প্ৰীতিৰ বতাহত কঁপে হৃদয়

শব্দৰ সপোন সাঁজি বিচাৰি চাওঁ
অন্তৰত ভৰি থকা অনুভূতিবোৰ

অপৰূপ জেউতিৰ সম্ভেদ দিয়ে
অনুভৱৰ এই সুবাসে

সখিয়তী পখীটিৰ কৰুণ বিননিয়ে
মোক কৰেহি উন্মনা

নাহৰৰ সৰি পৰা ফুলবোৰ
হাতত বুটলি লৈ বিচাৰোঁ তুলনা

মন আকাশত প্ৰতিধ্বনি তুলি
উপচি পৰে গানৰ ভাষা

ছন্দৰ গতিৰে এফাঁকি কৱিতাৰে
আঁকো জীৱনৰ সোনোৱালী ছবি

প্ৰীতিৰ বতাহত কঁপে হৃদয়
এটি হাঁহিৰ বিজুলী খেলি যায় মনত
বৈ যায় দুটুপি চকুলো আনন্দৰ