অবাধে কাঢ়ি লৈ যায় হৃদয়













জোনাকৰ আবেশত প্ৰাণ পাই উঠে
এটা চাঞ্চল্যৰ মৃদু স্পন্দন

উল্লাসত উপচি পৰা লুইতৰ ঢৌত
চিকিমিকি কৰে সপোনৰ ৰিহা

প্ৰাণত ভাবৰ উন্মাদনাই ধল বোৱাই
বাজি উঠে হিয়াত সঙ্গীতৰ অশান্ত ঢৌ

আকাশচুম্বি এক আকাংক্ষা
কম্পিত হৃদয়ত ধাবমান হৈ আকাশ চুব খোজে

এই মায়াৰ জালত পৰি টলমল কৰে মনৰ ভাৱ
ধাপলী মেলি গুছি যায় বিস্ময়ৰ লুংলুঙীয়া বাটেৰে

শীতল জোনাকৰ মাদকতা ভৰা পৰশত
সোঁৱৰণিত বাজি উঠে নূপুৰৰ ধ্বনি

বিচিত্ৰ অনুভৱৰ এই সুবাস
হৃদয়ৰ স্তৰে স্তৰে  ভাহি মনটোক লৈ যায় চলনা কৰি

নিঃশব্দ নিজান এই জোনাক ৰাতি
বুকুত চলা কহুৱাৰ কম্পনৰ ঢৌ আলফুলকৈ বাঢ়ি আহি
অবাধে কাঢ়ি লৈ যায় হৃদয়