱনৰ তৰঙ্গৰাশি

আজি হূদয় উতলা
বুকুত জ্বলে একা-বেঁকা
সঘনে কঁপা অগ্নিময় শিখা

নীৰলে কাণত বজা
সন্ধিয়াৰ আৰতি
আনন্দ-বিষাদ আৰু মিলনৰ গান

আলসুৱা অন্তৰত
সঘনে চমকে এটি আৱেগৰ
চিকমিক বিজুলীৰ অবুজ ৰেখা

বসন্তৰ বা লগা দুৰন্ত বাসনা
এটি প্ৰতিধ্বনি হৈ
উটি ভাহি যায় বতাহত

তোমাৰ সান্নিধ্য

তুমি আৰু মই
আন সকলো অস্পষ্ট

জীৱন  এটি গতি সময়ৰ
সংমিলিত এটি বিন্দুত
অলপ অভিমান আৰু কিছু আৱেগ

নিঃশব্দ  নিৰ্জনতাত
তোমাৰ সান্নিধ্যত
বাজি উঠে মধুময় সঙ্গীত

শিহৰণ জাগে হদয়ত
সেউজৰ উতলা উন্মাদনাত

জীৱন সংঘাটৰ চাকনৈয়াবোৰ
হৈ পৰে ৰোমাঞ্চিত ক্ষণ

ধুমুহাৰ দৰে এবুকু বোৱতী ঢল
বৈ যায় চৌদিশে

অনুভৱ কৰো প্ৰতিটো সুৰত
হৃদয়ৰ সীমাহীন ভালপোৱা

বহাগৰ বতৰা













মোৰ দুখ আৰু মোৰ আশা
জীৱনৰ কিছু অনুভৱ 
সঞ্চিত স্মৃতিৰ সঁফুৰাত

গোলাপৰ পাহিত
নিয়ৰৰ টোপালবোৰ
এটি বতৰা সু-প্ৰভাতৰ

বসন্তৰ পৰশত
চঞ্চল মনে বিচাৰে
ভাল পোৱাৰ কবিতা

বৰদৈচিলাই লৈ আহে
ধুমুহা আৰু বৰষুণৰ মাজেৰে
বহাগৰ বতৰা

বৈ যায় বহাগৰ অশান্ত ধল

পেঁপাৰ মাতত
নিৰ্জনতা ভাঙি
বৈ যায় বহাগৰ অশান্ত ধল

আৱেগৰ ধুমুহা বৰদৈচিলাই
মৌনতা খহাই
বোৱাই বুকুত সংযমহীন ঢৌ

সুৰৰ আঁৰৰ প্ৰতিটো পলত
ভাহি যায় গতানুগতিক নিঠৰতা

 ৰাতিবোৰৰ নিসংগতা
 নভবাকৈয়ে হৈ পৰে
বাঁহীৰ সুৰৰ সুমধুৰ নিশা

অনন্য এক অনুভূতিৰ আলিংগনে
বুকুত জলাই প্ৰেমৰ দাবানল

সীমা চেৰাই অবুজন অনুভৱবোৰ
বুকু ভেদি উজাই উতলা উন্মাদত

আজি হৃদয় শূন্য

বতাহত  বৈ যোৱা বাঁহীৰ তান
নুবুজিলে হৃদয়ে
ছঁয়াময়া পোহৰত
ফুৰে মন হাবাথুৰি খাই

অন্তৰৰ  গুপুত কোণত
আৱেগ ভৰা অতীতৰ স্মৃতি

গঢ়িছিলো ৰঙমনে  অলেখ সপোন
হেঁপাহেৰে সাবটি নোৱাৰিলো  ৰাখিব

ছিঙি যোৱা  চেনেহৰ মায়া
আজি হৃদয় শূন্য
ললে  প্ৰতিশোধ  সময়ে
কোনে বাধা দিব

মেলি দিয়াঁ নাওখনি
উটি যায় সোঁতৰ লগত
দিশহাৰা হৈ

অনুৰাগৰ সেউজীয়া ধল

ব্যস্ততাৰ কঠিন  বাটৰ মোৰত
বহাগৰ আগজাননী
অনুৰাগৰ সেউজীয়া ধল

দুখ আৰু শূন্যতা সৰি পৰে
বৰদৈচিলাৰ তীব্ৰ গতিত
সপোনবোৰ  চমকি উঠে
গুজি দি যায় ৰঙীন কপৌ

পোৱা নোপোৱা সকলো হৰণ কৰি
শূন্যতা পূৰ হয় নতুন আশাৰে

ওঁঠত ফুটি উঠে মিচিকি হাঁহি
বসন্তৰ পৰশত হৃদয়ে কঢ়িয়াই
ভালপোৱাৰ ইস্তাহাৰ

তেজত বৈ যায় হেঁপাহ
নিজকে বিছাৰি মৌনতা ভাঙি
সিঁচে সপোন নতুন দিনৰ

জীৱন আগুৱাই

জীৱন আগুৱাই
এখুজি দুখুজি কৰি
সুখ দুখৰ  মাজেদি

নাওখনি ভাহি যায়
ঢৌ খেলি
বুকুত লৈ
আশা নিৰাশাৰ ডাঙৰি

যদিও নিজান  সন্ধিয়াৰ আকাশ
বুকুত সাৱটি আছে
এখনি শুৱ্নি ধৰা

দুখ-শোক আঁতৰাই
মন-প্ৰাণ নচুৱাই
স্ফুৰিত-শীতল জোনাকে
মনৰ পৰিধি ভাঙি
বঢ়াই আত্মাৰ সুৰভি

আৱেগৰ দুধাৰি চকুলো

সযতনে গঢ়ি তোলা
এখনি সংসাৰ
হঠাৎ ছিগি গ’ল
বান্ধোনৰ শিকলি

আঁৰে আঁৰে কোনে কৈ গ’ল
কোমল অন্তৰত সাঁচ থৈ
দুপৰতে বুৰিল বেলি

এইযে শেষ হ’ল এটি জীৱন
সন্ধ্যাৰ সিপাৰে উটি ফুৰে
বজ্ৰ-কঠিন  বাস্তৱ

জেকা চকুৰে আকাশলৈ চাই
মনলৈ অহা ভাৱবোৰ ঠেলি
কঁপি উঠা দুটি ওঁঠে
ফুটাব নোৱাৰে  বিদায় বাণী

গহীন নিশাৰ আন্ধাৰত
বৈ যায় নিৰৱে
আৱেগৰ দুধাৰি চকুলো