মনত ভাহে হেপাঁহৰ ডিঙৰা












কোনেনো বুজিব  কেতেকিৰ 
বিৰহৰ বিননি
ঋতুয়ে ঋতুয়ে বিচাৰে লগৰি

হিয়াৰ বেদনা কঢ়িয়াই 
বিছাৰি ফুৰে 
বাট হেৰুৱা সখি

কপৌপাহিৰ কঁপনিত 
বসন্ততই হাঁহে
ঢৌ খেলে মেঘালিৰ বুকুত

সেন্দুৰিয়া ওঠত জিলিকে
সপোনৰ হাঁহি
চকুত আশাভৰা চাৱনি

চিকমিকনি উঠে বিজুলীৰ
ঢোল পেঁপা গগনাৰ মাতত
নিজম গধূলি

এখোজি দুখোজিকৈ আগবাঢ়ে মন
উলাহত নভৰে বুকু
সপোনে আমনি কৰে গুপুতে আহি

মনত ভাহে হেপাঁহৰ ডিঙৰা
আশাৰ সপোনবোৰে
ৰিঙিয়াই অজানিতে

পদুলীমুখতে ৰৈ বাটলৈ চাই
বুকুত সাৱতি ৰখা কথা
নুফুটে ওঠত

কিনো মায়া সানে 
বসন্তৰ বতাহে
আউলি বাউলি হয় মন

বতাহত উৰে হিয়া
ডেউকা কোবাই
গুছি যায় দুৰ দুৰণিলৈ

নিৰৱতাৰ মসৃণ পৃষ্ঠাবোৰ












নিৰৱতাৰ মসৃণ পৃষ্ঠাবোৰ 
লুটিয়াই লুটিয়াই
বেদনাবোৰ খেদি খেদি পঠিয়াওঁ

পূৰ্ণিমাৰ ৰাতি 
পথাৰত জিলিকে সোণগুটিবোৰ
আশীৰ্ব্বাদ কৰে তিৰবিৰাই
সোনালী দলিচা পাৰি

বন্ধ হল চৰাইৰ মৰমৰ কিৰিলি
সেয়ে লাগে স্তব্ধ হৈ আছে সময়
অৰণ্যই বুকুৰ উমেৰে
স্নেহ সিঁচে সিহঁতৰ মাজত

বতাহ বলা নাই
মৰহি যোৱা পাতখিলাও 
সৰি পৰা নাই

জোনাকত আঁউসীৰ অস্তিত্ব লুকুৱাৰ দৰে 
নীৰৱে আছে ক্ষণবোৰ
আৰু জীৱন সুৰৰ মূৰ্চনা

বৈ থাকিল মাথো 
বিষাদৰ এখন ধূসৰ নদী
মাৰ গল হৃদয়ৰ ঝনঝননি 

বন্দনাৰে মুখৰিত নামঘৰ
নি:শব্দ উপত্যকাৰ কোলাত
শুই পৰিল একোটা সপোন হৈ 

শৰীৰ কঁপে সুখ-দুখৰ শিহৰণত










জীৱনটোৰ আধা 
গলি গলি নিজেই বুৰ গ'ল
মোৰ বুকুৰ আন্ধাৰত

অৰণ্যৰ মাজত চৰাইবোৰে 
সেউজীয়াৰ আৰত সন্ধ্যা পৰত
অবুজ ভাষাৰে সৃষ্টি কৰে মুখৰিত গান

তাৰ চন্দৰ সোঁতে সোঁতে 
বুঢ়ালুইত বৈ যায়
উদাসীনতাৰ ছাঁ বুকুত লৈ 

অশ্ৰুসিক্ত এজাক কোমল বতাহে
মুকলি আকাশৰ তলত
এই অনুভূতিক বোৱাই নিয়ে

এখনেই আকাশ তৰাবোৰৰ
এতিয়া মাথো জোনাকৰ
তজবজীয়া  আশাত ৰূপালী হৈ পৰিছে 
উজাগৰি নিশাৰ সপোন

প্ৰতিটো আউসীত ভৰি পৰে মন 
কোলাহল কৰি শীতল হৈ ৰয়
অতীত হৈ যোৱা সময়বোৰ
কাঢ়ি লয় আলফুলে সাঁচি ৰখা সোঁৱৰণীবোৰ

