বসন্তৰ সৰল হাঁহি

বকুলফুলৰ দৰে ভৰি থকা
ৰঙীন বসন্তৰ সৰল হাঁহিত
এক জাগ্ৰত জীৱন শক্তি
নিমিষতে ভাঙি পৰে মোৰ নিঃসংগতা
এই নাটকীয় মুহূৰ্তত
ভৰি পৰে বুকুত ফুলৰ পাপৰি
স্ফীত জীৱন শক্তিত
তোমাৰ উপস্থিতি
প্ৰেমৰ নিজান সুৰত বাজি উঠিছে
তোমাক ভালপোৱাৰ আনন্দ
জ্বলিছে  উজ্জ্বল হৈ হৃদয়ৰ আশ্ৰয়।