ভাৱৰ নিজস্ব ধাৰা
নিজকে বিচাৰি ফুৰাৰ হাবিয়াস
স্মৃতিবোৰে কোলাহল কৰে
নৈৰ ধিৰ গতিত
ভটিয়াই যোৱা
আন্দোলিত ঢৌৰ তালত
ঠিকনাবিহীন কিছু অনুভৱ
বৈ যায় আঁহে আঁহে
নিজকে বিচাৰি ফুৰাৰ
এই হাবিয়াসে
জৰতা ভাঙে
নি:সংগ দীঘলীয়া সময়বোৰৰ
কোনো অজান প্রেয়সীক
লগ পোৱাৰ আশাৰে
তৰো পালতৰা নাও
ভাৱ সাগৰত ডুব গৈ
Newer Post
Older Post
Home