হেঁপাহ আত্মাৰ চিৰশান্তি

নিশাৰ অকলশৰীয়া জোনটিত
বিচাৰিছিলো নিজ সত্তা
বিচাৰিছিলো অনন্ত কালজোৰা
প্ৰকৃতিৰ ৰূপত লেখা স্বপ্নভূমি

ঘূৰি ঘূৰি উভতি আহিছো
জুৰিটিৰ জিৰজিৰণিত
সংগীতৰ সুৰ শুনি
উষাৰ  হেঙুলী আঁচলত মুখ ঢাকি

দিগন্তত মিলি যোৱা
পখীজাকৰ কল্লোলৰ প্ৰতিধ্বনিত
মিলি যাব খোজে অন্তৰ
অসীমৰ অচিন বাটত

জোনাকী সন্ধিয়া
উঠলি উঠে বুকুত
আৱেগভৰা গীতৰ সুৱলা মাতত
হৃদয়ৰ তৰঙ্গ ৰাশি

অপূৰ্ব এই কল্পনাৰ মায়াজালত পৰি
গাঁথিছো অন্তৰত অভিলাষি মালা
হেঁপাহ আত্মাৰ চিৰশান্তি
বাসনা শান্তিময় সুখৰ নিজৰা