যাদুকৰী অনুভূতি

নিৰ্জনতাত তোমাৰ সান্নিধ্যৰ ছায়া
যাদুকৰী কৌতূহল কুঁৱলীৰ,
পিছল সাঁকো, বুকুত ধুমুহাৰ কোলাহল
মোৰ অনুভূতিত
উখল মাখল সপোন
বিপুল সম্ভাৰ আবিস্কাৰৰ আশাত
মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুত
তোমাৰ উপস্থিতিৰ দুষ্প্ৰাপ্য সান্নিধ্য
মোৰ তেজত
প্ৰেমৰ গানত মূৰ্ত
 অদ্ভুত আনন্দবোধৰ
কৌতূহল
এক যাদুকৰী অনুভূতি