দিলাহি ফুলৰে পাহি











কাষ চাপি দিলা উপহাৰ ফুলৰে পাহি
মোহময়ী তোমাৰ হাঁহিত হেৰুৱালো মন

মায়াভৰা চকুযোৰিৰে ধেমালি কৰি
মোৰ বুকুত সানিলা ৰঙৰে বোল

খিলখিল হাঁহিৰে জুৰিটি বৈ গ'ল 
গছ বিৰিণাৰ মাজে মাজে সুৰ তুলি

ৰঙীণ পখীলাৰ জাক উৰি ফুৰে
জুৰিটিৰ পাৰে পাৰে বতাহত ঢৌ তুলি

আকাশে ডাৱৰক ললে বুকুত সাৱটি
সাত ৰঙৰ বিশাল ৰামধেনু সাজি

হৃদয়ত কঁপনি তুলি দিলা তুমি ফুলৰে পাহি
বুকুভেদি বৈ গ'ল অচিনাকি সুৰৰ ঢৌ এটি

হেৰোৱা মন বিচাৰি অন্তৰত খেলি মেলি ভাৱ
এই সেন্দূৰীয়া বাট সপোনৰে মায়াজাল নেকি

মোহময়ী হাঁহি মাৰি আহিলা তুমি কাষ চাপি
হিয়াত কঁপনি তুলি দিলাহি ফুলৰে পাহি

তুমি ৰচিলা সুৰৰ মায়াজাল তাল মিলাই 
সপোন বাটত তোমাকেই আজি যাচিলো প্ৰাণ