শৰীৰ কঁপে সুখ-দুখৰ শিহৰণত
আঘাতপ্ৰাপ্ত ওফন্দি উঠা লুইত

আকাশৰ নীলা প্ৰেৰণাত 
বেদনাবোৰ এজাক বৰষুণ হৈ
পানীত ঢৌ তুলি জিলিকি উঠে

অব্যক্ত সুৰৰ সুঁহুৰি












পৃথিবীৰ বুকুলৈ ধাৰাষাৰে নামি অহা
বৰষুণজাকত উপচি পৰে পথাৰবোৰ 

নাচি উঠে মন 
উৰা মাৰে গাঁওলৈ

চিনাকি পথাৰৰ মাটিৰ গোন্ধই 
মনটোত জগাই তোলে প্রশান্তি

সন্ধীয়াৰ  জোনাকী পৰু্ৱাৰ 
মায়াবি পৰিবেশত 
ভাহি আহে অতীতৰ স্মৃতি 

খাল বিলৰ ভেকুলিৰ মাতত 
মনত পৰে শৈশৱ

সেমেকা পোহৰে সোঁৱৰাই দিয়ে
জোনাক আৰু ডাৱৰৰ লুকাভাকু খেলা

স্বপ্নৰ জাল ৰচি বোৱাই দিয়ে
সেউজী সোণালী ৰং

গছ পাতে গঢ়ি তুলে 
নতুন আশাৰ সপোন

সুৰীয়া কুলিৰ মাতে বননি কঁপাই 
সিঁচি দিয়ে মনত মিলন আশা 

ৰ’ লাগি ৰৈ থাকোঁ থৰ হৈ
উখল মাথল হৃদয়ত 
কিয় জানো বাজে
অব্যক্ত সুৰৰ সুঁহুৰি 

স্বপ্নাতুৰ কুৱলীৰ আৰত










পূৱতী নিশা 
জোনাকৰ পৰশ সনা
স্বপ্নাতুৰ কুৱলীৰ আৰত 
এটি সপোনৰ মধুময় ছন্দ

মোৰ তেজৰ স্পন্দনত
সুৰ তুলি সিঁচি যায় 
ৰং আৰু তুলিকাৰে
কল্পনাৰ মায়াজাল

অন্তৰত জীয়াই থকাৰ
উৰ্দ্ধগামী জুই শিখাৰ 
অহৰহ ধ্বনিত মন আৰু আত্মা
বৈ যায় শুকুলা কুৱলী হৈ

আৱেগক আৰু নোৱাৰো বান্ধিব








বুকুৰ সপোন  নিৰৱে আছিল
জীৱন সুৰভি হৈ

দুচকুৰ ভাষা নুবুজিলা তুমি
থাকিলা আতৰি দূৰণিৰ 
জোনাকী হৈ

বুকুত জোৱাৰ আনি
তুলিলা সাগৰত ঢৌ

আৱেগক আৰু নোৱাৰো বান্ধিব
নিজান সন্ধিয়া নেচাবা মোলৈ
মায়া ভৰা জোনাকী হৈ

বসন্তৰ কুঁহিপাত







শাৰী শাৰী গছৰ মাজেৰে
বৈ অহা বতাহে
সৰা পাত উৰুয়াই
ধলপুৱাতেই মন ঢৌৱাই

অন্তৰৰ সুৰীয়া স্মৃতিৰ
এক ৰিমজিম
সোঁৱৰণিয়ে বুকুত গুনগুনাই

শুকান বননিত গজি উঠা
বসন্তৰ কুঁহিপাত
বুকুৰ সেউজীয়া সপোনহৈ
হৃদয়ত সিঁচি  দি যায়
ৰূপালী স্পৰ্শৰ  উত্তাপ

শেৱালী ফুলৰ ভাগি ভাগি অহা
স্ফুৰিত সুৰভিৰ ৰাগিত
মন আকাশত ভৰি পৰে 
ফুলে ফুলে জিলিকা
ৰং বিৰঙৰ খেলা

মাৰ যায় নিমিষতে
নিশাৰ সকলো অৱসাদ

আই বোপাই

আই মাতৃ জননী জন্মদাত্ৰী,
দেউতা পিতা বোপাই আশ্ৰয়দাতা,
হয় জানো সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা একোটা শব্দ,
দুয়ো নহয় জানো একেটা সংজ্ঞা ।
মাতৃ, এটি শিশুক জন্ম দি
লালন-পালন কৰা, এগৰাকী নাৰী
পিতাই আশ্ৰয়দাতা জনক ।
অট্টালিকা, ইমাৰত, কাৰেং, দালান
এটা ঘৰ মাথো আশ্ৰয়ৰ বাবে  ।
মোৰ সোঁৱৰণীত যত্নতে সাছি ৰাখিছো
আই বোপাই তোমালোকৰ এবুকু মৰম ।

