বৈ আহে স্মৃতিবোৰ

নিজান সন্ধিয়াৰ
নিবিৰ ক্ষণবোৰত
বগাই ফুৰে মনৰ খেয়াল

নিঃশব্দে  আহি স্থান লয়
মোৰ কল্পনাৰ ছবিবোৰে
কোবাল ঢৌৰ দৰে

অনুভৱৰ গুণগুণনিত
নিঃসাৰে বগাই ফুৰে
মোৰ যন্ত্রনাৰ উমান পাই

বৈ আহে স্মৃতিবোৰ
আত্মাৰ ভ’ৰালৰ পৰা নিঃসাৰে
মোৰ নিৰৱতা ভাঙি