সুতীব্ৰ আবেগ

সময়ৰ সীমা চেৰাই
নীৰলে অপেক্ষা কৰিছিল
এটি অনুভৱ

মনৰ মাজত সীমাহীন কৌতুহল
কিয় জানো আজি
থমকি ৰৈছিলো

হাঁহি কান্দোনৰ জীৱন
বুকুত আবদ্ধ অলেখ প্ৰশ্ন
এটা সুতীব্ৰ আবেগ
মনত গোট মাৰি ৰ’ল

আবেগ বিহীন প্রতিপল

মোৰ নিশাৰ মূহুৰ্তবোৰ 
বিষাদৰ সুৰেৰে গঠা
হৃদয়ৰ উচুপনি অনুভূতিৰ স্পন্দন

প্রটিতো ৰাতি উজাগৰে থাকি
ভাৱ সাগৰত ডুবগৈ খেপিয়াই ফুৰো
হেৰাই যোৱা অনুভূতিৰ স্পন্দনবোৰ

মাজ নিশাৰ আন্ধাৰৰ কলা ডাৱৰে
ভাৱৰ অনুভূতিবোৰ ম্লান কৰি
চিনিব নোৱাৰা কৰে
প্রটিতো স্পৰ্শত অনুভৱ কৰো একে জৰতা

ভাৱ সাগৰৰ হেজাৰ মনি মুকুটাৰ
এটি জ্বিলিকনিৰ আশাত
ডুব গৈ থাকো প্রটিতো নিশা

আবেগ বিহীন প্রতিপল
ছায়াহীন কায়াহীন
চকুৰ দৃষ্টিওঁ যেন অন্ধৰদৰে

সেয়ে বিচাৰো পৰশৰ অনুভৱেৰে
এটি স্ফুলিংগ জ্বলি উঠিব কিজানি
আশাৰ চাকিৰ তপ্ত শিখা হৈ

জী উঠিব মোৰ প্রাণৰ অনুভৱবোৰ
নিজৰাৰ পানীৰদৰে কলকলাই নমি আহিব
মোৰ জীৱন মৰুভূমি তৃষা কৰি।

এটি অনুভৱ বুকুৰ মাজত


নিয়ৰৰ টোপালবোৰত
জিলিকি উঠা ৰদৰ ৰশ্মিয়ে
মনত জগাই তুলিছিল হেজাৰ সপোন

মনৰ মাজত এটি গুন গুননি
অনুভৱ কৰিব বিচাৰিছো
তৃষ্ণাতুৰ প্ৰাণৰ গভীৰ ভালপোৱা

এটি অনুভৱ বুকুৰ মাজত
সেমেকা সুগন্ধ বিয়পি পৰিছিল
প্ৰতিশ্ৰুতিৰ সতেজ অৰণ্যত

এটি অজান আশাৰ জুই
জ্বলি উঠিছিল দুচকুত

প্ৰেমৰ আকুলতা বৈ আহিল
এটি নিজৰাৰ সুঁতি হৈ।

বসন্তৰ সৰল হাঁহি

বকুলফুলৰ দৰে ভৰি থকা
ৰঙীন বসন্তৰ সৰল হাঁহিত
এক জাগ্ৰত জীৱন শক্তি
নিমিষতে ভাঙি পৰে মোৰ নিঃসংগতা
এই নাটকীয় মুহূৰ্তত
ভৰি পৰে বুকুত ফুলৰ পাপৰি
স্ফীত জীৱন শক্তিত
তোমাৰ উপস্থিতি
প্ৰেমৰ নিজান সুৰত বাজি উঠিছে
তোমাক ভালপোৱাৰ আনন্দ
জ্বলিছে  উজ্জ্বল হৈ হৃদয়ৰ আশ্ৰয়।

