এটি অনুভৱ বুকুৰ মাজত


নিয়ৰৰ টোপালবোৰত
জিলিকি উঠা ৰদৰ ৰশ্মিয়ে
মনত জগাই তুলিছিল হেজাৰ সপোন

মনৰ মাজত এটি গুন গুননি
অনুভৱ কৰিব বিচাৰিছো
তৃষ্ণাতুৰ প্ৰাণৰ গভীৰ ভালপোৱা

এটি অনুভৱ বুকুৰ মাজত
সেমেকা সুগন্ধ বিয়পি পৰিছিল
প্ৰতিশ্ৰুতিৰ সতেজ অৰণ্যত

এটি অজান আশাৰ জুই
জ্বলি উঠিছিল দুচকুত

প্ৰেমৰ আকুলতা বৈ আহিল
এটি নিজৰাৰ সুঁতি হৈ।