বোৱতী সোঁতৰ বঢ়ালা গতি









হেঁপাহেৰে নাওঁখনি সোঁতত এৰি
মনৰ কথাটি মনতে ৰাখিলা

নাৱৰীয়া হৃদয়ত পাল তৰী 
বোৱতী সোঁতৰ বঢ়ালা গতি 

বহাগৰ বতাহে আজি আমনি কৰিছে
ঢৌতে জিলিকিছে তোমাৰে ছবি

সোঁতৰ চেৱে চেৱে চাকনৈয়া তুলি 
প্ৰেমৰে বেহুটি ৰচিলা বুকুত