বাস্তৱৰ হুঙ্কাৰ

জীৱন মৰীচিকা জিলমিল 
সংগ্ৰামৰ পথাৰত মানুহৰ তেজ
বাস্তৱৰ হুঙ্কাৰ

সুখ মৰণৰ দূৱাৰ দলিত

বুকুৰ সপোন

ঢৌৰ চেৱে চেৱে নাচে
বুকুৰ সপোন
জ্যোতিৰ শিখা হৈ বাঢ়ে
আনন্দৰ উল্লাস 
দ্ৰুত অবিৰাম গতিত বাঢ়ে
জীৱনৰ সোনালী সপোন

ফাগুণৰ ৰং







আজি এই ফাগুণৰ 
ৰঙীন আকাশত

এন্ধাৰৰ আৰে আৰে
উপঙি ফুৰে 
এটি সুৰ পূৱতী নিশাৰ

অন্তৰত লাগে ফাগুণৰ ৰং
মৰহি যোৱা গানবোৰ
উমি উমি জ্বলে 
কবি হিয়াত

থমকি থমকি ৰৈ 
প্রতিধ্বনিত হৈ
উগুল ঠুগুল মনৰ 
ধুৱলী কুৱলীৰ আৰত
কঁপি উঠে মন উচপখাই

পূৱতীৰ সুবাসে
ৰিঙিয়াই মাতি 
দি যায় মৃদু পৰশ সানি
এটি অনুভূতিৰ আবেগ

নতুনকৈ জী উঠাৰ আশাৰে 3

নীলা সুৰ এটা অন্তৰত ঢপলিয়াই ফুৰিছিল
অৰ্থহীন সপোনৰ কিৰীলিত
নচুৱাইছিল জী উঠাৰ আশা
দেওঁ দি ফুৰা চঞ্চল চেতনাক শান্ত কৰি
বিসৰ্জন দিব খুজিছো
বুকুত সাৱতি তুলি লৈ ফুৰা অৰ্থহীন আত্মাৰ বিননিবোৰ
তৰাং পানীৰ নৈ খনিত দেওঁ দি ফুৰা
কৈশোৰৰ কোমল আকাশখনি
বুকুত সাৱতি তুলি লৈ
কুহুমীয়া বেলিটো হাত মেলি লোৱাৰ আশাৰে
ডাৱৰবোৰ আতৰাই 
অন্ধবিশ্বাসৰ প্রাচিৰ পাৰ হব খোজো
নতুনকৈ জী উঠাৰ আশাৰে

ভাৱৰ খেলি মেলি

বুৰঞ্জীৰ আচোঁৰত
অভিজ্ঞতা দুখ আৰু আনন্দৰ
গুচি যায় মন
ঘনিষ্ঠ উত্তাপৰ সন্ধানত
বৈ আহে উদং বুকুৰ
ভাৱৰ খেলি মেলি
জালিকটা সুৰুঙাৰে
ৰূপালী  জোনাক অন্ধকাৰত জ্বলে
স্বপ্নৰ উদ্যানত
নিজস্ব অনুভৱ মোৰ কবিতাৰ

এটি জ্বিলিকনিৰ আশাত

হৃদয়ৰ উচুপনিত অনুভূতিৰ স্পন্দন
বিষাদৰ সুৰেৰে গঠা
মোৰ নিশাৰ মূহুৰ্তবোৰত
খেপিয়াই ফুৰো
হেৰাই যোৱা অনুভূতিৰ স্পন্দন
প্রটিতো ৰাতি উজাগৰে থাকি
ডুব গৈ থাকো আবেগ বিহীন প্রতিপল
মাজ নিশাৰ আন্ধাৰৰ কলা ডাৱৰে
ভাৱৰ অনুভূতিবোৰ ম্লান কৰি
চিনিব নোৱাৰা কৰে
অনুভৱ কৰো এক জৰতা
ভাৱ সাগৰত
এটি জ্বিলিকনিৰ আশাত
বিচাৰো পৰশৰ অনুভৱেৰে
ছায়াহীন কায়াহীন অন্ধৰদৰে
এটি স্ফুলিংগ

