যৌৱনৰ তেজি ঘোঁৰাৰ চমক

বসন্তৰ বতাহত হিল-দ’ল ভাঙি আহে
যৌৱনৰ তেজি ঘোঁৰাৰ চমক
খহি পৰে মৌনতা

জীৱনৰ গাঁথনিৰ ফাকে ফাকে
বিজুলীৰ ৰেখা যেন
অৱচেতন মনত ওপজা ফিৰিঙতিবোৰ

আৰু

সোঁৱৰণিৰ পদুলিত ধেমালি কৰা
স্মৃতিৰ জোনাকীবোৰে
সিঁচি যায় ৰিমজিম মাদকতা

আকাশৰ হেঙুলীয়া ৰশ্মিৰ আবেশত
ৰিণি ৰিণি  শুনো
বননিত কঁপি উঠা প্ৰাণৰ মৃদু হিল্লোল

বসন্তৰ এই মোহিনী ৰূপত
হৃদয়ৰ স্তৰে স্তৰে  বাজি উঠে
নতুনকৈ জী উঠাৰ আশা