দেউতা

সেই তাহানিতে আহিছিলো
বুকুত সপোন বান্ধি
আৰু দেউতা তুমি দিয়া পৰিচয় 
যৌৱন কেনি জানো পাৰ হৈ গল
মনত পৰিছে আজি
বাৰে বাৰে তোমালৈ
সেয়ে সজল চকুৰে
আলফুলে বুটলিছো
স্মৃতিৰ চুকে কোনে
ভাঁহি থকা তোমাৰ মৰমবোৰ

মোৰ বুকুৰ উত্তাপ








আউল লাগে মোৰ দীঘল চুলিতাৰিত
আৱৰি ঢাকি ৰাখে বুকুৰ ধপধপনি
জোতপোত হয় মনৰ ভাৱত
জঠৰ লাগে তেনে সময়বোৰত
তেতিয়া হাঁহীবোৰ হুমুনিয়াহ হৈ পৰে

কোনোমতে ডালত উলমি থকা 
হালধীয়া পাতবোৰ জাকে জাকে বতাহত নাচি নাচি
সৰি পৰে পক্ষীজাকৰ হাই-উৰুমিত

ঢৌত জিলিকা তিৰবিৰনি চাই
পানীৰ কলকলনি শুনি
বহি আছো জুৰিটিৰ পাৰত
এক সংগীবিহীন শূন্যতা লৈ

বহি আছো অচিনাকি নিজানত 
জীৱন চাকনৈয়াত বন্দী 
হেঁপাহ আৰু সপোনবোৰ লৈ

এক বোজাব নোৱাৰা গুণগুণনীয়ে
আলোৰন কৰিছিল বুকুৰ ভিতৰত
কপৌজনীৰ ডেউকাৰ ঢপঢপনিত
মনটো উৰিছিল অলসভাবে
আকাশত ডাৱৰ যোৱাদি

অৰণ্যৰ এই গহীন পৰিবেশত
অস্থিৰ হৈ পৰা মনত
হেজাৰ প্ৰশ্ন ভিৰ কৰিছিল

ক্লান্ত হৃদয়ৰ ব্যৰ্থ চেষ্টা
সন্মুখত থিয় হৈ থকা
বিশাল পাহাৰ পাৰ হৈ যোৱাৰ

নিজানত শুনা ঝিলিৰ মাতত
মোৰ সকীয় সত্তাই চিয়ঁৰিছিল  
কিছু পৰিবৰ্তন লাগে
হৃদয়ত ফাগুনৰ ৰং লাগে

মলত চলিছে এই ভাৱবোৰ
নিজান নি:শব্দ অৰণ্য খনিত
কলকলাই বৈ থকা ঢৌৰ তালেতালে
মনটো ভাহি যায় উঠা নমা কৰি
কোনোবা অজান নৈৰ লগ বিছাৰি

বুকুত প্ৰতিধ্বনিত হৈছিল 
জুৰিটিৰ পানীৰ কলকলনিবোৰ 
ৰৈ গৈছিল স্মৃতিৰ পাপৰি
ওঠৰ নিমাত ভাষা হৈ


এই দৰে ক্ষণ গনি গণি
মনে ধৰি ৰাখিব খোজে আলফুলকৈ
টুকুৰা টুকুৰকৈ ভগা কলিজাটি 


উজাই যাব খোজে 
খলাবমা জুৰিটিৰে পাহাৰৰ টিঙলৈ
বতাহত লৰি থকা 
বিৰিনা পাতৰ দৰে কঁপি কঁপি

অন্তৰত আবদ্ধ হৈ থকা
এক জলন্ত আগ্নেয়গিৰিৰ
উত্তপ্ত লাভাই  আমনি কৰে
অহৰহ ফিৰিঙতি ছটিয়াই

উদুলি মুদুলি হৈ পৰে 
বুকুত সযতনে গাঠি অহা 
নি:শব্দ গানৰ লয়

আকুল হৃদয়ে চিয়ঁৰি উঠে
খেলিমেলি হৃদয়ত হেৰুৱা 
গানবোৰৰ কলি বিছাৰি

পাহাৰৰ সিপাৰে বাজি থকা
ঢোল পেঁপাৰ মাতত 
ক্ৰমানয়ে বাঢ়ি যায় বুকুত
উত্তপ্ত লাভাৰ ছিটিকনি