পোহৰৰ পম খেদি

নিবিড় ক্ষণবোৰৰ
এই যে নিৰৱতা
কল্পনাৰ সাগৰত ডুবি
অনুভৱ কৰিলো খামুচি আছে মোৰ আত্মা
ঢৌ খেলি যায় অতল তলিৰ নিৰৱতাত
মোৰ আত্ম পৰিছয় উভতিছিল
এচমকা পোহৰৰ আশাত
পোহৰৰ পম খেদি
উকি মাৰে এটি সোঁৱৰনীয়ে
এটি অতীতৰ কাহিনী
বোৱতী ঢলত সুদুৰ অভিমুখী
এটি অন্তহীন প্রবাহমান গতি

হৃদয়ত বসন্তৰ কোলাহল

হাতৰ মুঠিত আকাঙ্ক্ষাৰ বীজ
বুকুৰ উদ্যানত স্বপ্নৰ আলোক
স্মৃতিৰ জোনাকত বিস্তৃত সপোন
নিৰ্মল নদীৰ শুভ্র ঢৌত
কণ্ঠত সংলাপৰ স্পন্দিত ঢৌ
জুইৰ শিখাৰ দৰে জ্বলে
জুনুকাৰ জুনজুনিত
হৃদয়ত বসন্তৰ কোলাহল
শিমলুৰ ৰঙা পাহিত
ৰাংধালি চৰাইবোৰৰ
থৌকি বাথৌ মন
দুপৰৰ এই বননিত
মনৰ খেলি মেলি আৰি
বাজি উঠে প্রাণত

প্রাণৰ উদ্ভাসিত ৰূপ I

অস্পষ্ট সংলাপ

গোলাপৰ সৰি পৰা ৰঙা পাহি হাতত তুলি ললো
এটা সপোন আহি আশ্রয় ললে মোৰ হৃদয়ত
হৃদয়ৰ গভীৰত শুনো অস্পষ্ট সংলাপ
গুনগুনাই হেন্দোলনি তোলে স্নায়ুৰ শিথিল তৰংগত
বিয়পি পৰিল অশ্রুৰ ধাৰা
গোলাপৰ সৰি পৰা ৰঙা পাহি
হাতত তুলি ললো এপাহি এপাহিকৈ

এজাক বতাহ

এচাটি মৃদু মলয়াৰ আশাত
অনুভূতিৰ দুৱাৰ খুলি
বহি আছো এচুকত
দুপৰৰ এই নিজান প্রহৰত
'দৰ সতে হাত ধৰি
কৰ পৰা জানো উৰি আহিল
এজাক বতাহ
নাচি উঠে গছৰ ডাল পাত
মৌনতাৰ স্তব্দতা ভাঙি
এটি অনুভূতিয়ে বুকুত খূন্দিয়াই
কঁপি উঠে মন

শব্দৰ সপোন সাজোঁ

শব্দৰ সপোন সাজোঁ
অন্তৰত  তাৰেই  প্ৰতিধ্বনি
লিখো কৱিতা

প্ৰীতিৰ বতাহে
মোৰ হিয়া কঁপায়
বতাহত ভাহি যায়
জাগ্ৰত সুন্দৰ কল্পনা

মায়াময় জীৱনৰ
অবিৰাম গতিয়ে
মোক কৰেহি উন্মনা

শব্দৰ সপোন সাজোঁ
অন্তৰত  তাৰেই  প্ৰতিধ্বনি
লিখো কৱিতা

শোকৰ ৰাগিনী

মৰুৰ মাজে মাজে
উচুপনি উঠে

শোকৰ ৰাগিনী
এটি নিশাৰ তৰাৰ

বাজি উঠে হৃদয়ত
শোকৰ ৰাগিনী

দিগন্তৰ সিপাৰে

মজিয়াত পৰি জিলিকি উঠিল
মাৰ যোৱা বেলিটোৰ পোহৰ

এটা দুধুৰ মোধোৰ অবস্থাত ৰৈ গ'ল
মোৰ ভৰিৰ খোজ

দিগন্তৰ সিপাৰে ৰাঙলী বেলিটিলৈ চালো
ডূব যাব খোজা বেলিটোৰ ৰূপত মোহিত হৈ ৰ'লো

এক অনাবিল আনন্দত
মোৰ মনটো ভৰি পৰিল

কব নোৱাৰাকৈ অন্তৰৰ পৰা
এটা গীতৰ সুৰ ভাহি আহিল মনলৈ
এক চুম্বকীয় শক্তিৰ বলত আবদ্ধ হৈ ৰলো


