এটি ঘনিষ্ঠ উত্তাপৰ সন্ধানত













নীৰলে অপেক্ষা কৰি
কিয় জানো আজি
ভাৱ সাগৰত ডুবগৈ
অনুভৱ কৰিব বিচাৰিছো
কুৱলীৰে  আৱৰা
কৈশোৰৰ কুহুমীয়া বেলিটো

এটি ঘনিষ্ঠ উত্তাপৰ সন্ধানত
হৃদয়ৰ অনুভূতিৰ স্পন্দন
খামুচি ধৰি স্মৃতিৰ জোনাকত
ঢপলিয়াই ফুৰো

বিদ্যুতৰ এটি স্ফুলিংগ
উৰি ফুৰি
লৈ আহে এটি 
চিনাকি ঢৌৰ কঁপনি

এক অবুজ বন্যাই
মনটো উটুৱাই লৈ যায়
অজান দিশলৈ

হৃদয়ৰ আৱৰণ খুলিলে
স্মৃতিৰ জোনাকীবোৰে
আৱৰী ধৰেহি
সোঁৱৰণিৰ পদুলি মুখত

অন্তৰৰ আঁহে আঁহে
চিনাকি অচিনাকি কুঁৱলীসনা
এৰি অহা কথাবোৰে
মোলৈ তধা লাগি চায়

জীৱনৰ বাটে বাটে
এই আৱৰণ খুলিলে 
হৃদয় জুৰায়

উগুল ঠুগুল নিস্তেজ মনত
এজাক বতাহ আহি 
যেনি তেনি বগাই ফুৰি
মনটো সতেজ কৰি তুলে