কঁপিছিল চাকি শিখা












কঁপিছিল চাকি শিখা তুলসীৰ তলত
শেষ হোৱা নাই গধূলীৰ অৰ্চনা

নিগৰি আহিছিল এধাৰি চকুলো
বগাই গৈছিল তললৈ বুকুৰে

নিশব্দ নৈৰ এবুকু জোৱাৰ লৈ
বেদনাই খুন্দিয়াইছিল বুকুত 

বিশাল চাপৰিৰ ঝাওবনৰ দৰেই
কুৱলীয়ে ঢাকিছিল আশাবোৰ

বিষাদৰ তান ভাহিছিল বতাহত
নি:সংগতাৰ জয়াল বাটটোৰে

খহিছিল শেষ বান্ধোনৰ ভেটা
সাক্ষী নিশাৰ মৌনতাৰ কোলাহল

উৱলিবলৈ আৰম্ভ কৰিছিল
বুকুত সাঁচি ৰখা হেঁপাহবোৰ

সাঁচি ৰখা হাঁহিৰ টুকুৰাবোৰ
সমাধিস্ত হৈছিল মৰহা ফুল হৈ