যাদুকৰী অনুভূতি

নিৰ্জনতাত তোমাৰ সান্নিধ্যৰ ছায়া
যাদুকৰী কৌতূহল কুঁৱলীৰ,
পিছল সাঁকো, বুকুত ধুমুহাৰ কোলাহল
মোৰ অনুভূতিত
উখল মাখল সপোন
বিপুল সম্ভাৰ আবিস্কাৰৰ আশাত
মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুত
তোমাৰ উপস্থিতিৰ দুষ্প্ৰাপ্য সান্নিধ্য
মোৰ তেজত
প্ৰেমৰ গানত মূৰ্ত
 অদ্ভুত আনন্দবোধৰ
কৌতূহল
এক যাদুকৰী অনুভূতি

বৈ আহে স্মৃতিবোৰ

নিজান সন্ধিয়াৰ
নিবিৰ ক্ষণবোৰত
বগাই ফুৰে মনৰ খেয়াল

নিঃশব্দে  আহি স্থান লয়
মোৰ কল্পনাৰ ছবিবোৰে
কোবাল ঢৌৰ দৰে

অনুভৱৰ গুণগুণনিত
নিঃসাৰে বগাই ফুৰে
মোৰ যন্ত্রনাৰ উমান পাই

বৈ আহে স্মৃতিবোৰ
আত্মাৰ ভ’ৰালৰ পৰা নিঃসাৰে
মোৰ নিৰৱতা ভাঙি

এটি সপোনৰ প্ৰতিবিম্ব

মই অপেক্ষা কৰিছিলো
ভাবলেশহীন আবেগত
অনুভূতিৰ ভাষা বিষাদৰ
এটা সুতীব্ৰ আবেগ
গতিশীল ভাৱনাৰ মায়াজাল
থমকি  অতীত
পাৰা পাৰ নেদেখা
উজাগৰি ৰাতিৰ নিসংগতাত
এটি গধুৰ যন্ত্ৰনা
বিষাদৰ হিমচেচা শীতলতা
সপোন এটাই উচূপি উঠিছে
এটি মাথো আশ্ৰয় সোঁৱৰণী
সযত্নে সাঁছি ৰাখিছো
মোৰ সোঁৱৰণীত

এটি সপোনৰ প্ৰতিবিম্ব 

এইদৰেই গুচি যায়

এক অকাৰণ অস্হিৰতা
জীৱনৰ দিনবোৰ
এইদৰেই গুচি যায়
নিজৰ অজ্ঞাতে
মোৰ শীতল তেজত
ঢপলিয়াই ফুৰে এক গুমগুমনি,
ভগা সপোনৰ হাত ধৰি আগলৈ চাওঁ

অনুভূতিৰ শব্দ বিচাৰি নিশব্দ হওঁ

এটি চেতনা

কবিতা কবিতা লগা ঝংকাৰিত সুৰত
বাজি উঠে অজান সংগীত
ভাহিঁ আহে বতাহত প্ৰেমৰ উপলব্ধি 
এটি চেতনা 
অনুভূতিৰ তীব্ৰ অনুৰাগ
বিদ্যুতৰ এটি স্ফুলিংগ





