অস্থিৰ মনৰ ধুমুহা

যৌৱনৰ গান হেজাৰ সূৰুযৰ জ্যোতি
চঞ্চল মনে জানো মোৰ
কিনো বিচাৰি হাবাথুৰি খায়

দেহাৰ ভাঁজে ভাঁজে লুকাই আছে
সেউজ সপোন মোৰ
ৰৈ ৰৈ বুকুত গুমৰি উঠে

গগনাৰ মাতত উচপ খাই
বাউলী হৈ পৰা মনত
বাৰিষাৰ ধল নামে

অস্থিৰ মনৰ ধুমুহাত
তাঁতশালত শিপিনী থৰ লাগে
মাকো চলাওঁতে জোটপোট লাগে

পদুলিমুখতে হাঁহিৰ খলকনিত
উৰি যাই এজাক শৰালি হাঁহ
লুইতৰ সীমাচেৰাই