আউল লাগে মোৰ দীঘল চুলিতাৰিত
আৱৰি ঢাকি ৰাখে বুকুৰ ধপধপনি
জোতপোত হয় মনৰ ভাৱত
জঠৰ লাগে তেনে সময়বোৰত
তেতিয়া হাঁহীবোৰ হুমুনিয়াহ হৈ পৰে
কোনোমতে ডালত উলমি থকা
হালধীয়া পাতবোৰ জাকে জাকে বতাহত নাচি নাচি
সৰি পৰে পক্ষীজাকৰ হাই-উৰুমিত
ঢৌত জিলিকা তিৰবিৰনি চাই
পানীৰ কলকলনি শুনি
বহি আছো জুৰিটিৰ পাৰত
এক সংগীবিহীন শূন্যতা লৈ
বহি আছো অচিনাকি নিজানত
জীৱন চাকনৈয়াত বন্দী
হেঁপাহ আৰু সপোনবোৰ লৈ
এক বোজাব নোৱাৰা গুণগুণনীয়ে
আলোৰন কৰিছিল বুকুৰ ভিতৰত
কপৌজনীৰ ডেউকাৰ ঢপঢপনিত
মনটো উৰিছিল অলসভাবে
আকাশত ডাৱৰ যোৱাদি
অৰণ্যৰ এই গহীন পৰিবেশত
অস্থিৰ হৈ পৰা মনত
হেজাৰ প্ৰশ্নই ভিৰ কৰিছিল
ক্লান্ত হৃদয়ৰ ব্যৰ্থ চেষ্টা
সন্মুখত থিয় হৈ থকা
বিশাল পাহাৰ পাৰ হৈ যোৱাৰ
নিজানত শুনা ঝিলিৰ মাতত
মোৰ সকীয় সত্তাই চিয়ঁৰিছিল
কিছু পৰিবৰ্তন লাগে
হৃদয়ত ফাগুনৰ ৰং লাগে
মলত চলিছে এই ভাৱবোৰ
নিজান নি:শব্দ অৰণ্য খনিত
কলকলাই বৈ থকা ঢৌৰ তালেতালে
মনটো ভাহি যায় উঠা নমা কৰি
কোনোবা অজান নৈৰ লগ বিছাৰি
বুকুত প্ৰতিধ্বনিত হৈছিল
জুৰিটিৰ পানীৰ কলকলনিবোৰ
ৰৈ গৈছিল স্মৃতিৰ পাপৰিত
ওঠৰ নিমাত ভাষা হৈ
এই দৰে ক্ষণ গনি গণি
মনে ধৰি ৰাখিব খোজে আলফুলকৈ
টুকুৰা টুকুৰকৈ ভগা কলিজাটি
উজাই যাব খোজে
খলাবমা জুৰিটিৰে পাহাৰৰ টিঙলৈ
বতাহত লৰি থকা
বিৰিনা পাতৰ দৰে কঁপি কঁপি
অন্তৰত আবদ্ধ হৈ থকা
এক জলন্ত আগ্নেয়গিৰিৰ
উত্তপ্ত লাভাই আমনি কৰে
অহৰহ ফিৰিঙতি ছটিয়াই
উদুলি মুদুলি হৈ পৰে
বুকুত সযতনে গাঠি অহা
নি:শব্দ গানৰ লয়
আকুল হৃদয়ে চিয়ঁৰি উঠে
খেলিমেলি হৃদয়ত হেৰুৱা
গানবোৰৰ কলি বিছাৰি
পাহাৰৰ সিপাৰে বাজি থকা
ঢোল পেঁপাৰ মাতত
ক্ৰমানয়ে বাঢ়ি যায় বুকুত
উত্তপ্ত লাভাৰ ছিটিকনি
গছ পাতৰ মাজেৰে সৰকি
জুৰিটিৰ পানীত বিৰিঙা
ৰ'দৰ তিৰবিৰনিয়ে জুখিব খুজে
নিসংগতাৰ ফাকে ফাকে
উজলি উঠা মোৰ মনৰ ভাৱ