গছ পাতৰ মাজেৰে সৰকি 
জুৰিটিৰ পানীত বিৰিঙা 
ৰ'দৰ তিৰবিৰনিয়ে জুখিব খুজে 
নিসংগতাৰ ফাকে ফাকে 
উজলি উঠা মোৰ মনৰ ভাৱ

শুকুলা চাদৰৰ আত বিচাৰি









পুৱতি নিশাৰ নিয়ৰ সনা
সেমেকা শীতল বতাহ চাটিয়ে
টানি নিয়ে মোক
উজাগৰি ৰাতিৰ অৱসাদ আতৰাই

শুকুলা চাদৰৰ আৰে আৰে
বতাহত পমি থকা 
নিয়ৰৰ কণিকাবোৰৰ মৃদু পৰশত
দলিয়াই পেলাও 
মনৰ সকলো অৱসাদ
  
আগবাঢ়ি যাও এখুজি দুখুজিকৈ
শুকুলা চাদৰৰ আত বিচাৰি

বিছাৰি যাও চাবলৈ
অসীমত আছে কোন কুঁৱৰী 
শুকুলা চাদৰৰ আৰলৈ

গীতৰ কলি এটি
গুণ গুণাই বিছাৰি যাও
শুকুলা চাদৰৰ আত বিছাৰি 

সেমেকা শীতল বতাহ চাটিয়ে
টানি নিয়ে মোক
এখুজি দুখুজিকৈ

জীৱনৰ ৰং এটি অনুৰাগ












বুকুত জোৱাৰ তুলি
উজাই আহিছিল অস্থিৰতা
নিশাহত উত্তপ্ত বতাহ লৈ

বুকু কঁপিছিল বিভ্ৰান্তিত
কলা মেঘৰ ছাঁয়াত
দুখৰ উহ বিচাৰি

হৃদয়ত থকা মৌন সুঁতিটো
বৈ আহিব খুজিছিল
খিল খিল হাঁহিৰে

ভাৱৰ খেলিমেলিত
দূৰণিৰ পাহাৰটিলৈ চাই
বুকুত জাগিল চেতনা

জীৱনৰ ৰং এটি অনুৰাগ
একাবেকা হৈ বয় বুকুয়েদি
পাহাৰী নিজৰা হৈ

মনত জাগি উঠা
অনিশ্চয়তাৰ হাহাকাৰ মাথো
জীৱন সত্যৰ ৰশ্মিৰেখা

উগুল থুগুল অন্তৰত
নিঃশব্দে বিৰিঙি উঠিল
জোনাকৰ বিচিত্ৰ খেলা

আবেগত আবদ্ধ যন্ত্রনা আতৰি 
হৃদয় বিয়পি বৈ গ'ল
জুৰিটিৰ অনুৰণিত ঝঙ্কাৰ 

এটি গীতৰ সুৰ









টোপা টোপে সৰি পৰা 
নিয়ৰ কণাবোৰ জিলিকি উঠিছল
মিঠা ৰ'দৰ পৰশ পাই

নিৰ্জন পূৱাবেলা 
দিহিং পাৰৰ নিৰ্জন বননি
জাগি উঠিছিল পক্ষীৰ কলকলনিত

কঁহুৱাৰ হেন্দোলনিয়ে জনাইছিল
উখল মাখল বুকুক
ফাগুন অহাৰ কথা

দেহ মন কঁপাঁই 
এটি সপোন জাগিছিল মনত
শিমলুৰ ৰঙা ৰং হৈ

পূৱাৰ মিঠা কোলাহলৰ মাজেৰে  
