অবুজ ভাষাৰ
জীৱন সুৰৰ মূৰ্চনাই
নি:শব্দ উপত্যকাৰ কোলাত
অনুভূতিক বোৱাই নিয়ে
কোলাহল ভৰা সময়বোৰ
শীতল হৈ ৰয়
আকাশৰ নীলা প্ৰেৰণাত
পথাৰৰ চিনাকি মাটিৰ গোন্ধই
মনটোত জগাই তোলে প্রশান্তি
সিঁচি দিয়ে মনত
এটি সপোনৰ মধুময় ছন্দ
তেজৰ স্পন্দনত
সুৰ তুলি সিঁচি যায়
জীয়াই থকাৰ সুৰভি
নিজান সন্ধিয়া
জোনাকীৰ মায়া ভৰা নৃত্যই
হৃদয়ত সিঁচি যায়
ৰূপালী স্পৰ্শৰ উত্তাপ
আউল লগা জোতপোত মনৰ ভাৱ
এই গহীন পৰিবেশত
মুকলি হৈ লহৰিত হয়
এক বোজাব নোৱাৰা গুণগুণনীৰে
বতাহত লৰি থকা
বিৰিনাৰ নৃত্যত
অন্তৰত আবদ্ধ আবেগ
বতাহত পমি যায়
গীতৰ কলি হৈ
সেমেকা শীতল বতাহ চাটিয়ে
মনৰ কোণে কোণে ঢৌ তুলি
টানি নিয়ে মোক
স্নেহ ভৰা বাটেৰে
প্ৰকৃতিৰ প্ৰতিটো শব্দত
ফুটি উঠা শুভ্ৰ কোমল সুৰভিত
তন্ময়তাৰ চকু যায় দূৰ দূৰণিলৈ
সমগ্ৰ শৰীৰ বিয়পি
বুকুলৈ উজাই আহে
চমত্কাৰ এটি অনুভৱ
প্ৰকৃতিৰ এই শান্ত শীতল অনুভৱত
নিগৰি বৈ আহে
বুকুত সাঁচি ৰখা হেঁপাহবোৰ
মৃদু মলয়াৰ তালে তালে