মোৰ নিশাৰ মূহুৰ্তবোৰ
বিষাদৰ
সুৰেৰে গঠা
হৃদয়ৰ উচুপনিত অনুভূতিৰ স্পন্দন
প্রটিতো ৰাতি উজাগৰে থাকি
ভাৱ সাগৰত ডুবগৈ খেপিয়াই ফুৰো
হেৰাই যোৱা অনুভূতিৰ স্পন্দন বোৰ
মাজ নিশাৰ আন্ধাৰৰ কলা ডাৱৰে
ভাৱৰ অনুভূতিবোৰ ম্লান কৰি
চিনিব নোৱাৰা কৰে
প্রটিতো স্পৰ্শত অনুভৱ কৰো একে জৰতা
ভাৱ সাগৰৰ হেজাৰ মনি মুকুটাৰ
এটি জ্বিলিকনিৰ আশাত
ডুব গৈ থাকো প্রটিতো নিশা
আবেগ বিহীন প্রতিপল
ছায়াহীন কায়াহীন
চকুৰ দৃষ্টিওঁ যেন অন্ধৰদৰে
সেয়ে বিচাৰো পৰশৰ অনুভৱেৰে
এটি স্ফুলিংগ জ্বলি উঠিব কিজানি
আশাৰ চাকিৰ তপ্ত শিখা হৈ
জী উঠিব মোৰ প্রাণৰ অনুভৱবোৰ
নিজৰাৰ পানীৰদৰে কলকলাই নমি আহিব
মোৰ জীৱন মৰুভূমি তৃষা কৰি।।