এটি উচৱৰ ৰঙ
উবুৰিখাই পৰিছিল চাৰিওদিশে

চেঁচা বতাহ জাকে
হিয়াত নিৰৱে সিঁচিছিল
এমুঠি ৰঙীন ফাকু 

মনৰ কোণে কোণে ঢৌ তুলি
উতলা ফাগুণ আহি 
কাষতে ৰ'ল কঁহুৱাৰ আৰ লৈ

অজানিতে এই নিজম পৰত 
অশান্ত মন ভাহি গ'ল
এটি গীতৰ সুৰ হৈ

বুকুৰ মৌকোঁহ নিগৰি পৰে








মেঘৰ আৰে আৰে ৰূপালী জোনাক সৰে
বিচাৰি পাওঁ মনৰ ৰঙীয়াল চৰাইটো

বুকুত ফুলা কেতেকীৰ সুৱাসত
মন ডেউকা কোবাই উৰে

সুৰৰ মূৰ্চ্ছনাত কঁপি উঠে বুকু
মনৰ হৰীণা জনী লৰা ধপৰা কৰে

মৃদু মলয়াৰ পৰশ পাই
আনমনা ভাৱ এটি উজাই আহে

জোনাকেও আকাশলৈ
হাত বাউল দি মাতে

বুকুত এসাগৰ জোৱাৰ তুলি
অস্থিৰতাৰ বতাহ বৈ যায় ঘনে ঘনে

ভাহি যায় সুৰভি আকাশে বতাহে
হৃদয়ত বাজি উঠে মধুমিঠা গান

বুকুৰ মৌকোঁহ নিগৰি সৰে
নিজৰাহেন একা বেকা সুঁতিৰে 

লুইতৰ শেষ নোহোৱা গান









অবুজ ভাষাত বৈ যোৱা
লুইতৰ শেষ নোহোৱা গান
হৃদয়ত বাজি থাকে
স্ৰোত ভৰা অচিন বাটেৰে
সুকীয়া নিজৰ গতি লৈ

এন্ধাৰ কঁপাই মেঘৰ আৰত
তিৰবিৰাই উঠে জোনাক
উচপিচ বতাহত
নিশব্দ নৈৰ দাতিত ৰৈ
প্ৰিয়জনলৈ অপেক্ষাৰ কৰে
ক্ষন গণি গণি

প্ৰকৃতিৰ প্ৰতিটো শব্দত
ফুটি উঠা শুভ্ৰ কোমল সুৰভি
নিশ্বাসত ফুটি উঠে কঁপনি
তন্ময়তাৰ চকু যায় দূৰ দূৰণিলৈ

কুৱলীৰ আৰে আৰে লিহিৰি ৰদে
আঙুলী মেলি উজাই আনে
চমত্কাৰ এটি অনুভৱ

বুকুৰ মাজত জহি খহি যোৱা
এটি অনুভৱ উজাই আহে
সুৰ এটি হৈ বিচাৰি ফুৰে
মিঠা ৰ’দৰ পৰশ
সমগ্ৰ শৰীৰত বিয়পি পৰে
তাৰ শাখা প্ৰশাখা হাত মেলি

বিৰিণা বনৰ আৰে আৰে
লুইতৰ পকনীয়াবোৰে মেলি দিয়ে
হৰিণীহেন চঞ্চলতা বুকুত

এই বিশালতাৰ অনুভৱে
বহাগৰ প্ৰথম বৰষুন জাকত
শুকান মাটিক জিপাল কৰাদি
ফাগুনৰ কহুৱা উৰে
মনত এসাগৰ জোৱাৰ তুলি

