গছে পাতে বসন্তৰ বতৰা
ঢোলৰ মাতে আকাশে বতাহে
শব্দৰ নিৰৱতা ভাঙি
কঁপাই তুলে হৃদয়
সন্ধিয়াবোৰৰ নিসংগতা মচি
অভিমান অনুভূতিবোৰ উজাই আহি
বুৰাই পেলাই শূণ্যতা
বুকুৰ নিৰ্জনতা ভাঙি
অনুভুতিবোৰে আলফুলে
আবৰি ৰাখে প্ৰতি পল
উটি যায় মন
পাতৰ আঁৰে আঁৰে
আউলি-বাউলি হৈ
ধুমুহাৰ গতিত বনপাত সৰুৱাই
সানি দিয়ে মনত
উৎসৱৰ আনন্দ
নতুন প্ৰেৰণাৰ প্ৰতিশ্ৰুতিৰে
পুলকিত মনলৈ কঢ়িয়াই
বসন্তৰ বতৰা
ৰহস্যময় বিস্মৃতিত পৰি
সৰা পাতৰ কোলাহলে
মৌনতাৰ স্তব্ধতা ভাঙি
এটা চাঞ্চল্যৰ মৃদু স্পন্দন সৃষ্টি কৰি
ঢালি দিয়ে সন্ধিয়াৰ শেষ পোহৰত
জিলমিল সপোনৰ সুৰ
গছবোৰৰ আৰে আৰে
পশ্চিমৰ আকাশত কঁপনি উঠে
অদূৰৰ ছিগা-ভগা ডাৱৰত
মাৰ যোৱা সূৰুযে
সিঁচি দিয়ে ৰং দিগন্ত জুৰি
জনহীন প্ৰান্তৰত
আন্ধাৰৰ আঁচলত ধৰি
মনৰ কল্পনাবোৰ মিলি যায়
অন্তৰত আনন্দৰ ঢৌ তুলি
গোপন বাস্তৱৰ
খেলি খেলি ভাৱবোৰে
মন আগুৰি ধৰে
হাঁহি হাঁহি পাৰ ভাঙি
ৰহস্যময় বিস্মৃতিত পৰি
ৰং ঢলা আকাশৰ এনে মুহূৰ্ত্তবোৰত
জুই শিখা জ্বলি উঠে
মমতা বিগলিত হৃদয়ত
মিঠা মিঠা সুৰভি প্ৰেমৰ
ৰিব্ ৰিব্ বা লাগি
বতাহত ঢৌ তুলি
নাচিলে ৰূপহী ফুলৰে পাহি
কাৰেনো দৰদী চিনাকি সুৰৰে
বাঁহীটি বাজিলে বুকুত
শৰতৰে মলয়াৰ
বা লগা জুৰিটিৰ কাষে কাষে
হৃদয়ে তোমাকেই বিছাৰে বুকুত
মায়াময় ৰূপালী জোনাকত
ছাঁয়াঘন পাতৰ আৰে আৰে
লুকাভাকু খেলি খেলি
তৃষাতুৰ প্ৰানত মোৰ
ৰচিলা ঘন কুঁৱলীৰে সপোন
সুগভিৰ সুষমাৰে
মৌন কোলাহল কৰি
সিঁচি দিলা মনত
মিঠা মিঠা সুৰভি প্ৰেমৰ
অনুভৱ বিশ্বআত্মাৰ
সন্ধিয়াৰ আকাশত
তৰাৰ জিলমিল
মনে আকাশ ধিয়াই
অনুভৱ কৰো অসীমৰ ।
প্ৰকৃতিৰ সুবাস
বৈ যায় শ্বাসেৰে,
বিনন্দিয়া পৃথিৱী
জীৱন পৰিপূৰ্ণ
কিন্তু হেঁপাহ নপলাই ।
অন্তৰ পৰশে
সংবেদনশীল হৃদয়
অনুভৱ কৰো বিশ্বআত্মাৰ ।
নিঃসঙ্গতা আতৰি
জুৰি পৰে মন
মন্ত্ৰমুগ্ধ মৌ মিঠা
এটি কবিতাৰে ।
উদাত্ত কন্ঠৰ
সুৰব ব্যঞ্জনাই
মুখৰিত কৰে
এটা তোমাৰ শায়েৰী ।
চিৰসুন্দৰ শান্ত শীতল
আনন্দময় আনন্দ প্ৰবাহ
পূৰ্ণ পৰিতৃপ্তি
অৱগাহন আনন্দ সাগৰত ।জীৱন আনন্দ
এটি মাটিৰ গান
চিনাকি নাম সংস্কৃতি
হাঁহি কান্দোনৰ ছবি
লুইতৰ সন্তান আমি
গাওঁ গীত লুইতৰ
