সংবেদনশীল হৃদয়

সংবেদনশীল হৃদয়ত
বাজি উঠে সুৰৰ ব্যঞ্জনা
শীতৰ ৰাতিপোৱা
দুবৰিৰ বুকুত
নিয়ৰৰ টোপালবোৰৰ ৰূপালী দলিচা
নিঃসঙ্গতা আতৰি জুৰি পৰে মন
মনে আকাশ ধিয়াই
অনুভৱ কৰো অসীমৰ
প্ৰকৃতিৰ সুবাস বৈ যায় শ্বাসেৰে
অন্তৰ পৰশে অনুভৱ কৰো বিশ্বআত্মাৰ
চিৰসুন্দৰ শান্ত শীতল এটি আনন্দ প্ৰবাহ
স্মৃতিৰ অভিধান বুকুত লৈ
মুখৰিত কৰো আকাশ বতাহ
এটি কবিতাৰে