কল্লোলিত সপোনৰ আশাত


গুচি যাম মই অজুহাত পালে
যাদুকৰী ৰাতিৰ সান্নিধ্য বিছাৰি
বকুলফুলেৰে ভৰা হেঁপাহৰ সপোন বিছাৰি,
ৰঙীন বসন্তৰ সৰল হাঁহিত
প্ৰেমৰ নিজান সুৰত বাজি উঠিছে
বসন্তৰ কুলুকুলু বাঁহী,
এই নাটকীয় মুহূৰ্তত
তোমাৰ উপস্থিতি
এক জাগ্ৰত জীৱন শক্তি,
অনুভূতিৰ দুৱাৰ দুফাল কৰি
মোৰ প্ৰিয়  ৰং বুকুত সাবতি
পাৰ হৈ আহোঁ লাহী ডেউকা কোবাই
তোমাৰ দুষ্প্ৰাপ্য সানিধ্য বিছাৰি,
নিমিষতে ভাঙি পৰে মোৰ নিঃসংগতা
ভৰি পৰে বুকুত ফুলৰ পাপৰি
একান্তমনে বাৰিষাৰ বতাহ যেন
স্ফীত জীৱন শক্তিত শাখা-প্ৰশাখা মেলি
বুকুত থৈ, মোৰ অতি প্ৰিয়
তোমাক ভালপোৱাৰ আনন্দ
কল্লোলিত সপোনৰ আশাত
জ্বলিছে  উজ্জ্বল হৈ হৃদয়ৰ আশ্ৰয়।।