কঁপিছিল চাকি শিখা












কঁপিছিল চাকি শিখা তুলসীৰ তলত
শেষ হোৱা নাই গধূলীৰ অৰ্চনা

নিগৰি আহিছিল এধাৰি চকুলো
বগাই গৈছিল তললৈ বুকুৰে

নিশব্দ নৈৰ এবুকু জোৱাৰ লৈ
বেদনাই খুন্দিয়াইছিল বুকুত 

বিশাল চাপৰিৰ ঝাওবনৰ দৰেই
কুৱলীয়ে ঢাকিছিল আশাবোৰ

বিষাদৰ তান ভাহিছিল বতাহত
নি:সংগতাৰ জয়াল বাটটোৰে

খহিছিল শেষ বান্ধোনৰ ভেটা
সাক্ষী নিশাৰ মৌনতাৰ কোলাহল

উৱলিবলৈ আৰম্ভ কৰিছিল
বুকুত সাঁচি ৰখা হেঁপাহবোৰ

সাঁচি ৰখা হাঁহিৰ টুকুৰাবোৰ
সমাধিস্ত হৈছিল মৰহা ফুল হৈ

সোঁৱৰণীৰ বুকভেদি










প্ৰভাতী সূৰুয কুঁৱলী ফালি
মৃদু মলয়াৰ তালে তালে
গালে মুখে পৰিছে

সোঁৱৰণীৰ বুকভেদি 
শিখৰত উঠো মই 
সুউচ্চ পাহাৰ বগাই

মনত পৰিছে মোৰ 
সেন্দুৰীয়া গালৰ 
তোমাৰ চকুৰ চাৱনি

মনত পৰিছে সেউজ পথাৰৰ
লয়লাস ভংগিমাৰ
মনোমোহা লাহী ককাল

মনত পৰিছে মোৰ 
তেজৰ ধমনিত বোৱা
প্ৰেম সাগৰৰ জোৱাৰ

উখল মাখল বুকুত








মনত এটি উচৱৰ ৰঙে 
সংগোপনে আলিংগন কৰিছিল 
উখল মাখল বুকুত

পূৱাবেলা টোপা টোপে সৰি পৰা 
নিয়ৰ কণাবোৰত
জিলিকি উঠিছিল সূৰুৰ কিৰণ

মিঠা কোলাহলৰ মাজেৰে  
বাঁহনিডৰাৰ আৰে আৰে
বৈছিল এচাটি শীতল মলয়া

পদূলি মোৰত ৰৈ
জিৰ জিৰ বতাহত
মন উৰিছিল স্বপ্নময় পথাৰত

দূবৰিৰ দলিচা গচকি
সমস্ত দেহ কঁপি উঠিছিল
এটি সুৰীয়া সপোনত 

জোনাক বিচাৰি










দিহিং পাৰৰ নিৰ্জন বননিত
উবুৰিখাই পৰিছেহি গধূলীৰ চৰাইজাক

ফাগুনৰ উখল মাখল বতাহ জাকত
কপিঁছে কঁহুৱা হেন্দোলনি তুলি

আকাশত এখুজি দুখুজিকৈ থোপ খোৱা
ডাৱৰৰ টুকুৰাবোৰেও আহি আহি জিৰায়

জীৱন বান্ধৈ নৈপৰীয়া  এই পৰিবেশত
হৃদয়েও প্ৰাণখুলি গীত জোৰে প্ৰেমৰ

বুকুখন গচকি নদীৰ পাৰে পাৰে
ডালে পাতে লাগি ৰয় হাবিয়াসবোৰ

বুকুৰ পূৰণি সপোনবোৰো নামি আহে
এখুজি দুখুজিকৈ জোনাক বিচাৰি

মনত এটি উচৱৰ ৰঙ










কান্ধত মেটমৰা বোজা লৈ
বাঁহনিডৰাৰ আৰে আৰে
দূবৰিৰ দলিচা গচকি
নিৰ্জন পূৱাবেলা
টোপা টোপে সৰি পৰা 
নিয়ৰ কণাৰ পৰশ লৈ
পদূলি মোৰত থকা শেৱালিৰ তলেদি 
স্বপ্নময় পথাৰৰ সোনালী শইচ লৈ
শৰতৰ পূৱা জিৰ জিৰ বতাহত 
পূৱাৰ মিঠা কোলাহলৰ মাজেৰে  
ৰৌদ্ৰ'জল সেউজৰ সুবাস লৈ
ঘৰমোৱা উখল মাখল বুকুত
সংগোপনে আলিংগন কৰিছিল 
সুৰীয়া জীৱনৰ এটি সপোনে 
সমস্ত দেহ কঁপাঁই তুলিছিল
নিস্পাপ এটি উচৱৰ ৰঙে 

জোঁট লগা গাঁথনিৰ পাক











জীৱন সংঘাতত
জীয়াই থকাৰ আশাত
জোঁট লগা গাঁথনিৰ পাক
বাঢ়ি যায় দিনে দিনে

লহপহীয়া কঁহুৱাৰ
কঁপনিৰ তালে তালে
ঢোলত চাপৰ পৰিলে
দিখৌৰ সোঁতত জিলিকনি উঠে

অৱসাদৰ বুকুভগা নাওখনি
বুৰঞ্জীৰ পাতৰ দৰে সাৰ পাই উঠে
আয়োজনৰ মিছা অভিনয়ত
শুনো অপেক্ষাৰ বাঢ়ি যোৱা উকি

পেঁপাৰ মাতত ওপজা ফিৰিঙতিত 
হঠাতে সাৰ পাই উঠি দেখো
জাক জাক কঁহুৱাৰ চলিছে নৃত্য
পাহাৰী নিজৰাৰ ধ্বনিৰ চেয়ে চেয়ে

