প্ৰহৰী হিমালয়
শুনিছিলোঁ তাহানি
কামেং সীমান্তৰ সিপাৰে হেনো
আছে শান্তিৰ অনন্ত সিন্ধু
ঢোল পেঁপা আৰু
গগনাৰ মাতত আশাবোৰ
আকাশৰ ৰামধেনু খেদি খেদি
ৰিঙা ৰিঙা হৈ উৰে
লুইতৰ বুকুত মেলি দিলো নাও
সপোনৰ ফুলনি বিচাৰি
ছন্দত বন্দী অনন্ত আকাশৰ
প্ৰতিধ্বনি শুনি
খহনীযা নৈ
লুইতপৰীয়া চাকৈ-চকোৱা হালে
নিশাটি বিনাই
সেই আৱেশত স্পন্দিত হৈ
মোৰ মনত
কোনে জানো তুলিকা বোলায়
নাচিয়ে ফুৰিছোঁ সপোন দেখি দেখি
আশাৰ বালিচৰত ঘৰ সাজি
পুৱতি নিশা
হঠাৎ ভাগি গ’ল সপোন
ঢৌত উটি কেনি জানো আগুৱালো
কুঁৱলীৰ আৰৰ নূপুৰ শুনি
বন্দি হলো মই
জীৱন-যুঁজত জিকিম বুলি
ৰামধেনুক সংগী কৰি
এন্ধাৰ বাটেৰে আগুৱাই
কিহৰ মোহত পৰি
মৰিচিকা খেদি খেদি
এন্ধাৰলৈ গʼলো
দুহাতেৰে চকু ঢাকি
কিছু আশা কিছু নিৰাশা
জীৱনৰ-পথৰ বেদনাই
আমনি কৰিছে মোক
আজি প্ৰকাশ বিহীন হৈ