অনুভূতিৰ এক সাথঁৰ

সময় সীমাৰ 
দূৰত্ত অতিক্রম কৰি
নাও মেলি
আগুৱাই যায় জীৱন
দিগন্তৰ সীমা বিছাৰি

বিশাল মহাশূন্য
অনুভূতিৰ এক সাথঁৰ
এখনি বোৱতী নৈ

আবেগৰ চেঁচা বতাহৰ
ঘন কুৱঁলীৰ চাদৰ
আৰু ধূসৰ ছাঁয়া

উৰি ফুৰে সময়
এমুঠী জিয়া আবেগত
স্পষ্ট এটি উপস্থিতি
নীল আকাশৰ

নুবুজা ভাষাৰ আবেগ

বুকুত উবূৰি খাই পৰিছিল
নুবুজা ভাষাৰ আবেগ
তৃষ্ণাতোৰ জীৱন নদীৰ বালিচৰত
সময়ৰ নিথৰ মূহুৰ্তবোৰত
নুবুজা ভাষাৰ ঢৌবোৰৰ
ছন্দহীন গতি
 আকাশলৈ চাই ৰলো
মায়াত আৱদ্ধ হৃদয়ৰ আশাবোৰ
ৰূক্ষ বতাহত চূৰ্ণ বিচূৰ্ণ


দিক্‌হাৰা হৃদয়

কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ত
দিক্‌হাৰা হৃদয়
আকাশৰ নিজম ফুলনিত হাঁহিৰ নাচোন
উপচি পৰিল আকাশত প্রেমৰ এটি স্নিগ্দ্ধ বতাহ
সিচি গ'ল  ৰূপৰ কান্তি
ভৰি পৰিল হৃদয়ত সুৰৰ ৰাগিণী

অশৰীৰি অনুভৱ

হঠাৎ বজ্ৰ নিনাদৰ হুংকাৰত
আকাশ ভাগি পৰিল
নীলাভ ৰঙীণ আকাশ
হালধীয়া পাতৰ দৰে সৰি পৰি
বতাহত উৰি ফুৰে
প্ৰেতাত্মাৰ দৰে মায়াৱী ৰূপলৈ
আন্ধাৰৰ ছায়াত গ'ল হেৰাই
দিগন্ততৰ সীমা জানো
ক'ত হেৰাল
অশৰীৰি অনুভৱ
অন্তৰত উগুল থুগুল ভাব
এটি খেলি মেলি বতাহত
কঁপে হৃদয় আন্ধাৰৰ ছায়াত

এক অনুভূতি

অনুভূতিৰ এক শীতলতাই মোক আবৰি ধৰিলে
মনটো খেলি মেলি হৈ গ’ল
মাৰ যোৱা বেলিটোৰ পোহৰ
মজিয়াত পৰি জিলিকি উঠিল
পোহৰখিনি হাতেৰে স্পৰ্শ কৰি
দিগন্তৰ সিপাৰে ৰাঙলী বেলিটিলৈ এবাৰ চালো
বেলিটো লাহে লাহে আহত জোপাৰ আৰত লুকাই পৰিল
ঠাই ডোখৰতে আবদ্ধ হৈ ৰলো
মোৰ চাৰিও কাষ আন্ধাৰে আৱৰি ধৰিলে
কব নোৱাৰাকৈ অন্তৰৰ পৰা
এটা সুৰ ভাহি আহিল মনলৈ
প্ৰাণ খোলি গীত গাবলৈ ধৰিলো

চঞ্চল মন

মৃদু হিল্লোলত কঁপি উঠা বননিৰ

কামদীপ্ত ৰাঙলী ওঁঠত জ্বলিছে ৰূপ-জ্যোতি
প্ৰেমিকৰ পৰশত চঞ্চল মন
জ্বলি উঠে তাতে
অন্তৰৰ পূৰ্ণ জ্যোতি
স্পৰ্শহীন সৌন্দৰ্য্যৰ পূৰ্ণ ৰাগ
বুকুৰ মাজত বিকশিত ৰূপৰ জেউতি

সোণালী দৃষ্টি

সুন্দৰ ৰাতি, উষ্ণ আৱেগ
মোৰ মনত আৱেগৰ সোণালী দৃষ্টি
অনুভৱ হয় বিপুল আনন্দ
স্বপ্নৰ এটি উজ্জ্বল সোণালী বিস্ময়
গলিত হূদয়ত সৌন্দৰ্য্যৰ সমাহাৰ৷

