নীলা সুৰ এটা অন্তৰত ঢপলিয়াই ফুৰিছিল
অৰ্থহীন সপোনৰ কিৰীলিত
নচুৱাইছিল জী উঠাৰ আশা
দেওঁ দি ফুৰা চঞ্চল চেতনাক শান্ত কৰি
বিসৰ্জন দিব খুজিছো
বুকুত সাৱতি তুলি লৈ ফুৰা অৰ্থহীন আত্মাৰ বিননিবোৰ
তৰাং পানীৰ নৈ খনিত দেওঁ দি ফুৰা
কৈশোৰৰ কোমল আকাশখনি
বুকুত সাৱতি তুলি লৈ
কুহুমীয়া বেলিটো হাত মেলি লোৱাৰ আশাৰে
ডাৱৰবোৰ আতৰাই
অন্ধবিশ্বাসৰ
প্রাচিৰ পাৰ হব খোজো