বিজুলীৰ দৰে অৱচেতন মনৰ
কোনোবা চুকত হঠাতে দেখো 
এটি জিলিকনিৰ চিকমিকনি
বৈ যোৱা সোঁতৰ ভাজে ভাজে

জহি খহি যাওঁ মই










জহি খহি যাওঁ ম
কুচি মুচি এন্ধাৰত

এটি চঞ্চলা হৰিণী
জপিয়াই ফুৰে
মোৰ বাহ্যিকতাক দেখি

পুতৌৰ হাঁহি মাৰি
বিদ্ৰুপ কৰে

সোমাই পৰো মই
অকলশৰে অলক্ষিতে
নিজান বননিৰ ছাঁয়াত

চূৰমাৰ হৃদয়ৰ আসন্ন মৃত্যুত
থুপ খায় আকাশত 
জোন আৰু তৰা

ৰিঙিয়াই মাতে মোলৈ চাই
মোৰ অতৃপ্ততাক দেখি

অজানিতে কোনে দিলে সানি











মনৰ কোণে কোণে তুলিলে ঢৌ
হিয়াত  সানি এমুঠি ৰঙৰে ফাকু 

নিৰৱে বৈ যায় মনৰ ভাজে ভাজে
মিঠা মিঠা এটি সুৰ

গোপনে ফাগুণে আহি কাষতে ৰ'ল বহি
শীতল বা লাগি ভৰি গ’ল মন

ঘনে ঘনে সৰিছে পূৱতী ফুলৰে পাহি
ঢোল পেপাৰ মাতে বুকুত তুলিলে ঢৌ

অজানিতে কোনে দিলে এটি সুঁতি বোৱাই
উতলা মনত ফাগুনৰ বতাহে তুলিলে ঢৌ

কোনে জানো অজানিতে দিলে সানি
হিয়াত এমুঠি ৰঙৰে ফাকু 

বলিছে বতাহ পচোৱা ফাগুণৰ 
কোনে জানো অজানিতে দিলে সানি
হিয়াত এমুঠি ৰঙৰে ফাকু 

কহুৱাৰ আৰে আৰে ঘনে ঘনে বাজিছে বাঁহি
অশান্ত মনত বৈ গ'ল এমুঠি জোনাকৰে জ্যোতি

এই নিজম পৰত বিৰিণাৰ আৰে আৰে 
ৰিনি ৰিনি বাজে বাঁহি 

আশা ভৰা মনে আলফুলে ললে সাৱতি 
ফাগুনৰ মন উতলা কৰা ৰং

মেঘেৰে ভৰা চিনাকি আকাশ









এই চিনাকি আকাশ মেঘেৰে ভৰা
ৰাম ধেনুৰ ৰঙে আৱৰি ধৰে
দুই দিগন্তৰ সীমাছোই

সৰিল বৰষুণ এটোপ দুটোপকৈ 
নামি আহি বৈ গ’ল গাল মুখ আৱৰি

মোৰ শৰীৰৰ কোণে কোণে
ধল বাগৰিল শিহঁৰিত আমেজত
মন নাচি উঠিল চেঁচা পৰশ পাই

চোতালত থোপ খোৱা পানীডৰা
বৈ যায় নিৰৱে নিজৰাৰ সুঁতি হৈ

চঞ্চল মনত জাগে ধেমালিৰ ভাৱ
বোকা পানী খচকি ধেমালী কৰো

হাঁহিৰ খলকনি শুনি উচপে হিয়া
চঞ্চল মন গুচি যায় হাঁহিৰ উৎস বিচাৰি

ভাহি আহে চকুৰ আৰে আৰে
হাঁহিৰ খলকনিৰ মাৰ যোৱা সুৰ

বতাহ চাতিয়ে পানীত ঢৌ তুলে
মৃদু কম্পনৰে বৈ যায় নিজৰা হৈ
ৰিঙা ৰিঙা ভাৱে দোলা দিয়ে মনত

