বৈ যায় বহাগৰ অশান্ত ধল

পেঁপাৰ মাতত
নিৰ্জনতা ভাঙি
বৈ যায় বহাগৰ অশান্ত ধল

আৱেগৰ ধুমুহা বৰদৈচিলাই
মৌনতা খহাই
বোৱাই বুকুত সংযমহীন ঢৌ

সুৰৰ আঁৰৰ প্ৰতিটো পলত
ভাহি যায় গতানুগতিক নিঠৰতা

 ৰাতিবোৰৰ নিসংগতা
 নভবাকৈয়ে হৈ পৰে
বাঁহীৰ সুৰৰ সুমধুৰ নিশা

অনন্য এক অনুভূতিৰ আলিংগনে
বুকুত জলাই প্ৰেমৰ দাবানল

সীমা চেৰাই অবুজন অনুভৱবোৰ
বুকু ভেদি উজাই উতলা উন্মাদত