আজি থমকি ৰ’লো হঠাতে

মোৰ চোতাল ৰ’দালি কৰি
আহিছিল এটা হালধীয়া সপোন
আকাশৰ নীলা বকুৰ তলত

মই অনুভৱ কৰিছিলো এক শিহৰণ
দেও দি ফুৰিছিল মনে চাৰিওকাষে

সেয়া আছিল অতীতৰ কথা
ভৰ যৌৱনৰ ডেকা বয়স
নাচিল কৃত্ৰিমতাৰ কোনো আকবাক

তাৰ পাছত জীৱনে বাট সলালে
ৰ’দালিক আতৰাই এন্ধাৰে ঠাই ল'লে
নিঃসংগতা হ’ল জীৱন সংগী

আজি থমকি ৰ’লো হঠাতে
দূৰৰ পৰা ভাহি আহিছিল এটা সুৰ
সৰাপাতত গুনগুননি তুলি

শুকান ডালত দেখিলো কুমলীয়া পাতৰ হাঁহি
নামি আহিছিল এজাক অবতৰীয়া বৰষুণ
অনুভৱ কৰিলো চিনাকি গোন্ধ এটাই মনত টুকুৰিয়াই আছে

ভাৱ হ’ল এজাক বতাহে যেন
ধেমালিৰে আঁচল কঁপাই
আৱেগেৰে জুকিয়াইছে কথাবোৰ