নৃত্য কৰু পথাৰত
জেতুকা আমাৰ বুকুৰ ৰং
পকা ধানৰ সোণলী ৰং
আমাৰ জীৱন আনন্দ ।
চিনাকি নাম সংস্কৃতি
হাঁহি কান্দোনৰ ছবি
লুইতৰ সন্তান আমি
গাওঁ গীত লুইতৰ
নৃত্য কৰু পথাৰত
জেতুকা আমাৰ বুকুৰ ৰং
পকা ধানৰ সোণলী ৰং
আমাৰ জীৱন আনন্দ ।
লুইতৰ বুকুত জিলমিলাই সপোন
সূৰুযে ছটিওৱা স্বৰ্গীয় স্নিগ্ধতাত
লুইতৰ বুকুত জিলমিলাই
ৰ’দালিৰ যাদুকৰী ৰূপ
এই ঐশ্বৰিক আৱেদনত
উন্মাদিত হৈ পৰে লুইতৰ পাৰ
সোণালী ৰং বুকুত সানি
অনাগত দিনৰ অনুভৱবোৰ ভাহে
লুইতৰ হেঙুলীয়া পানীত
নৈপৰীয়া বতাহত হাবিয়াহ জাগে
জীৱন পথত ভটিয়াও উজাই
নল খাগৰি বিৰিণাৰ আৰে আৰে
মন কঁপে ঘনে ঘনে
ৰিহাৰ আঁচলৰ ঢৌ যেন
আত্মবিভোৰ মনত খেলিমেলি হৈ পৰে
সোঁতে সোঁতে নাচি ফুৰা
জীৱনৰ মতলীয়া সুৰ
জোনাকত সপোন বুটলে
মোহাচ্ছন্ন জোনাকৰ ৰূপালী হাঁহিত
নিগৰে সময়বোৰ প্ৰত্যয়ৰ বাটেৰে
সোঁৱৰণিত সেউজ হৈ ৰয় পলবোৰ
ৰুদ্ধ হৈ পৰা বুকুৰ গুমগুমনি
আতৰি পলাই
আহ্লাদিত মাদকতাৰ পৰশত
শব্দহীন অভিমানৰ আৰত
আত্মাৰ অচিনাকি কঁপনি
নিৰলে জিৰায় বোকোচাত খেলি
সপোনবোৰে সংগোপনে আহি
আৱেগ অনুভূতিবোৰৰ
ওঁঠত হাঁহি বিয়পায়
হেৰাই যোৱা সুবাস
থমকি ৰৈ
উমাল অশ্রুকণা হৈ খহে
সিক্ত প্রহৰ মুখৰ হৈ ৰয়
অনুভৱবোৰে হিয়াত ঢালে
দুৰন্ত হেঁপাহ
সময়ৰ সিপাৰে
লাহে লাহে মাৰ যায়
বিশৃংখল ক্ষণবোৰ
বাট হেৰুৱা স্মৃতিয়ে
মনৰ দুৱাৰৰ সিপাৰে
বাৰে বাৰে ভূমুকি মাৰে
আশা থমকি ৰৈ
জোনাকত সপোন বুটলে
এপলক তৃপ্তিৰ হাঁহিীৰে
গোপনে বহাগে উজাই বুৰালে
ৰুণুক জুণুক সৰা পাতৰ
সুৰৰ মূৰ্চ্চনা শুনি
হৃদয়ে হাঁহিলে অনুভূতিক সাৱটি
গোপনে বহাগে উজাই বুৰালে
নেদেখা এনাজৰীৰে
বুকুত শিহৰণ তুলিলে
সেমেকা ডাৱৰে
হিয়াৰ উমেৰে
পাহাৰ শিখৰক সাৱটে
শাৰদী জোনাকে
বোৱালে নিজৰা
দিখৌৰে বুকুতে যাঁচিলে চুমা
মিঠা পৰশত ভাঙে পৰিধি
মুক্ত আকাশত
নিনাদিত হয় সপোন
সুৰ-সিক্ত কলিজাত
সৰি পৰে মৌনতা
দিখৌত উঠা খলকনি শুনি
মিলনৰে আশা বুকুত লৈ
মন উৰে কমোৱা হৈ
বান্ধোনৰ ভেটা ভাঙি
অসীমৰে সীমাই
ৰিঙিয়াই মাতিলে
আকুল হৃদয়ে পায় সঁহাৰি
হেঙুলীয়া বোল সানি
মন আকাশত ভাঙি আহে
মৰম বিচাৰি সুখৰ হাঁহিটি
উন্মুক্ত হৈ পৰা কিছু আশা
