আৱেগৰ দুধাৰি চকুলো

সযতনে গঢ়ি তোলা
এখনি সংসাৰ
হঠাৎ ছিগি গ’ল
বান্ধোনৰ শিকলি

আঁৰে আঁৰে কোনে কৈ গ’ল
কোমল অন্তৰত সাঁচ থৈ
দুপৰতে বুৰিল বেলি

এইযে শেষ হ’ল এটি জীৱন
সন্ধ্যাৰ সিপাৰে উটি ফুৰে
বজ্ৰ-কঠিন  বাস্তৱ

জেকা চকুৰে আকাশলৈ চাই
মনলৈ অহা ভাৱবোৰ ঠেলি
কঁপি উঠা দুটি ওঁঠে
ফুটাব নোৱাৰে  বিদায় বাণী

গহীন নিশাৰ আন্ধাৰত
বৈ যায় নিৰৱে
আৱেগৰ দুধাৰি চকুলো