কোনেনো বুজিব কেতেকিৰ
বিৰহৰ বিননি
ঋতুয়ে ঋতুয়ে বিচাৰে লগৰি
হিয়াৰ বেদনা কঢ়িয়াই
বিছাৰি ফুৰে
বাট হেৰুৱা সখি
কপৌপাহিৰ কঁপনিত
বসন্ততই হাঁহে
ঢৌ খেলে মেঘালিৰ বুকুত
সেন্দুৰিয়া ওঠত জিলিকে
সপোনৰ হাঁহি
চকুত আশাভৰা চাৱনি
চিকমিকনি উঠে বিজুলীৰ
ঢোল পেঁপা গগনাৰ মাতত
নিজম গধূলি
এখোজি দুখোজিকৈ আগবাঢ়ে মন
উলাহত নভৰে বুকু
সপোনে আমনি কৰে গুপুতে আহি
মনত ভাহে হেপাঁহৰ ডিঙৰা
আশাৰ সপোনবোৰে
ৰিঙিয়াই অজানিতে
পদুলীমুখতে ৰৈ বাটলৈ চাই
বুকুত সাৱতি ৰখা কথা
নুফুটে ওঠত
কিনো মায়া সানে
বসন্তৰ বতাহে
আউলি বাউলি হয় মন
বতাহত উৰে হিয়া
ডেউকা কোবাই
গুছি যায় দুৰ দুৰণিলৈ