জোঁট লগা গাঁথনিৰ পাক











জীৱন সংঘাতত
জীয়াই থকাৰ আশাত
জোঁট লগা গাঁথনিৰ পাক
বাঢ়ি যায় দিনে দিনে

লহপহীয়া কঁহুৱাৰ
কঁপনিৰ তালে তালে
ঢোলত চাপৰ পৰিলে
দিখৌৰ সোঁতত জিলিকনি উঠে

অৱসাদৰ বুকুভগা নাওখনি
বুৰঞ্জীৰ পাতৰ দৰে সাৰ পাই উঠে
আয়োজনৰ মিছা অভিনয়ত
শুনো অপেক্ষাৰ বাঢ়ি যোৱা উকি

পেঁপাৰ মাতত ওপজা ফিৰিঙতিত 
হঠাতে সাৰ পাই উঠি দেখো
জাক জাক কঁহুৱাৰ চলিছে নৃত্য
পাহাৰী নিজৰাৰ ধ্বনিৰ চেয়ে চেয়ে

বিজুলীৰ দৰে অৱচেতন মনৰ
কোনোবা চুকত হঠাতে দেখো 
এটি জিলিকনিৰ চিকমিকনি
বৈ যোৱা সোঁতৰ ভাজে ভাজে