বুকুৰ আশাবোৰে নিৰ্জনতাত
অস্থিৰতাৰ কঁপনি তুলি
নিঃশব্দে মনত ভূমুকি মাৰে
অশান্ত মনত বসন্তৰ বা বোলাই
বুকুৰ ঢপ ঢপনিৰ সতে
আগবাঢ়ে প্রতিটো ক্ষণ
উন্মুক্ত হৈ পৰা কিছু আশাই
নিছিগা মায়াৰ জালত পৰি
নি:শব্দে বুকুত শিখাটি জ্বলাই
লুইতত আকৌ সাঁতোৰাৰ হেঁপাহত
কলিজাই বিচাৰি ফুৰে
গীতৰ ৰাগিণী
ছন্দত বন্দী মনে
কি ভাবি
লংঘন কৰিব খোজে নিয়ম
দূৰণিত বজা বাঁহীটিৰ
সুৰৰ লহৰত
মন ভাহে হেজাৰ শাখাত
বহাগৰ সাথৰভৰা মায়াত পৰি
উৰি যায় মন
লুইতৰ পাৰে পাৰে
কমোৱা তুলাৰ দৰে
বিয়াকুল মন উৰি ফুৰে
পাহাৰে ভৈয়ামে
বান্ধ খোলা মনত
ভাৱৰ উদুলি মুদুলিত
জিলিকে এটি আশাৰ হাঁহি
পাহৰণিৰ সিপাৰে
এন্ধাৰ নিশা মনৰ আশাবোৰ বন্ধ হ’ব খুজে প্রকাশ বিহীন হৈ
ৰৈ ৰৈ বুকু গুমৰি জাগি উঠি উচুপে
পাহৰণিৰ সিপাৰে নীৰৱ অতীত
হিয়াত জ্বলে ভাঙি যোৱা সপোনবোৰ
বহু আশা ৰাতিতে মৰহি যায়
লুইতৰ পাৰে পাৰে জোনাক ৰাতি
জাগি উঠা স্ম্মৃতিবোৰ হতাশাত ধল হৈ বাগৰে
পাহাৰে ভৈয়ামে ভাহি যোৱা ঢোল পেঁপা গগনাৰ মাতত
মন ৰিঙা ৰিঙা লাগে
মনৰ অপূৰ্ণ বাসনাবোৰ ৰূপালী জোনে পোহৰালে
সপোন সপোন যেন লাগে
সিঁচি যায় বুকুত বহাগৰ ৰং
ৰিনি ৰিনি শুনা
ঢোল পেপাঁৰ মাতত
বহাগৰ প্ৰাণোচ্ছল আৱেদন
বৈ থকা সেমেকা বতাহজাকেও
গুনগুনাই আৱৰি লয় মন প্ৰাণ
অনুভূতিবোৰে প্ৰকাশৰ বাট বিচাৰি
খেপিয়াই ফুৰে দুৱাৰডলি
সাঁচি থোৱা হেঁপাহবোৰ
নতুনকৈ জাগি উঠে
নিঃশব্দ প্ৰতিশ্ৰুতিত
সন্ধিয়াৰ আৰে আৰে
প্ৰতিধ্বনিত সুৰবোৰ
হিয়াৰে বাগৰে ধল হৈ
ক্ষণবোৰৰ মিঠা আৱেশত
কুলিৰ সুৱদী মাতত
বুকুত ওফন্দি উঠে উলাহৰ ঢৌ
চৌদিশে ভাহি থকা
ঝংকাৰিত আৱেশে
সিঁচি যায় বুকুত বহাগৰ ৰং
সন্ধিয়াৰ নিঃশব্দ আৱেদন
নিৰ্জনতাৰ আৰে আৰে
বতাহত ভাহিছে দৰদী মূৰ্চ্ছনা
সুৰত কঁপিছে সন্ধিয়া
অস্থিৰতাৰ কঁপনিত
উন্মুক্ত বতাহত চৌদিশে ভাহে
আনমনা সুৰ এটি
নিৰ্জনতাৰ চুকে কোণে
দিগন্তত খেলা কৰা শব্দবোৰে
বুকুত জোৱাৰ তুলে
প্ৰাণোচ্ছল ভাৱ এটি
টঙালী বান্ধি জাগি উঠে
নিঃশব্দ মিশ্রিত সুৰত
মনৰ দুৱাৰডলিত ভূমুকি মৰা
অনুভূতিবোৰ বগুৱাবাই ফুৰে
বুকুয়েদি গানৰ কলি হৈ
নিৰৱচিন্ন এই মিঠা আৱেদনৰ প্ৰবাহত
মন উটি ভাহি যায়
সন্ধিয়াৰ উৎসৱৰ মাদকতাত