ভাৱৰ নিজস্ব ধাৰা
লক্ষ ঢৌৰ খেলিমেলি
জীৱনে খোজ লয়
অনুভূতিৰ পম খেদি
বিবেকী যুদ্ধত
ফুটি উঠে অস্থিৰতা
খোজে পতি কঁপি উঠা
উগুল-থুগুল অন্তৰত
জাগি উঠে ব্যগ্ৰতা
কিয় এই
লক্ষ ঢৌ মন সাগৰত
নিঃশব্দে কল্পনাৰ ছবিত
উপঙি থাকি
অনুভৱবোৰত বাৰিষাৰ ঢৌ খেলাই
Newer Post
Older Post
Home