অস্থিৰ মনত
বাধাহীন উৰ্ম্মিমালাৰ
প্রতিটো লহৰত
কঁপি কঁপি উঠিছিল
জীৱন গতিৰ ঢৌ
ফেনিল পানীৰ নিৰৱ ঢৌবোৰে
দিক্হাৰা ধৰ্ষিতা হৃদয়ত সিঁচিছিল
আলোৰিত প্রাণৰ
ধাৰাষাৰ ঢলৰ ভাৱৰ শীতলতা
চিগা ভগা ফেনিল ঢৌবোৰ
চাকনৈয়াৰ মেৰপাকৰ পৰা মুক্ত হৈ
আঘাতপ্ৰাপ্ত এমুঠী জিয়া আবেগ লৈ
মাৰ যোৱা ঢৌত
উপচি পৰিছিল চৌদিশে
এই নিস্তব্ধতাই
মনত সিঁচি দিছিল
এক আৱেগিক অনুভূতি
নৈৰ যুঁৱলিত আৱদ্ধ
মনৰ অনুভূতিবোৰে
মৌনতাৰ নিস্তব্ধতাত
ভাৱত সৃষ্টি কৰিছিল খেলিমেলি
অন্তৰৰ আঁহে আঁহে
বাৰে বাৰে উকি মাৰি
নিগৰি বৈ অহা আৱেগবোৰ
জাহ গৈছিল বুকুত
নিথঁৰ চেঁচা হৈ