প্ৰেমৰ উপলব্ধি

শুকুলা আকাশ
বতাহত ভাহিঁ আহে 
কবিতা কবিতা লগা অজান সংগীত
বাজি উঠে ঝংকাৰিত সুৰত
অনুভূতিৰ তীব্ৰ অনুৰাগ
এটি চেতনা 
এটি বিদ্যুতৰ স্ফুলিংগ
প্ৰবাহমান এটি দ্যুতি
প্ৰেমৰ উপলব্ধি 

পিচলৈ উভতি চালো

আউল বাউল কৰি যায়
অশান্ত বতাহে
বাজি উঠে বুকুত
বিৰহি প্ৰাণৰ ঝংকাৰ
পাহৰি যোৱা হেপাঁহবোৰে
নিঃশব্দতা ভেদি চিঞঁৰী উঠে
কিয় এই প্ৰত্যাখান, কিয় এই প্ৰতাৰনা
পথাৰৰ মতলীয়া পচোৱা বতাহে
লৈ আহে এটি অজান সংগীতৰ সুৰ
সুৰত বন্দী আশাবোৰ ভাঁহি আহে
পথাৰৰ নিঃশব্দতা ভেদি
চিঞঁৰী উঠে কাৰাৰূদ্ধ কন্ঠই
মনে নেমানে আজি
পিচলৈ উভতি চালো
জীযাই আছো তেতিয়াৰে পৰা
বতাহত নাচিছিল আশাৰ সপোন
ৰঙা নীলা জিঞাঁ হৈ বিৰহী প্রাণত

অবুজ কান্দোন

মনৰ মাজত
হাঁহি কান্দোনৰ ছবি
আবেগত আবদ্ধ  জীৱন
টি অনুভৱ
কিয় জানো আজি
সীমাহীন কৌতুহল বুকুত
নীৰলে মই অপেক্ষা কৰিছিলো
অলেখ প্ৰশ্ন জীৱন নাটৰ
সময়ৰ সীমা চেৰাই
থমকি ৰৈছিলো
নিতাল নিস্তব্দ
এটা সুতীব্ৰ আবেগৰ
অবুজ কান্দোন
বুকুত গোট মাৰি ৰ

মোৰ অনুভৱ, মোৰ দুখ, মোৰ আনন্দ

এক অজান আশংকাত
বুকুখন কঁপি উঠিছিল

নিশব্দ নিজান নিশাবোৰত
জোনাক ওলাইছিল

ডুব গৈছিল আশাবোৰ
আৰু সপোনবোৰ
আকাশৰ উখল মাখল ডাৱৰত

মোৰ কলিজাৰ তলাতল ভাঙি
বাজি উঠে বিপন্ন শৰীৰৰ প্ৰতিবাদ
খণ্ড-খণ্ড কৰি তুলে
মোৰ অনুভৱ, মোৰ দুখ, মোৰ আনন্দ

সময়ৰ ঘনিষ্ঠ নিঃসংগতাত
কঁপি উঠিছিলো মই,

বিয়পি গ’ল এই অনুভৱ
এক অজান যাত্ৰাৰ দুখত

বুকুভেদি যায় কৰুণ সুৰৰ
এটি শীতল সোঁত

খোজ লওঁ লাহে লাহে
এক অলীক স্বপ্নৰ আবেগত
দূৰ দিগন্তৰ মাৰ যোৱা
বেলিটিলৈ চাই।

অভিমানবোৰ স্মৃতি হৈ ৰ’ল


শিলৰ ফাকে ফাকে
অভিমানবোৰ ৰৈ ৰৈ
বুকু ঠেকেছি আছে
নৃ্ত্যৰ তালে তালে
পাহাৰ ভেদি অহা
বাৰিষাৰ সোঁতত
অভিমানবোৰ স্মৃতি হৈ
সুদুৰত ৰৈ ৰৈ বাজিছে
এটি উন্মনা সুৰ
জোনাকী সন্ধিয়া
বাঁহীৰ বিৰহী সুৰটো বুকুত বাজে
অচিনাকী অনামী সুৰ
ৰৈ ৰৈ বাজি থাকে
মৌনতাৰ পৰশত
নুবুজা বেদনাত
নিৰিবিলি নৈৰ পাৰে পাৰে ।।