শিঁহৰণ জাগে মনৰ ভাজে ভাজে
কোনে জানো অজানিতে দিলে সানি
হিয়াত এমুঠি ফাকুগুৰি

ঘূৰি ঘূৰি চাওঁ বাৰে বাৰে
হেৰাই যোৱা হাঁহিৰ উৎস বিচাৰি

এই শীতল বা লাগি
ভৰি পৰে মনৰ কুঠৰি

মেঘেৰে ভৰা চিনাকি আকাশ
টোপা টোপে পৰে বৰষুণৰ জাক

নামি আহি সৰি পৰে
মোৰ গাল মুখ আৱৰি

মেঘেৰে ভৰা চিনাকি আকাশ
বাৰে বৰণীয়া ৰঙেৰে ভৰি গ’ল
দুই দিগন্তৰ সীমা চোই

টোপা টোপে সৰি পৰে বৰষুণ
নামি আহি বৈ যায় 
মোৰ গাল মুখ আৱৰি

শিঁহৰিত হিয়াৰ কোণে কোণে
মন নাচে চেচা পৰশ পাই

চোতালত থোপ খোৱা পানী ডৰা
বৈ যায় নিৰৱে নিজৰাৰ সুঁতি হৈ

চঞ্চল মনত জাগে ধেমালিৰ ভাৱ
বোকা পানী খচকি ধেমালী কৰো

হাঁহিৰ খলকনিত উচপে হিয়া
চঞ্চল মন গুচি যায় হাঁহিৰ উৎস বিচাৰি

ভাহি আহে চকুৰ আৰে আৰে
হাঁহিৰ খলকনিৰ মাৰ যোৱা সুৰ

বতাহ চাতিয়ে পানীত ঢৌ তুলে
মৃদু কম্পনেৰে বৈ যায় সুঁতি হৈ
ৰিঙা ৰিঙা ভাৱে মনত দোলা দিয়ে

শিঁহৰিত মনৰ ভাজে ভাজে
কোনে জানো অজানিতে দিলে সানি
হিয়াত এমুঠি ফাকুগুৰি

ঘুৰি ঘূৰি চাওঁ বাৰে বাৰে
হেৰাই যোৱা হাঁহিৰ উৎস বিচাৰি

চেচা শীতল বা লাগি
ভৰি পৰে মনৰ কুঠৰি

মেঘেৰে ভৰা চিনাকি আকাশ
টোপা টোপে বৰষুণৰ জাক
নামি আহি সৰি পৰে
মোৰ গাল মুখ আৱৰি

বুকুত বেদনাৰ ছাঁয়া











বেদনাৰ কোলাহলত সৃষ্টি অশ্ৰুৰ
মৃত্যুয়ে কাঢি নিয়ে জীৱন

আপোনজনৰ নয়নেৰে বৈ যায়
বিৰামহীন লোতকৰ ধাৰ

এৰি থৈ যায় বুকুত বেদনাৰ ছাঁয়া
বৈ যায় বতাহত চেঁচা পৰশৰ মায়া

উম লগা সোঁৱৰণিয়ে আমনি কৰে
নিয়তিয়ে কাঢি নিয়া জনক সোঁৱৰি

বুকু ঢকিয়াই নিৰৱে বিলাপ কৰি
সেমেকা ৰাতিক কন্দোৱাই হিয়া ভাঙি

দিলাহি ফুলৰে পাহি











কাষ চাপি দিলা উপহাৰ ফুলৰে পাহি
মোহময়ী তোমাৰ হাঁহিত হেৰুৱালো মন

মায়াভৰা চকুযোৰিৰে ধেমালি কৰি
মোৰ বুকুত সানিলা ৰঙৰে বোল

খিলখিল হাঁহিৰে জুৰিটি বৈ গ'ল 
গছ বিৰিণাৰ মাজে মাজে সুৰ তুলি

ৰঙীণ পখীলাৰ জাক উৰি ফুৰে
জুৰিটিৰ পাৰে পাৰে বতাহত ঢৌ তুলি

আকাশে ডাৱৰক ললে বুকুত সাৱটি
সাত ৰঙৰ বিশাল ৰামধেনু সাজি

হৃদয়ত কঁপনি তুলি দিলা তুমি ফুলৰে পাহি
বুকুভেদি বৈ গ'ল অচিনাকি সুৰৰ ঢৌ এটি

হেৰোৱা মন বিচাৰি অন্তৰত খেলি মেলি ভাৱ
এই সেন্দূৰীয়া বাট সপোনৰে মায়াজাল নেকি

মোহময়ী হাঁহি মাৰি আহিলা তুমি কাষ চাপি
হিয়াত কঁপনি তুলি দিলাহি ফুলৰে পাহি

তুমি ৰচিলা সুৰৰ মায়াজাল তাল মিলাই 
সপোন বাটত তোমাকেই আজি যাচিলো প্ৰাণ