মোৰ অনুভৱ, মোৰ দুখ, মোৰ আনন্দ

এক অজান আশংকাত
বুকুখন কঁপি উঠিছিল

নিশব্দ নিজান নিশাবোৰত
জোনাক ওলাইছিল

ডুব গৈছিল আশাবোৰ
আৰু সপোনবোৰ
আকাশৰ উখল মাখল ডাৱৰত

মোৰ কলিজাৰ তলাতল ভাঙি
বাজি উঠে বিপন্ন শৰীৰৰ প্ৰতিবাদ
খণ্ড-খণ্ড কৰি তুলে
মোৰ অনুভৱ, মোৰ দুখ, মোৰ আনন্দ

সময়ৰ ঘনিষ্ঠ নিঃসংগতাত
কঁপি উঠিছিলো মই,

বিয়পি গ’ল এই অনুভৱ
এক অজান যাত্ৰাৰ দুখত

বুকুভেদি যায় কৰুণ সুৰৰ
এটি শীতল সোঁত

খোজ লওঁ লাহে লাহে
এক অলীক স্বপ্নৰ আবেগত
দূৰ দিগন্তৰ মাৰ যোৱা
বেলিটিলৈ চাই।