নিৰৱতাৰ মসৃণ পৃষ্ঠাবোৰ












নিৰৱতাৰ মসৃণ পৃষ্ঠাবোৰ 
লুটিয়াই লুটিয়াই
বেদনাবোৰ খেদি খেদি পঠিয়াওঁ

পূৰ্ণিমাৰ ৰাতি 
পথাৰত জিলিকে সোণগুটিবোৰ
আশীৰ্ব্বাদ কৰে তিৰবিৰাই
সোনালী দলিচা পাৰি

বন্ধ হল চৰাইৰ মৰমৰ কিৰিলি
সেয়ে লাগে স্তব্ধ হৈ আছে সময়
অৰণ্যই বুকুৰ উমেৰে
স্নেহ সিঁচে সিহঁতৰ মাজত

বতাহ বলা নাই
মৰহি যোৱা পাতখিলাও 
সৰি পৰা নাই

জোনাকত আঁউসীৰ অস্তিত্ব লুকুৱাৰ দৰে 
নীৰৱে আছে ক্ষণবোৰ
আৰু জীৱন সুৰৰ মূৰ্চনা

বৈ থাকিল মাথো 
বিষাদৰ এখন ধূসৰ নদী
মাৰ গল হৃদয়ৰ ঝনঝননি 

বন্দনাৰে মুখৰিত নামঘৰ
নি:শব্দ উপত্যকাৰ কোলাত
শুই পৰিল একোটা সপোন হৈ