এটি জ্বিলিকনিৰ আশাত

হৃদয়ৰ উচুপনিত অনুভূতিৰ স্পন্দন
বিষাদৰ সুৰেৰে গঠা
মোৰ নিশাৰ মূহুৰ্তবোৰত
খেপিয়াই ফুৰো
হেৰাই যোৱা অনুভূতিৰ স্পন্দন
প্রটিতো ৰাতি উজাগৰে থাকি
ডুব গৈ থাকো আবেগ বিহীন প্রতিপল
মাজ নিশাৰ আন্ধাৰৰ কলা ডাৱৰে
ভাৱৰ অনুভূতিবোৰ ম্লান কৰি
চিনিব নোৱাৰা কৰে
অনুভৱ কৰো এক জৰতা
ভাৱ সাগৰত
এটি জ্বিলিকনিৰ আশাত
বিচাৰো পৰশৰ অনুভৱেৰে
ছায়াহীন কায়াহীন অন্ধৰদৰে
এটি স্ফুলিংগ