এইদৰেই গুচি যায় দিনবোৰ

এক অকাৰণ অস্হিৰতা
নিদ্ৰাবিহীন ৰাতিৰ অন্তহীন হাহাকাৰ,
উলংগ উন্মাদ হৈ শেষ হ’ল
অৰ্থহীন হাবিয়াস,
উৰণীয়া ৰথেৰে নামি আহিছে
ধুৱলী কুঁৱলী এটা আচহুৱা সপোন,
আশ্বাসৰ হাত দাঙি
মৃদু হাঁহিৰে কৈ গ’ল
জীৱনৰ বাটত কিমান কেঁকুৰি,
এইদৰেই গুচি যায় দিনবোৰ
নিজৰ অজ্ঞাতে মই আকিবলৈ লওঁ
জীৱন্ত নিলামবিহীন ছবি,
ঢেৰেকণিৰে বিজুলীৰ শব্দ বিয়পি পৰে,
মোৰ শীতল তেজত
ঢপলিয়াই ফুৰে এক গুমগুমনি,
অনুভূতিৰে গঢ়া এখনি শিলৰ সাকো,
শব্দ বিচাৰি নিশব্দ হলো
চিলমিল টোপনিত দেখিলো,
ভগা সাকোৰ সিপাৰে পোহৰৰ ছাঁ,
সপোনৰ হাত ধৰি আগলৈ চাওঁ
বৃত্তাকাৰে ঘূৰিছে আশাবোৰ ।।