বিস্ময়ৰ এটি ৰিমঝিম মাধুৰী

গঢ়িছো তাঁতৰ শালত বহি
মনৰ সপোন

সেউজীয়া ধাননিত স্ফুৰিত
শীতল জোনাকত
সোঁৱৰণিৰ মাদকতা
শেৱালী ফুলৰ দৰে

মনৰ পৰিধি বাঢ়ি যায়
নীল আকাশ ভেদি
ডাৱৰৰ দৰে উটি ফুৰে মন
পাহাৰী জুৰিটিৰ নৃত্য দেখি

হঠাতে জিলিকি উঠা
বিজুলীৰ চিকমিকনিত
দেখো এটি  ৰূপৰ জেউতি

বৰষুনৰ সতে ধৰিত্ৰীৰ বুকুত বাজে
ৰুণু জুনু নূপুৰৰ ধ্বনি

বসন্তৰ কম্পিত এই সুৰভিত
বৈ যায় হৃদয়ৰ স্তৰে স্তৰে
বিস্ময়ৰ এটি  ৰিমঝিম মাধুৰী